হাতীৰ কথা-এক
হাতীৰ কথা-এক
এজনী হাতীৰ চকুলো
বহু দিনৰ আগৰ কথা । আগতে গাৱৰ মহাজনে বিভিন্ন কঠিন কাম কাজত সুবিধা হ'বৰ বাবে ঘৰত হাতী ৰাখিছিল । নগাঁও জিলাৰে 'তুলসীমূখ' নামে ঠাইত 'সতৰাম' মহাজনৰ ঘৰ আছিল । কাম কাজৰ সুবিধাৰ বাবে এটা দঁতাল হাতী মহাজনে আগৰে পৰাই ৰাখিছিল। মহাজনে হাতীটোৰ নাম থৈছিল 'বাপধন' । বাপধনে মহাজনৰ হৈ বহু কামেই কৰিলে। 'মোহন' হ'ল বাপধনৰ মাউত। তাৰ ঘৰ মহাজনৰ ঘৰৰ পৰা প্ৰায় 20 কি.মি মান নিলগৰ এখন গাঁৱত । সি দহ বছৰমান ধৰি বাপধনৰ মাউত হিচাপে নিজৰ কৰ্তব্য পালন কৰি আহিছে । কামকাজৰ ভীৰ দিনকদিনে বাঢ়ি আহিব ধৰিছে । বাপধনে অকলেই সকলোবোৰ দিশ চম্ভালিব নোৱাৰা হৈছে । দহ বছৰ ধৰি অবিৰতভাৱে কৰি অহা কঠিন কাম কাজৰ বাবে সি বহু ক্ষেত্ৰত ঘূণীয়াও হৈছে। গতিকে বাকীবোৰ কাম চম্ভালিবৰ বাবে মহাজনে আৰু এটা হাতী ঘৰলৈ অনাৰ কথা ভাবিলে ।
আন এজনী মাখুন্দী হাতীৰ দ্বাৰা মাউত আৰু ফান্দীৰ তত্বাৱধানত এজনী মাখুন্দী বনৰ পৰা ধৰা হল । মহাজনে তাইৰ নাম থলে 'ৰাণী' । 'ৰাণী'ক পোহ মনাবৰ বাবে প্ৰশিক্ষণ দিয়া হৈছিল 'ডিপো' - অৰ্থাৎ হাতীক পোহ মনোৱা নিৰ্দিষ্ট ঠাইত । এই পোহ লোৱাৰ প্ৰশিক্ষণত মাখুন্দীজনীয়ে ৰাণীক ভৰি আৰু শুৰেৰে বাৰে বাৰে আঘাত কৰিছিল । ৰাণীয়ে অবশ্যে সোনকালেই পোহ ল'বলৈ শিকি পেলাইছিল । কিন্তু মহাজনে কয় যে হাতীক পোহ মনোৱাৰ দৰে ইমান নিষ্ঠুৰ আৰু কৰুণ ঘটনা তেওঁ জীৱনত আৰু দেখা নাই । পোহ মনোৱাৰ প্ৰশিক্ষণ শেষ হোৱাৰ পিছত 'ৰাণী'ৰ বাবে 'মধু' নামৰ মাউতজনক মাহিলী দৰমহাৰ বন্দোৱস্তিৰে নিয়োগ কৰা হল । মধু মোহনৰ গাঁৱৰে আছিল । সৰুতে স্কুলত দুষ্টামি কৰাৰ বাবে মাষ্টৰে শাস্তি দিয়াত ওলোটাই মাষ্টৰকে ধমকি দি স্কুল এৰি ঘৰলৈ গুচি আহিছিল । সৰুতেই দেউতাক ঢুকুৱা মধুক মাকে মহাজনৰ ঘৰতে লগুৱা হিচাপে ৰাখিছিল । এজন দক্ষ 'মাউত' হোৱাৰ সপোন মধুয়ে সৰুৰ পৰাই পোহি ৰাখিছিল । এতিয়া তাৰ সপোন পুৰ হবলৈ সক্ষম হৈছে । পিছলৈ মধু 'ফান্দি' পৰ্যন্ত হবলৈও সক্ষম হয় ।
সাধাৰণতে মধুয়ে 'ৰাণী'ক দিনৰ ভাগত খুলি ৰাখে যদিও ,নিশা ভৰিত শিকলি লগাই থয় । কলগছ ,কল বা সেউজীয়া ঘাঁহ খুৱাবলৈ মধুয়ে তাইক মাজে মাজে কাষে - পাজৰে লৈ যায় । সৰুৰ পৰাই মহাজনৰ ঘৰত কাম কৰি অহা মধুয়ে কামৰ মাজতে 'বাহী' বজাবও শিকিছিল । বাহীৰ সুৰেৰে সুন্দৰকৈ 'লোকগীত','বিহুগীত' আদি ফুটাই তুলিব পাৰে মধুয়ে । মধুয়ে তাৰ বাঁহীটো বজালে ৰাণী অধিক শান্ত হৈ পৰে ।
