ব'লা শ্বিলঙলৈ যাও (খণ্ড-2)
(....from Shillong diary)
ব'লা শ্বিলঙলৈ যাও
(খণ্ড-2)
তেনেকৈয়ে বিভিন্ন কথা আলোচনা কৰি থাকোতেই আমি 'বৰাপানী' পালোগৈ । বৰাপানী পাওঁতেই মোৰ ক্লাছ ছেভেনত হিন্দী কিতাপত পোৱা 'চলো বৰাপানী চলে' নামৰ পাঠটোৰ কথা মনত পৰিছিল । তাত এজনী ছোৱালীয়ে বৰাপানীত পিকনিক খাবলৈ যোৱা কাহিনীটো বৰ্ণনা কৰিছিল । আমি গাড়ীৰ পৰাই বৰাপানীৰ সৌন্দৰ্য্য উপভোগ কৰিছিলো আৰু তাত মানুহৰ ভিৰ লক্ষ্য কৰিছিলো । চাৰিওফালৰ পাহাৰৰ মাজে মাজে থকা একাবেঁকা আৰু ওখ চাপৰ ৰাস্তাৰে আমাৰ গাড়ী আগবাঢ়িছিল। মিহি মিহি পাতৰ ওখ ওখ Coniferous Plant বোৰে পাহাৰবোৰৰ সৌন্দৰ্য্য দুগুণে বৃদ্ধি কৰিছিল । চাৰিওফালৰ পাহাৰৰ সৌন্দৰ্য্যৰ মাজত বিলীন হৈ থাকোঁতেই আমাৰ গাড়ী লাহে লাহে শ্বিলঙত সোমাইছিল । শ্বিলঙত সোমোৱাৰ পিছতেই গাড়ীখন এটা দীঘলীয়া ট্ৰেফিক জামত আবদ্ধ হবলগীয়া হৈছিল । শ্বিলঙলৈ অহা গোটেই গাড়ীবোৰৰ এটা দীঘলীয়া শাৰীৰ সৃষ্টি হৈছিল । তেনেকৈয়ে গাড়ী লাহে লাহে আগুৱাই গৈ থাকোঁতেই 'Mawlai-Mawiong 'নামৰ ঠাইখিনিত থকা শ্বিলঙৰ বৃহৎ 'Cattle abattoir'টো দেখা পাইছিলো ।
শ্বিলঙ সোমোৱাৰ পিছতে অলপ ঠাণ্ডা ঠাণ্ডা অনুভৱ হৈছিল । শ্বিলঙ ঘূৰিব অহাৰ উদ্দেশ্য হয়তো এয়াই আছিল যে প্ৰথমে তাৰ স্বৰ্গতূল্য প্ৰকৃতিৰ দৃশ্যৰ মাজত বিলীন হোৱা আৰু দ্বিতীয়তে এই জুন জুলাই মাহতো জাৰকালিৰ দৰে হোৱা ঠাণ্ডাক অনুভৱ কৰা।
'প্ৰেমা......হে হে... পাবি ৰহ মজাটো এতিয়া । হাফপেন্ট পিন্ধি আহিছিলি নহয়।' প্ৰচণ্ড গৰমৰ বাবে প্ৰেমাই আহোতে হাফপেন্ট এটাকে পিন্ধি আহিছিল । শ্বিলঙ সোমোৱাৰ পিছত ঠাণ্ডা অনুভৱ হোৱাত আমি তাক জোকাবলৈ আৰম্ভ কৰিছিলো।
(আগলৈ)
@ মনোজ

Comments
Post a Comment