ব'লা শ্বিলঙলৈ যাও (শেষ খণ্ড )

(....from Shillong diary )
 

  ব'লা শ্বিলঙলৈ যাও
 ........খণ্ড-4.......


     যেতিয়াই মানুহজনে ছেৰাপুণ্জী যোৱা আৰু অহাৰ বাবত 2300 টকা লাগিব বুলি কৈছিল তেতিয়াই আমি অলপ চিন্তিত হৈছিলো শ্বিলঙত ঘূৰা হবনে নহয় সেই কথাটো ভাবি । কাৰণ শ্বিলঙৰ  স্পটবোৰ দেখুওৱাৰ বাবেও 1300 টকা লাগিব বুলি কৈছিল । শ্বিলঙত ঘূৰাৰ কথা নাভাবি ছেৰাপুণ্জী ঘূৰি অহাৰ কথাকে ভবা হল । আমি মানুহজনক ছেৰাপুণ্জীলৈকে লৈ যোৱাৰ কথা কলো । আমি গাড়ীত বহি ললো । তেওঁ ইঞ্জিন স্টাৰ্ট দিলে আৰু কলে যে ছেৰাপুণ্জী লৈ যোৱা ৰাস্তাতে শ্বিলঙৰ দুটা চাবলগীয়া স্পট আছে । অলপ দূৰ গৈ ৰাস্তাৰ কাষতে থকা বৃহৎ 'Airforce museum' টোত তেওঁ গাড়ী ৰখালে । গাড়ীৰ পৰা নামি আমি ভিতৰলৈ সোমাই গলো । সোমোৱাৰ আগতে গেটত ID এখন বিচাৰিলে । প্ৰেমাই তাৰ 'আধাৰ কাৰ্ড' খন দিলে । কাৰ্ডত তাৰ নামটো 'প্ৰেমানন্দ' দেখি আৰ্মিজনে হাহি ক'লে,'ওৱাহ, ক্যা নাম হ্যে ।' ভিতৰত সোমায়েই আমি ফটো তোলাত  লাগিলো । তাত ৰাখি থোৱা 'Airforce Jet' বোৰ চালো । কেম্পাছটো বহুত ডাঙৰ, গতিকে গোটেইখন ঘূৰা সম্ভৱ নহয় । তাতে আকৌ দিনটোৰ ভিতৰতে ছেৰাপুণ্জীৰ পৰাও ঘূৰি আহিবগৈ লাগিব । পোন্ধৰ মিনিটমান ঘূৰি আমি আকৌ গাড়ীত বহিছিলোহি ।
    তাৰ পৰা গাড়ী অলপমান দূৰ গৈয়েই এটা সৰু ৰাস্তাইদি সোমাই গল । তাৰ পিছতহে গম পালো যে তাতে 'Elephant falls' আছে । বহুত মানুহৰ সমাগম ঘটিছে এই ঠাইলৈ । আমি 'Waterfall'বোৰ চাবৰ বাবে তললৈ নামি গলো । ইয়াতে তিনিটা 'Waterfall' আছে । কিন্তু এই কথা আমি বহুত পলমকৈহে গম পালো । প্ৰথম 'Waterfall' টো চায়েই বহুসময় কটালো । তাৰ পিছত এখন চাইনবৰ্ডলৈ লক্ষ্য কৰাত হে জানিব পাৰিলো । আৰু ততাতৈয়াকৈ আমি তললৈ নামি গৈছিলো বাকী দুটা 'Waterfall' চাবৰ বাবে । প্ৰথমটো 'Waterfall' বহল আৰু বহুঘন গছ-গছনিৰ মাজৰে বৈ গৈছে । দ্বিতীয়টো আছিল বহু সৰু । তাৰ পৰা অলপ তললৈ আছিল তৃতীয়টো 'Waterfall' । এইটো আছিল ওখ আৰু ভালকৈ দেখা পোৱা যায় । পানীবোৰ বহুত পৰিস্কাৰ আৰু চেঁচা । এই 'fall' টোৱে বেছি আকৰ্ষিত কৰিছিল । তাতে বহু পৰ্যটকে তাৰ থলুৱা সাজপাৰৰ বিপণীৰ পৰা সাজপাৰ পৰিধান কৰি ফ'ট' উঠি আনন্দ উপভোগ কৰিছিল ।
       পুণৰ আমি ছেৰাপুণ্জী অভিমূখে ৰাওনা হ'লো । ৰাস্তাৰ কাষৰ বহুকেইটা 'View point' ত গাডী ৰখাই গ'ল । তাৰে ভিতৰত আছিল 'Latara view point','Tingam masi view point ' । ধোঁৱাৰ দৰে বগা হৈ থকা ডাঠ কুৱঁলীৰ বাবে পাহাৰবোৰ আৰু তাৰ মাজেৰে বৈ অহা 'Waterfall'বোৰ ভালকৈ দেখা পোৱাই নগৈছিল । তাৰ মানুহবোৰৰ প্ৰকৃতিৰ প্ৰতি থকা সজাগতা দেখি ভাল লাগিছিল । আমাৰ আগে আগে গৈ থকা বাছ এখনৰ ভিতৰৰ পৰা কোনোবাই চিপছৰ পেকেট এটা বাহিৰলৈ দলিয়াই দিয়া দেখা গল । এনে কৰা দেখি আমাৰ চবৰে বেয়া লাগিল । আমাৰ গাড়ীৰ ড্ৰাইভাৰ জনে বাছখন ৰখাই মানুহখিনিক এনে কাম নকৰিবৰ বাবে ভালকৈ সতৰ্ক কৰি দিছিল ।
            ********
     
    ........খণ্ড-5.........


