অনুভৱ
অনুভৱ-তিনি
ৰূমৰ দৰ্জাখন বাহিৰৰ পৰা ঠেলি দিয়া নিচিনা পালো । বিচনাৰ পৰা মূৰটো তুলি চাই দেখো নয়ন সোমাই আহিছে । 'অ' নয়ন, আহিলা ।' পৰীক্ষা শেষৰ অন্তত সি সদায় বেলতলাৰ ঘৰৰ পৰা পাক এটা মাৰি আহেগৈ । আজিও আহিলেগৈ । তাতে আজি আছিল 'Anatomy Paper-2' প্ৰেক্টিকেল পৰীক্ষা । মূখখন ৰঙীনেই দেখিছো । পৰীক্ষা নিশ্চয় ভালেই হৈছে ছাগে । 'মনোজ , আজি ভালেই হ'ল যেনিবা । বাচিলো আৰু । Anatomy টো শেষ হল,'সি ক'লে । চকীখনতে বহি জোতাযোৰ খুলি খুলি সি কবলৈ ধৰিলে ,'মনোজ, আজি কিন্তু গানৰ মাহ'ল এটা বনিব লাগিব । বহুত দিন হ'ল গিটাৰখন নোচোৱা।' হয় কথাটো , পৰীক্ষা যেতিয়াৰ পৰা আৰম্ভ হৈছে গানৰ মাহ'ল বনাই নাই । যিটো অতিকৈ বিপৰীত কাণ্ড হৈছে । সদায় গিটাৰখন নোচোৱাকৈ থাকিব নোৱাৰা নয়নে আজি এমাহ ধৰি তাৰ পৰা আঁতৰি আছে। সচাকৈ ভাল হোৱা নাই কথাটো । এই পৰীক্ষাবোৰে সকলো পণ্ড কৰি দিছে । যিহেতু পৰীক্ষা আৰু এটাহে আছে, আজি মাহ'ল এটা বনোৱাই যাওক । 'ৰাতি ভাত খোৱাৰ পিছত ছাদত গৈ গাম আজি গান, 'সি ক'লে । গানে নো কি আনে সুৰৰ সোপানে সোপানে । মনৰ হুমুনিয়াহ বোৰ দূৰ কৰাৰ গানেই হৈছে দেখোন এটা উপায় । তাকে বাছি লৈছো আমি । আগন্তুক পৰিকল্পনাও নথকা নহয় । তাক সফল কৰাৰ হে কথা । 'ঠিক আছে বাৰু, আজি অলপ গানৰ মায়াজালতে সোমাই পৰিম । বিচাৰি চাম অতীতৰ ঠিকনা আৰু ভৱিষ্যতৰ কামনা ,'মই ক'লো ।
ৰাতি আহাৰৰ পিছত কথামতে গিটাৰখন লৈ দুয়োটা হোস্টেলৰ ছাদত গলো । নিজম -নিতাল পৰিৱেশ । আন দিনাতকৈ কিছু সুকীয়া যেন অনুভৱ হল । ছাদৰ এচুকত গৈ দুয়োটা বহি ল'লো । 'নয়ন, এয়া ছাগে আমাৰ অন্তিমটো গানৰ মাহ'ল হ'ব,'মই ক'লো । নয়ন আচৰিত হৈ সুধিলে, 'হেই ,কি কৈছা । কিয়? 'নহয় মানে , মই এই হোষ্টেলত, এইখন ছাদত গান গোৱাৰ কথাটো কৈছো,'মই কলো । 'হওতে হয় মনোজ। প্ৰকৃতিৰ ছাগে এয়াই নিয়ম ,'সি খুহুতীয়াকৈ কলে । মইও মিচিকিয়ালো । 'দিয়া মনোজ স্টাৰ্ট কৰা ,'সি ক'লে । মই বোলো তুমি আৰম্ভ কৰা ।'আগন্তুক কলেজৰ অনুস্ঠানবোৰত কি গান পৰিবেশন কৰাৰ পৰিকল্পনা আছে তোমাৰ ,'মই তাক সুধিলো । সি পাপন দাৰ 'দিনে দিনে' গানটো গোৱাৰ কথাকে ক'লে । দ্বৈত কন্ঠৰ এই গানটোৰ বাবে ইতিমধ্যে সি সংগীও বিচাৰি পাইছে । গিটাৰখন লৈ সি আৰম্ভ কৰিলে, 'দিনে দিনে .....।' মই গানটো ৰেকৰ্ড কৰাত লাগিলো । সি গোৱাৰ পিছতে মইও গাবলৈ আৰম্ভ কৰিলো । 'নীলান্জনা .......নীলান্জনা ....।' গান গোৱাৰ মাজেৰে বিভিন্ন আলোচনা হল। শেষত দুয়োটাই একেলগে জুৰিলো জুবিন দাৰ 'পলিটিক্স নকৰিবা বন্ধু ..।' গাই গাই দুয়োটা ৰূমলৈ উভতিলো ।
.......মনোজ

Nice 😃
ReplyDeleteThank you😊
Delete