বসন্তৰ এটি সন্ধিয়া

বসন্তৰ এটি সন্ধিয়া
   নঙলাডাল খুলি
ওলাই যাম বুলি ভাবিও
   থমকি ৰ'লো
ক'ৰবাৰ পৰা ভাঁহি অহা
  এক বিশেষ অনুভূতিয়ে যেন
ৰ'বলৈ বাধ্য কৰাইছে,
   এনে লাগিছে...কিবা
সোঁৱৰণি কঢ়িয়াই আনিছে
   কিন্তু, কি?
আচলতে কোনে আৰু কিয়
    কঢ়িয়াই আনিছে এই
ন-পুৰণি অনুভূতিবোৰ..
     কিয় মোক পুনৰবাৰ
কম্পিত কৰি তুলিব খুজিছে
    মই মুঠেই ধৰিব পৰা নাই ।
ভাবত বিহ্বল মই
    তেনেতে,
এজাক মৃদু শীতল বতাহে
    মোক স্পৰ্শ কৰিলে ...
কাণে কাণে কিবা কৈ গৈছে ,
    কৈ যাব খোজে পুৰণি
মোৰ বাস্তৱায়িত নোহোৱা
    অনুভৱবোৰৰ কথা,
আৰু কঢ়িয়াই আনিছে
   মৰহা তগৰবোৰৰ সুবাস ।

কিন্তু কিয় ?
    কিয় সোৱৰাব খোজে
    সেই অসম্ভৱ অনুভূতিবোৰ
    যাৰ নাছিল কোনো মূল্য
    নাছিল কোনো সত্যতা
কিয়.....?
     সঁচাকৈ অস্হিৰ
     এই বতাহজাক
     এই সুৱাস ....
আচলতে বিফল হৈছো ময়েই
     বাৰে বাৰে .....
     এই অস্হিৰতাবোৰত..
কিন্তু ....
      আকাশখন যদিও
      তৰাবিহীন ,অন্ধকাৰাছন্ন
তথাপি জ্বলি থকা জোনটোৱে
      বাৰুকৈয়ে সাহস দি
      ক'ব খোজে
      'তই পাৰিবি
       আকৌ এবাৰ বশ কৰিব
       তোৰ এই
       মূল্যহীন অনুভূতিবোৰক'


        @ মনোজ

(বহাগ বিহু সময়ত লিখা,'19)

Comments