ব'লা শ্বিলঙলৈ যাও (খণ্ড-3)

(....from Shillong diary)

     ব'লা শ্বিলঙলৈ যাও
                (খণ্ড-3)
 
     প্ৰায় এঘাৰমান বজাত আমি 'পুলিচ বজাৰ' পালোগৈ । গাড়ী তাতে ৰখালে । গাড়ীৰ পৰা নামিয়েই পোৱা তাৰ শীতল বতাহৰ পৰশত গা-মন শাত পৰি গৈছিল । গাড়ীৰ পৰা নামি অলপ সময় ইফাল-সিফাল কৰি থাকোতেই এজন মানুহ আহি আমাক মাত লগালে । তেওঁ তাৰেই স্থানীয় বাসিন্দা । তেওঁৰ নিজৰ গাড়ী আছে । তেওঁৰ লগত কথা পাতি গম পালো যে ছেৰাপুণ্জী লৈ যোৱা আৰু ঘূৰাই অনাৰ বাবত তেওঁ আমাৰ পৰা 2300 টকা ল'ব । আমি প্ৰথমতে ৰাতি থাকিবৰ বাবে শ্বিলঙতে এখন হোটেল ঠিক কৰাৰ সিদ্ধান্ত ল'লো। এই কথাটো মানুহজনক কোৱাত তেওঁৱেই আমাক এখন হোটেললৈ লৈ গ'ল । 1000 টকাতে ৰুম এটা ঠিক কৰা হ'ল। তেতিয়া বাৰমান বাজি গৈছিল । তেতিয়ালে আমাৰ বহুত ভোক লাগি গৈছিল । গতিকে প্ৰথমে কিবা খাই লোৱাৰ কথা ভাবিলো । আমি 'Pork' খাও নে নাখাও মানুহজনে সুধিলে । আমি চবেই খাও বুলি কোৱাত  তেওঁ নিজৰ চিনাকি ধাবা এখনলৈ আমাক লৈ গ'ল । তাতে আমি 'Pork' ৰ সৈতে ভালকৈ পেতপুৰাই খাই ল'লো। ভাতৰ লগত জলকীয়াৰ এবিধ বিশেষ আচাৰো দিছিল । খাই বৰ তৃপ্তি পাইছিলো। খাই বৈ উঠি আমি ছেৰাপুণ্জী যাবৰ বাবে সাজু হৈছিলো ।

         (আগলৈ)


 @ মনোজ

Comments