অনুভব
অনুভৱ- এক
ব'লা নয়ন আমি সেই দোকানখনৰ পৰাই আমলেট কিনি ল'ম । তেতিয়া দিনৰ 12.30 মান বাজিছে । মাৰ্চ মাহৰ বুধবাৰ এটা । অনিল ছাৰৰ Anatomy practical ক্লাছ কৰি হোষ্টেললৈ আহি থাকোতে লগত অহা নয়নে ক'লে,'মনোজ, হোস্টেলত ভাতৰ লগত খাবৰ বাবে কিবা লৈ লও ব'লা'। নিৰামিষ আমি ভাল নাপাও । ময়ো তাকেই ভাবিলো কাৰণ এইবাৰ মেছটো ছব্জিবোৰ ঠিক দিয়া নাই ।গতিকে লৈয়ে লও কিবা । অন্তত: ভাতকেইটা ভালকৈ পেটলৈ নিব পাৰিম। মই তাক সুধিলো, 'কি কিনি নিবানো?' সি কলে, 'সেই দোকানখনৰ পৰাই আমলেট কিনি লৈ যাও ।' দুয়োটা APSC বিল্ডিঙৰ সন্মুখত থকা দোকান এখনলৈ গলো । ফুটপাথতে থকা এই দোকানখনৰ গৰাকী হ'ল আমাৰ আইতাৰ বয়সৰে এগৰাকী মহিলা। মই আগতেও এই দোকানখনত বহুবাৰ আহিছো । যেতিয়াই সেই মানুহজনীক দেখো আইতাৰ মুখখন মোৰ চকুৰ আগত ভাঁহি আহে । এই বয়সতো তেওঁ ৰ'দ বতাহ নেওচি কাম কৰিব লগা হোৱাৰ আৰত কি হব পাৰে মোৰ জানিবলৈ মন গৈছিল । সহায় কৰি দিবৰ বাবে অৱশ্যে দোকানখনত লৰা এটা নথকা নহয়। কিন্তু এদিন দেখা এটা দৃশ্যই মনত দুখ দিছিল । লৰাটোৱে সেই মানুহজনীৰ লগত কাজিয়া কৰি আছিল । কাজিয়াৰ কাৰণটো জানিব পাৰিলো যে সি মানুহজনীৰ পৰা টকা লৈ গৈ মদ খাই উৰুৱাইছে । য'ত নেকি দহ টকা এটাৰ বাবে মানুহজনীয়ে ইমান কষ্ট কৰি আছে আৰু সি এই টকা মদ খাই উৰুৱাইছে । লৰাটোৰ এই কাণ্ড সহ্য কৰিব নোৱাৰি মানুহজনীয়ে তাক গালি পৰাত সি মানুহজনীক দিঙিত চেপা মাৰি ধৰিছে । বহুত দুখকৰ দৃশ্যটো। মানুহজনীৰ সেমেকি উঠা চকুহাল এতিয়াও মোৰ চকুৰ আগত ভাহি উঠে ।
এই কথাবোৰকে ভাবি থাকোতেই দোকানখন আহি পালোহি । মানুহজনীক আমলেট দুটা বনাব কলো। তেওঁ তৎক্ষণাতে বনাই দিলে।
হোষ্টেললৈ গৈ থাকোঁতে নয়নক সেই মানুহজনীৰ কথা কলো। সি মানুহজনীৰ স্বাভিমান দেখিহে ভাল পাইছে। কথাটো সত্য । তেওঁ এই বয়সতো এনেকৈ কাম কৰি থকাৰ পৰা কৰ্মৰ প্ৰতি থকা তেওঁৰ আগ্ৰহ হে প্ৰকাশ পাইছে । কৰ্মই ধৰ্ম । কাম কৰাৰ হাবিয়াসক কোনো লাজ অপমানে বাধা দি ৰাখিব নোৱাৰে ।
কিন্তু এমাহ মানেই হ'ল সেই ঠাইত দোকানখন আৰু দেখা পোৱা নাই । ক'ত বা গ'ল। আকৌ দেখা পামনে কেতিয়াবা সেই মানুহজনীৰ কৰ্মপটুতা .........
......মনোজ

Comments
Post a Comment