       তাৰ পিছত আমি পাহাৰৰ চূড়াত থকা 'ৰাধাকৃষ্ণ মিছন'ৰ 'আশ্ৰমৰ' চৌহদ পালোগৈ । তাতে এটা অফিচ ৰূম, exhibition cum sale section,এটা লাইব্ৰেৰী আৰু এখন স্কুলো আছে । এই Sale section টোতে স্বামী বিবেকানন্দৰ ওপৰত ৰচিত বিবিধ গ্ৰন্থৰ বিপণী আছে ।
       তাৰ পিছত অতিকৈ আকৰ্ষিত 'Seven Sisters falls' চাবলৈ গলো । এই 'Waterfall'টোৰ জৰিয়তে উত্তৰ-পূৱৰ সাতোখন ৰাজ্যকে নিৰ্দেশ কৰিব বিচৰা হৈছে । সাতটা ভাগত বিভক্ত এই 'Waterfall' টো ডাঠ কুৱঁলীৰ বাবে বহুসময়ত ভালকৈ দেখা পোৱা নাযায় । দূৰৰ পৰা এনে লাগিছিল যেন গাখীৰৰ নৈ এখন হে শিলৰ ফাকে ফাকে বৈ গৈছে । অপৰিসীম আনন্দৰ উৎস হৈ পৰিছিল এই 'Waterfall'টো ।
        তাৰ পিছত আমি আৰু এক আকৰ্ষণীয় ঠাইলৈ গৈছিলো । সেয়া আছিল 'Mawsmai cave '  । এটা দুৰ্গম আৰু দীঘলীয়া গুহা । গুহাটোৰ ইপাৰ সিপাৰ হৈ এক ধৰণৰ দুৰ্গমতাক জয় কৰাৰ দৰে লাগিল ।
         অৱশেষত 'Eco park' চাবলৈ গলো । ইয়াতে 'Seven Sisters falls'ৰ  বৃহৎ পৰিমাণৰ পানীখিনি ৰেগুলেত কৰা হৈছে ।তাতে বহুত সময় ঘুৰি পকি শ্বিলঙতে ঠিক কৰি অহা হোটেলখনলৈ বুলি উভতিলো । উভতি অহালৈ প্ৰায় আন্ধাৰেই হৈছিল । ডাঠ কুৱঁলীয়ে ৰাস্তাবোৰ ছানি ধৰাত একো দেখা পোৱা নগৈছিল । ড্ৰাইভাৰ জনক ধন্যবাদ দিবলগীয়া যে তেওঁ এই প্ৰতিবন্ধকতাকো নেওচি আমাক হোটেল খন পোৱাবলৈ সক্ষম হল । আহি পাওঁতে প্ৰায় আঠ মানেই বাজিছিল । বেগবোৰ ৰূমত ৰাখি ততাতৈয়াকৈ খাবলৈ বুলি ওলাই গলো । কাৰণ ঌ টাৰ পিছত দোকানবোৰ বন্ধ কৰি দিব । বিচাৰি বিচাৰি অৱশেষত এখন হোটেলত সোমালো । হোটেলৰ মেনুখনত লিখা আছে Rice...20 rs. । ভাবিলো 20 টকাতে খাই বৈ হৈ যাব । পিছতহে গম পালো যে সেয়া আছিল কেৱল ভাতখিনিৰ দাম । দালি,ভাজি,ছাটনি চবৰে কাৰণে এস্কট্ৰা দাম। মিলি কৰি অৱশেষত 80/100 টকা মানেই হলগৈ । তাকো খাবলগীয়া হৈছিল চামোছেৰে । কিবা শান্তি নাপালো । খাই বৈ আহি আমি হোটেল পালোহি । দিনটো ঘুৰি ঘুৰি বহুত ভাগৰ লাগি গৈছিল । তুলি অনা ফ'ট'বোৰকে চাই চাই কেতিয়া টোপনি আহিল কবই নোৱাৰিলো । টকা পইচাৰ অসুবিধাৰ বাবে শ্বিলঙৰ স্পটবোৰ চোৱাৰ সৌভাগ্য নহল। পিছদিনা উঠি কিবা এটা খাই সৰু গাড়ী এখন ভাড়া কৰি গুৱাহাটীলৈ উভতিলো ।

..........সমাপ্ত .........

     @ মনোজ 😊

Comments