অনুভৱ-দুই

অনুভৱ-দুই



       BVSc ফাৰ্ষ্ট ইয়েৰৰ ফাইনেল পৰীক্ষা শেষ কৰি ঘৰমুৱা হলো । ঘৰলৈ অহাৰ আগত দুজনমান বন্ধুৰ লগত শ্বিলঙ-ছেৰাপুণ্জীৰ পৰাও ফূৰি আহিলোগৈ । পৰীক্ষাৰ বাবে হোৱা সকলোবোৰ টেনশ্যন পলকতে নাইকিয়া কৰি শ্বিলঙৰ পৰা ঘূৰি আহি অৱশেষত 26 জুনত ঘৰ পালোহি । কিন্তু ঘৰলৈ আহি মন বঢাব নোৱাৰা হলো । ভীষণ বিৰক্তিয়ে যেন লগ ধৰা দিব ল'লে । চাওঁতে চাওঁতে দেখোন জুলাই মাহৰো 15 টা দিনেই পাৰ হৈ গল । আৰু কেইদিনমানৰ পিছতেই চোন আকৌ অধ্যয়নৰ ক্ষেত্ৰখনলৈ ঘূৰি যাব লাগিব ।

       এনেকুৱাই নানা ধৰণৰ কথাই মনটো দোলা দি আছিল । তেনেতে চাৰ্জিঙত লগাই থোৱা মোৰ ফোনটো বাজি উঠিল । দেখিলো 'কৰনে' ফোন কৰিছে । 'হেল্ল', কৰন ক' ',ফোনটো ৰিচিভ কৰি মই কলো। 'অ', মই অভিষেকেহে কৈইছো , কৰন আমাৰ ঘৰলৈ আহিছে । ',সিফালৰ পৰা উত্তৰ আহিল । 'হই নেকি, বঢিয়া', মই ক'লো । অভিষেকে ক'লে ,' মনোজ শুনাছোন, আমি ভাবিছো মানে কাইলৈ এবাৰ তোমালোকৰ গাৱৰ পৰা আহোগৈ । কৰনেও ভাল পাব। ' 'আহা আকৌ, মইও ভালহে পাম ।অলপ ঘূৰিম গাৱতে ,'মই কলো। নগাঁও  টাওনৰ পৰা প্ৰায় পচিশ কি.মি নিলগত অৱস্হিত মোৰ গাওঁ । তেজপুৰৰ পৰা কৰন নগাঁওলৈ ফূৰিব আহিছে । ভাল লাগিল মনটো। প্ৰায় পোন্ধৰ দিন  ধৰি ভূগি থকা বিৰক্তি নামৰ বেমাৰটোৰ  পৰা অন্তত: হাত সাৰিব পাৰিম কিছু মূহুৰ্তৰ বাবে এই দুই বন্ধুক লগ পাই । মই  অভিষেকক ঘৰৰ ঠিকনাটো ভালকৈ বুজাই দিলো ।
        পিছদিনাখন দুয়োটা আৰু এক বন্ধুৰ সৈতে আমাৰ ঘৰ ওলালহি । সিহঁতক দেখা পাই মোৰ ভাল লাগিল । চাহ খাই আমি সকলো অভিষেকে চলাই অহা Car খনতে উঠি গাৱৰ ফালে ওলাই গ'লো। এই সময়খিনিত বানাক্ৰান্ত গাঁৱৰ ছবিখনহে দেখা পোৱা যাব । 'বান' যি আমাৰ অসমৰ এক বাৰ্ষিক উৎসৱৰ নিচিনাই । এই সময়খিনিত অসমৰ প্ৰায়বোৰ জিলাই বিধ্বংসী বানৰ কবলত আক্ৰান্ত হৈ পৰে ।আমাৰ গাঁৱৰ পথাৰবোৰো ইতিমধ্যে পানীৰে ভৰি পৰিছে । ঘৰত অবশ্যে সোমোৱা নাই এতিয়ালৈকে । মই সিহঁতক '04 আৰু '06 চনত বানে আমাৰ গাঁৱত দেখোৱা সংহাৰী ৰূপৰ কথাও ক'লো। 'পিট ....পি....ট' । অভিষেকে গাড়ীৰ হৰ্ণ বজাই হে বজাই ৰাস্তাতে ৰৈ থকা গৰু ছাগলীবোৰ আতৰিয়েই নাযায় । পথাৰবোৰ পানীৰে উপচি পৰাত গৰু ছাগলীবোৰৰ খাদ্যৰ আৰু ৰখাৰ ঠাইৰ নাটনি ঘটিছে । উপায়হীন হৈ ৰাস্তাতে ৰাখিবলগীয়া হৈছে । চাৰিওফালে পানীৰে আগুৰি থকা গাঁৱৰ আলিবাটেৰে গৈ আমি 'নৈপাম'ৰ দলঙখন পালোগৈ । তাতে থকা নদীখনৰ চিনেই নাইকিয়া হৈ গল । গোটেইবোৰ পানীৰে ভৰি পৰিছে । তাতে গাডীৰ পৰা নামি নদীৰ কাষেৰে থকা পথেৰে খোজ ল'লো । নানা কথা বতৰাৰ মাজেৰে সময়খিনি অতিবাহিত কৰিলো । সিহতৰ লগত অহা বন্ধু 'নৰবিদে' লৈ অনা কেমেৰাই গাৱৰ বহু দৃশ্য আবদ্ধ কৰিলে । বহুসময় ঘূৰা -চকা কৰাৰ পিছত আমি সকলো ঘৰমূৱা হ'লো ......
   

       @ মনোজ

Comments