অনুভৱ-চাৰি
অনুভৱ-চাৰি
পিছদিনাখন আছে 'Anatomy'ৰ '3rd internal ' । 'Theory 'ক্লাছ শেষ হোৱাৰ পিছতে নয়ন আৰু মই ঢাপলি মেলিছিলো 'লাইব্ৰেৰী'টোলৈ । 'Physiology practical 'ক্লাছেই নকৰিলো । সময় একেবাৰে কম । এসোপামান আছে পঢিব । গৈ লাইব্ৰৰীৰ একেবাৰে ওপৰ মহলাৰ ৰূমত বহি ল'লো । কিতাপ-বহীবোৰ ওলিয়াই ল'লো দুয়োটাই ।
: অই ....নয়ন । প্ৰথমে 'Embryology ' টোকে শেষ কৰি লোৱা ভাল হ'ব নেকি ।
' তুমি যি ভাবা ,'নয়নে ক'লে ।
(......অলপ সময়ৰ পাছত )
'মনোজ , কি ভবাত লাগিলা আকৌ ?', ঘপহকৈ কৈ উঠিল নয়নে ।
:এহ .....ভাবি আছো ৰ'বা নয়ন । এই 'Pituitary gland development 'টো বুজিবৰ কাৰণে কিবা সহজ উপায় এটা ভাবি আছো ।
'চিন্তা কৰিছা কিয় ? ইমানবোৰ বুজিছোৱেই । এইটোও বুজি পাই যাম । উপায় ওলাবই ,' নয়নে সাহস দি ক'লে ।
: এই '3rd Internal' টোত গোটেই 'Embryology'খননো আহিব লাগেনে । মাথা গৰম হৈ গৈছে । মূখস্থ কৰিবও নোৱাৰো । বুজিব নোৱাৰিলে শেষ আৰু আমাৰ ।
'হ'ব আৰু । টেনশ্যন লৈ নো কি লাভডাল হ'ব এতিয়া । কিবা কৰি বুজিবই লাগিব ,'নয়নে ক'লে ।
: তাকেহে ।এইটো কি লিখিছো ....'stromodial ectoderm evaginates....' ।
'অই ...বাৰটা বাজি গ'ল । ভাত খাই আহো ব'লা ,'নয়নে ক'লে ।
: অ' ব'লা , খাই আহো ।
কিতাপ-বহীবোৰ সামৰি দুয়োটা 'লাইব্ৰেৰী'ৰ ওপৰ মহলাৰ পৰা তললৈ নামি আহিলো ।
'হোষ্টেল নাযাওগৈ নেকি এতিয়া । 'ক্লিনিকছ'ৰ আগৰ দোকান খনতে গাহৰি ভাত খাই দিও ব'লা ,' নয়নে ক'লে ।
: ঠিক আছে । ব'লা ......।
'ভেটেৰিনেৰী ক্লিনিকছ'ৰ সমূখতে ফুটপাথতে থকা দোকানখনলৈ বুলিয়েই দুয়োটাই খোজ ল'লো ।
..............
খাই বৈ লোৱাৰ পিছত নয়নে ক'লে, 'গৰম যি হে পৰিছে ; কুহিয়াৰৰ ৰস এগিলাছ এগিলাছ খাই লও ব'লা ।'
'সৌ জন আহি আছে ,' কুহিয়াৰ পেৰা মানুহজন দেখোৱাই সি ক'লে ।
: ব'লা খাই লও ।
: দাদা... দুগিলাছ দিব ।
মানুহজনে কুহিয়াৰ এডাল ঠেলা খনৰ পৰা তুলি লৈ মেচিন হাতেৰে ঘূৰাই ঘূৰাই পেৰিব ল'লে । গৰমত লালকাল হৈ গৈছে মানুহজন ।
তেনেতে আৰু এজন মানুহ আহিল । এডাল কুহিয়াৰকে বহুতবাৰ পেৰি থকা দেখি সি কুহিয়াৰ পেৰা মানুহজনক ইতিকিঙ কৰিব ল'লে ।ইতিকিঙ কৰাৰ সুৰত সি কবলৈ ল'লে ,' আৰু ঘূৰা ...আৰু ঘূৰা....আৰু ওলাব ।
কুহিয়াৰৰ ৰস খাই দুয়োটা আকৌ 'লাইব্ৰেৰী'লৈ উভটিলো ।
নয়নে ক'লে, ' তেনেকুৱা মানুহে নিজে টো একো কাম নকৰেও আনে কৰাও সহ্য কৰিব নোৱাৰে ।
: হয় কথাটো । কুহিয়াৰ পেৰা মানুহজনে এই গৰমটো মাত্ৰ 20 টকাৰ বাবে ইমান কষ্ট কৰি আছে । তেওঁৰ কৰ্মত ইতিকিঙ কৰা উচিত নহয় । বৰঞ্চ শলাগ লোৱাহে উচিত ।
বিভিন্ন কথা পাতি পাতি দুয়োটা 'লাইব্ৰেৰী' পালোগৈ ।
@ মনোজ

Comments
Post a Comment