মৰহা তগৰ পাহ

ফুলপাহ যদিও মৰহি গৈছে
  মই এতিয়াও ল'ব এৰা নাই
  তাৰ সুবাস ।
মই ফুলপাহ চিঙিছিলো
  এই ৰঙালীৰ প্ৰাকক্ষণতে
কিবা ৰঙৰ সান্নিধ্য পোৱাৰ আশাত ।
   ফুলপাহৰ প্ৰতিটো সুবাসেই
নতুন আশাৰ সঞ্চাৰ ঘটাব বিচাৰে
কিন্তু,
এই আশাবোৰৰ জানো
   প্ৰতিফলন হ'ব ?
হ'বনে পূৰণ আশাবোৰৰ ?
   নাজানো ...
মৰহাৰ লগে লগে যেনেকৈ
   ফুলপাহে তাৰ ৰং হেৰুৱাইছে
তেনেকৈয়ে হেৰাই যাব নেকি
   মোৰ ৰঙালীৰ ৰংবোৰ?
মই মুঠেই ধৰিবপৰা নাই ।
কিন্তু .....
মই কেতিয়াও নিবিচাৰো
এইবাৰ ৰঙালী মোৰ ধূসৰ
   হওক,
মই বিচাৰো ,
   মোৰ প্ৰতিটো ক্ষণেই ৰঙীন
   হওঁক ।
কিন্তু ....
   ই সম্ভৱ জানো?
যেনেকৈ,
   মই ভূল কৰিলো
 নিৰবধিভাৱে সুবাস বিলোৱা
   তগৰ পাহ চিঙি
সি জানো এতিয়া পাৰিব
   তাৰ সুবাস বিলাব
     অনিৰ্দিষ্টকাললৈ ....।
নোৱাৰে ....
এই মৰহা তগৰ পাহিৰ দৰেই
    নাইকিয়া হৈ যাব
মোৰ সুবাস, মোৰ ৰংবোৰ ।।


         @ মনোজ

Comments