শীতকালত নবেম্বৰ মাহৰ পৰা মাৰ্চ মাহলৈকে ৰাণীক মধুৰ সৈতে বনবিভাগৰ কাঠ কঢিওৱাৰ কামৰ বাবে পঠিওৱা হয় । এই কামৰ উপৰিও গছ উভলা আৰু ডাঙৰ ডাঙৰ কুণ্ডা কঢিওৱাৰ কামটো তাই দক্ষ বাবে সেই কামটো তাইক নিয়োগ কৰা হয় । এইদৰে ৰাণী আৰু মধুয়ে বছৰটোৰ পাচ-ছমাহ কাল হাবিত থাকে । ইয়াৰ বাবে মহাজনে যথেষ্ট পৰিমাণে টকা পায় ।
কেতিয়াবা আকৌ বিয়াৰ বাবে দৰাক পিঠিত তুলি নিবলৈ ৰাণীক বিচাৰি সতৰাম মহাজনৰ কাষলৈ মানুহ আহে । ৰাণীৰ পিঠিত দৰা বহে আৰু আন আত্মীয় তথা বন্ধু - বান্ধৱে সমদল কৰি কইনাৰ ঘৰলৈ যায় । অৱশ্যে ভাগিন- ভতিজাৰ দৰে সৰু সৰু কোনোৱে দৰাৰ লগতে বহিবলৈ পায় । দৰাৰ ঘৰৰ মানুহে ৰাণীক গামোচা এখন দিয়াৰ উপৰিও মালিকক সৰু সুৰা উপহাৰ যেনে বিছনা -চাদৰ বা সামান্য টকা মাননি হিচাপে আগবঢ়ায় , যিটো মাউতে মানে মধুয়ে লাভ কৰে ।
এনেকৈয়ে বহুত কাম ৰাণী নহলে নহয়েই । ৰাণীয়ে এই সকলোবোৰ কাম ভালকৈ সমাধা কৰে আৰু সেইহেতুকে ৰাণী মহাজনৰ অতিকৈ মৰমৰ । এনেকৈয়ে বহুদিন পাৰ হৈ গল । ইপিনে দঁতাল 'বাপধন'ক মোহনে ৰাখিব নোৱাৰা হৈছে । মোহন যেতিয়া ই তাৰ ওচৰলৈ যায় সি মোহনক ৰঙা চকু দেখুৱাব লয় । বছৰত সি দুবাৰমান তেনেকুৱা আচৰণ দেখুৱাই । দেখা যায় বাপধনৰ চকুৰ ওচৰৰ সৰু ফুটাইদি নিঃসৰণ হয় এবিধ জুলীয়া পদাৰ্থ । এয়া আচলতে টেষ্ট'ষ্টেৰণ নামৰ এবিধ হ'ৰমণ । হাতী যেতিয়া উত্তেজিত হয় এনেবোৰ জুলীয়া পদাৰ্থ চকুৰ ওচৰৰ সৰু ফুটাইদি নিঃসৰণ হয়। এই সম্পৰ্কে মোহনে বনবিষয়াৰ পৰা জানিব পাৰিছিল । বাপধন দিনকদিনে বেছি উত্তেজিত হৈ আহিব ধৰিলে । তাৰ উত্তেজনা নাইকিয়া কৰাৰ এটায়েই উপায় আছে , ৰাণীক কেইদিনমান তাৰ লগত ৰাখিব লাগিব । মধুয়ে ৰাণীক বাপধনৰ ওচৰলৈ লৈ আনিলে । বাপধনে ৰাণীৰ লগত বহুসময় যুদ্ধ কৰি কৰি ৰাণীৰ লগত সংগম ঘটালে ।
তাৰ পিছত হে বাপধনৰ উত্তেজনা বহুখিনি হ্ৰাস পালে ।
কেইদিনমানৰ পিছত ৰাণীয়ে গৰ্ভধাৰণ কৰা কথাটো মধুয়ে গম পালে । এই কথাটো মধুয়ে মহাজনকো জনালে । মধুয়ে বনবিষয়াৰ লগত কাম কৰোঁতে জানিব পাৰিছিল যে এজনী মাখুন্দীৰ গৰ্ভধাৰণৰ সময়সীমা 18-20 মান হয় আৰু এই সময়চোৱাত তাইক কঠিন কামৰ পৰা বিৰত ৰাখিব লাগে আৰু অতিৰিক্ত খাদ্য বস্তুৰ যোগান ধৰিব লাগে । মধুয়ে ৰাণীক ভালকৈয়ে চোৱাচিতা কৰিলে ।
