ব'লা শ্বিলঙলৈ যাও (খণ্ড-1)

(....from Shillong dairy)

        ব'লা শ্বিলঙলৈ যাও
                            (খণ্ড-1)

  পৰীক্ষা শেষৰ অন্তত ক'ৰবালৈ ফুৰিব যোৱাৰ মন চবৰেই থাকে। মই,প্ৰেমা,ডেকা আৰু চুতীয়াই পৰীক্ষাৰ বহুদিন আগতে এই বিষযে আলোচনা কৰিছিলো । প্ৰথমে  ছিক্কিম যোৱাৰ পৰিকল্পনা কৰিছিলো যদিও পিছলৈ টকা পইচাৰ অলপ অসুবিধা হোৱাৰ বাবে প্ৰত্যেকে 2000 টকাৰ বাজেটেৰে শ্বিলঙ-ছেৰাপুণ্জী ঘূৰি অহাৰ সিদ্ধান্তটোকে গ্ৰহণ কৰা হল । পৰীক্ষা শেষৰ ঠিক পিছদিনাই যোৱাৰ সিদ্ধান্ত লোৱা হল। নিৰ্দিষ্ট সময়ত ফাইনেল পৰীক্ষা আৰম্ভ হ'ল। 20 মে'ৰ পৰা আৰম্ভ হোৱা পৰীক্ষা প্ৰায় ডেৰমাহ ধৰি চলি থাকিল আৰু অৱশেষত 24 জুনত অন্ত পৰিল । গতিকে আমি পিছদিনাখনেই যোৱাৰ কথা ভাবিলো । 25 তাৰিখে ৰাতিপুৱা সোনকালে উঠি গা-পা ধুই,কাপোৰ কানি বেগত ভৰাই শ্বিলঙ যাবৰ বাবে সাজু হৈছিলো ।ৰাতিপোৱা আঠমান বজাত আমি হোষ্টেলৰ (K.B.R)পৰা গাড়ীত উঠিবৰ বাবে আমাৰ কলেজ গেটৰ সন্মুখত গ'লো। খানাপাৰাৰ আমাৰ কলেজ গেটৰ সন্মুখতে শ্বিলঙ যাবৰ বাবে সৰু গাড়ীবোৰ ৰাখি থয় আৰু 'শ্বিলঙ-শ্বিলঙ' ধ্বনি এটা অনবৰতে শুনিব পোৱা যায়েই । আমি চাৰিওটাই ভাড়া দৰদাম কৰি অৱশেষত ছোমো এখনতে উঠিলোগৈ । গাড়ী শ্বিলঙ অভিমূখে ৰাওনা হ'ল। আমাৰ মন উৎকণ্ঠাৰে ভৰি পৰিল । গাড়ী 'Burnihat' গৈ পাওঁতেই লগৰ এটাই ঠাইখিনি চিনি পাই চিঞৰিব ললে,'অই....Burnihat, burnihat ।' এই Burnihat তে 'Goat Research Station 'টোলৈ এবাৰ আমাক LPM dept. ৰ ফালৰ পৰা লৈ আহিছিল । সেই কথাবোৰ আমাৰ মনত পৰি গৈছিল।

                          (আগলৈ...)

                  @ মনোজ

Comments