আইতাৰ সাধু
আইতাৰ সাধু ......
ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ 'বুঢ়ী আইৰ সাধু 'কিতাপখন আমি প্ৰায় সকলোৱে পঢ়িছোয়েই নিশ্চয়। কিতাপখন পঢ়িয়েই নাইবা ককা আইতাৰ মুখেৰেই হওক আমি ভালেমান সাধুৰ বিষয়ে জ্ঞাত । সাধু শুনি বেয়া পোৱা লৰা ছোৱালী নোলাবই ছাগে । মোৰ লৰালিও তেনে অগনণ সাধু কাহিনীৰে ভৰা। এই খিনিতে এটা কথা কৈই থও যে,ককা আইতাতকৈও বেছি শুনি ৰস পোৱা কাহিনীৰ আমেজ দিছিল মোৰ খুড়াই । সেয়া আছিল 'খাপলাঙকাইৰ কাহিনী '। আজৰি সময়ত যেতিয়াই খুৰাক পাইছিলো তেতিয়াই সাধু ক' সাধু ক' বুলি আমনি দিছিলো । আমি বোলো, 'ক' না '।খুৰাই বোলে, 'খ-না ...গ-না...'।নোকোৱালৈকে শান্তি নিদিছিলো। উপায়হীন হৈ খুৰাইও মনে সজা নানা কাহিনী কৈছিল । হাঁহিৰ খোৰাক যোগাইছিল । অহ মই ক'ৰ পালোগৈ । আইতাৰ সাধুহে ক'ম বুলি কৈছিলো । খুৰাৰ সাধুৰ বাবেটো বেলেগ এটা অধ্যায় লিখিব লাগিব ।
সন্ধিয়া হব পাইহে আইতাক বিচাৰি হাহাকাৰ । উদ্দেশ্য এটাই, সাধু শুনা। আইতাৰ সাধুবোৰ একো একোটা সচা কাহিনীৰ ওপৰত আধাৰিত । আমাৰ বাবে সাধুয়ে আৰু । তাৰে মনত থকা এটা সৰু কাহিনী উল্লেখ কৰা হ'ল...
আইতাই কৈছিল, ' মোৰ আইৰ লৰালিৰেই কাহিনী । আয়ে কৈ গৈছিল এবাৰ হেনো মাছৰ এটা ডাঙৰ উজান আহিছিল । গাঁৱৰ প্ৰায়বোৰ মানুহেই হিলদল ভাঙি মাছ মাৰিব ওলাই গৈছিল । তাকে দেখি মোৰ আইয়েও সৰু জকাই এখনকে লৈ মাছ ধৰো বুলি ওলাই গ'ল। ইমান সৰু জকাই খন লৈ মাছ ধৰিব অহা দেখি মানুহবোৰে হাঁহিব ধৰিলে । আইয়ে কাৰো কথালৈ কান নিদি মনে মনে জকাই খন পানীত চুচৰাবলৈ ললে। অলপ দূৰ চুচৰাই জকাইখন দাঙিছিলহে ,এটা ডাঙৰ ঢেকেৰা দেখোন জকাই খনত সোমাই পৰিছে । ঢেকেৰাটো ইমানেই ডাঙৰ আছিল যে আইয়ে জকাই খনৰ সৈতে মাছটো পাৰলৈ উঠাই আনিব পৰা নাছিল । তেনেকৈ হেপো তেপো খন কৰি থকা দেখি ওচৰতে মাছ মাৰি থকা দেদাই এজন দৌৰি আহি আইৰ সৈতে মাছটো পাৰলৈ উঠাই আনিবলৈ সক্ষম হ'ল। ইমান ডাঙৰ মাছটো দেখি ৰাইজ আচৰিত ।পিছত জোখোতে মাছটো প্ৰায় 20 কে.জি মানেই ওলাইছিল । দেদাইজনৰ হাততেই আইয়ে মাছটো ঘৰলৈ দি পঠিয়াইছিল । মাছটোৰ ফিছাখন দেদাইৰ আঠুত লাগি গৈছিল । সচাকৈ এটা ডাঙৰ মাছ আছিল । '
শেষত আইতাই মোক এয়াকে বুজনি দিছিল যে সৰু বা দূৰ্বল বুলি কাকো হাহিঁব নালাগে, কিজানি সেই দূৰ্বল বুলি ভবা জনেই কেতিয়াবা অসম্ভৱ সম্ভাৱ কৰি তুলিব পাৰে ।
.........মনোজ

Comments
Post a Comment