সপোন
ওচৰৰ মানুহঘৰৰ তামোলৰ বাৰীখনৰ পৰা কিহবাই চিঞৰি থকা শুনা পালো । অলপ শান্ত হৈ গম ল'লো । ছাগলীয়ে বেবাই থকা শব্দ দেখোন । বৰ বেয়াকৈ বেবাইছে চোন । এনে লাগিছে কিবা হিংস্ৰ জন্তুৱে আক্ৰমণ কৰিছে । কি হ'ব পাৰে নো । আকৌ ভাবিলো আমাৰ ঘৰত থকা কুকুৰ কেইটাই ধৰা নাইটো । ঘৰৰ পিছফালে গৈ সীমাতে থকা ইটাৰ দেৱালখনৰ সিফালে সিহঁতৰ বাৰীৰ ফালে দৃষ্টি নিক্ষেপ কৰিলো । 'সৰ্বনাশ ...'। এটা বিশাল নাহৰফুটুকীয়ে ছাগলী এজনীৰ দিঙিত কামুৰি চুচৰাই লৈ গৈছে । মই চিঞৰিব ল'লো ,'বাঘ , বাঘ ....।' ওচৰ চুবুৰীয়া সকলো যাঠি জুং লৈ ওলাই আহিল । তৎক্ষণাতে মই চিঞৰা দেখি বাঘটোৱে মোলৈ খেদি আহিল । মোৰ গাত জপিয়াই পৰিব লওতেই মই বিচনাৰ পৰা বাগৰি তলত পৰিলো । 'এহ....বাচিলো বাঘৰ মূখৰ পৰা । সপোনহে দেখি আছিলো ।'
( ভয়াবহ বানপানীৰ বাবে জীৱজন্তুৰ থাকিবলৈ ঠাই নোহোৱা হৈছে । মানুহ-বাঘ , মানুহ -হাতীৰ সংঘাত অসমত বাঢ়িব লৈছে । কি ঠিক মই দেখা সপোন টো ফলিয়াই যাবও পাৰে । সাবধান হ'বৰ হ'ল ।)
@ মনোজ
( ভয়াবহ বানপানীৰ বাবে জীৱজন্তুৰ থাকিবলৈ ঠাই নোহোৱা হৈছে । মানুহ-বাঘ , মানুহ -হাতীৰ সংঘাত অসমত বাঢ়িব লৈছে । কি ঠিক মই দেখা সপোন টো ফলিয়াই যাবও পাৰে । সাবধান হ'বৰ হ'ল ।)
@ মনোজ
Comments
Post a Comment