প্ৰায় ওঠৰ মাহমানৰ পিছত আঘোণ মহীয়া দোকমোকালি এটাত ৰাণীৰ চিঞৰ মহাজনে শুনিব পালে । মহাজনে তৎক্ষণাতে বিচনাৰ পৰা উঠি আহি দেখে ৰাণীয়ে চেউৰী পোৱালি(চাৰাল) এটা জন্ম দিছে ।মহাজনে মধুলৈও এই খবৰ পঠালে আৰু তাক তৎক্ষণাত ঘৰৰ পৰা আহিব কলে । মধুয়ে খবৰ পাই লৰি আহিল । আহি দেখিলে , ৰাণীয়ে পোৱালি জনীক শুৰদালেৰে ঠেলি আছে । নিশ্চয় তাইক থিয় কৰাবলৈ যত্ন কৰিছে । বহুসময়ৰ পাছতহে পোৱালি জনী থিয় হবলৈ সক্ষম হল । পোৱালিজনীয়ে তাইৰ সৰু শুৰদালেৰে মাকৰ শুৰদালক সাবতি ধৰিছে । অতি মনোৰম দৃশ্য ।
কেইদিনমানৰ পিছত মধুয়ে পোৱালিৰ সৈতে ৰাণীক মুকলি পথাৰলৈ লৈ গ'ল । ৰাণীক বিভিন্ন খোৱা বস্তুৰ যোগান ধৰিলে মধুয়ে । মাক জীয়েকৰ মাজৰ মৰমবোৰো প্ৰত্যক্ষ কৰিলে মধুয়ে । মধুয়ে দেখা পালে ৰাণীয়ে ওচৰৰ জুৰিটোৰ পৰা শুৰেৰে পানী আনি আনি পোৱালি জনীক গা ধুৱাইছে ।
তেনেকৈ বহুদিন পাৰ হৈ গল । পোৱালিজনীও লাহে লাহে ডাঙৰ হবলৈ লৈছে । কিন্তু এই মাক জীয়েকৰ মৰম আৰু বেছি দিনলৈ বৰ্তি নাথাকিল । এদিন ৰাতি হঠাতে পোৱালি জনীৰ পেটটো ফুলিবলৈ ধৰিলে । কোনেও এই কথা গমকে নাপালে। পিছদিনাখন মহাজনে দেখে যে পোৱালিজনী মৰি আছে । মাকে শুৰেৰে বাৰে বাৰে ঠেলি আছে পোৱালি জনীক । কিন্তু তাই আৰু নুঠিল । মধু আহি এই দৃশ্য দেখা পায় মনত বহুত আঘাত পালে । খবৰটো গোটেই গাৱতে বিয়পি পৰিল । এটা ডাঙৰ গাত খান্দি পোৱালি জনীক সমাধিস্থ কৰা হল । মাকক বলাব পৰা নাই মধুয়ে । তাইৰ দুচকুত চকুলোৰে ভৰি পৰিছে ।
মধুয়ে বহু চেষ্টা কৰিও সেই ঠাইৰ পৰা ৰাণীক ঘৰলৈ ওভোতাই আনিব নোৱাৰিলে । ৰাণীয়ে আৰু কাৰোৰে কথা নুশুনে । উপায়হীন হৈ সেই ঠাইতে থকা গছ এজোপাত মধুয়ে তাইক বান্ধি থৈ ঘৰলৈ গুচি আহিল ।
পিছদিনাখন মধু গৈ দেখে ৰাণী সেই ঠাইত নাই। শিকলিডালো ছিঙি আছে। মধুয়ে মহাজনক এই খবৰ পঠালে । মহাজনে লগুৱা লিকচৌ লৈ মধুৰ সৈতে ৰাণীক বিচাৰি উলাল। কিন্তু বিচাৰি পাবলৈ সক্ষম নহল ।
কেইদিনমানৰ পিছত মধুয়ে নিলগৰ গাওঁ এখনৰ মানুহ এজনৰ পৰা গম পালে যে দুদিনমান আগতে এজনী মাখুন্দীয়ে নিলগৰ দুখন গাঁৱত তাণ্ডব চলাইছিল । মানুহৰ ঘৰ দুৱাৰ ভাঙি আতঙ্কৰ স্সৃষ্টি কৰিছিল । হাতী জনী বলিয়া হৈছিল । হাতীজনীক মাৰিবৰ বাবে চৰকাৰৰ পৰা আদেশ আহিল আৰু যোৱাকালিয়েই তাইক বনবিভাগৰ লোকে হত্যা কৰিলে। কথাখিনি গম পাই মধুয়ে হুকহুকাই কান্দিবলৈ ধৰিলে । মধুয়ে কথাখিনি মহাজনক কলেগৈ । মহাজন শিল পৰা কপৌৰ দৰে হল। মধুয়ে হুকহুকাই কান্দি মহাজনক কলে,'দেউতা , এয়াই আছিল নেকি ৰাণীৰ শ্ৰমৰ প্ৰতিদান'।
@ মনোজ

Comments
Post a Comment