ভয়
ভয় ....
জুলাই মাহ । গৰম বন্ধ চলি আছে । বেছি দিন নাই আৰু শেষ হবলৈ । দিনত শুই লোৱা কাৰণে ৰাতি টোপনি নহা হল । বিচনাতে পৰি ইকাটি সিকাটি কৰি আছো । ওহো ...নাহেই দেখোন টোপনি । তেনেকৈয়ে 12.30 মান বাজিল । খুৰাৰ লৰাটোও শুৱা নাই । কিবা ফিল্ম চাই আছে মোবাইলত । তেনেতে এটা শব্দ শুনিলো । কলিঙ বেলৰ শব্দৰ দৰে লাগিল । মই তাক সুধিলো, ' কি শব্দ ও ।' সি কলিঙ বেল বজা বুলি কলে । মই ভাবিলো এই ৰাতিখন আকৌ কোন আহিল । মা হঁতো ছাগে এতিয়া টোপনিত কব নোৱাৰে । কলিঙ বেলৰ কানেকচন টো আছে আমাৰ পৰা দুটা ৰূম সিফালে । মানে মা হঁতৰ ৰূমত । শব্দটো সিমান দূৰৰ পৰাই ভাহি অহা নিচিনা লাগিল । এবাৰেই বাজিল । আকৌ বজাই বুলি ৰলো অলপ সময় । কিন্তু একো শব্দ নাহিল আৰু । ওচৰৰ মানুহ ঘৰটো টো বেল নাই ।তেন্তে কোন আহিছিল এই ৰাতিখন ? যদি কিবা প্ৰয়োজনেই আছিল তেন্তে আকৌ নবজালে কিয় বেলটো ? কোনো অহাও টো উমঘাম পোৱা নাছিলো ।এনেকুৱা বিভিন্ন প্ৰশ্নই মনটো দোলা দিব ধৰিলে । আকৌ ভাবিলো জেঠিবোৰে কাজিয়া লাগি বেলৰ ছুইটছৰ ওপৰত পৰিল ছাগে । বহু সময় টোপনিয়েই নাহিল ।
ৰাতি পোৱা শুই উঠি আইতাক এই কথাটো কলো । তেতিয়া আইতাৰ পৰা পোৱা উত্তৰে হে মোক বেছি আচৰিত কৰি তুলিলে । আইতাই কলে ,' আজি প্ৰায় এমাহেই হল বেলটো বেয়া হোৱা ।' মই এই কথাটো গমেই পোৱা নাছিলো । বেলৰ ছুইটছটো অন কৰি চালো। হই কথাটো । তেন্তে কালি ৰাতি শুনা শব্দটো কি আছিল ?
@ মনোজ

Comments
Post a Comment