ব্ৰহ্মপুত্ৰ

হে লৌহিত্য
হে মহাবাহু, তুমি অসমৰ
সভ্যতা-সংস্কৃতিৰ আধাৰ,
তুমিয়েই আশ্ৰয় দান কৰি
সমন্বয় সমাহাৰেৰে স্ৰজিলা
এই বৃহত্তৰ অসমীয়া জাতি ।

হে মহানদী
তোমাৰ এই বিশাল বাহুয়ে
আকোঁৱালি ল'লা
আই অসমীৰ দুই মূৰ ,
তোমাৰ বুকুতেই জন্ম দিলা
সৰ্ববৃহত নদীদ্বীপ মাজুলী আৰু
বহন কৰিলা উমানন্দক
অলেখ নৈ উপনৈৰ গৰাকী
তুমিয়েই দান কৰিলা
আই অসমীৰ অতুল সৌন্দৰ্য্য
সীমাহীন তোমাৰ এই
উদাৰতা আৰু বিশালতা ।

কিন্তু, হে বৰলুইত এতিয়া
বিলীন তুমি যান্ত্ৰিকতাত,
আধুনিকতাৰ গ্ৰাসত
সামৰি লৈছা কৃত্ৰিমতা
প্ৰকাশ ঘটাইছা তাক
সংহাৰী বানৰ ৰূপত ।
কিন্তু,
তাৰ মূলতে জানো তুমি?
 আমি মানৱসমাজহে
আমিও হ'ব লাগিব
প্ৰতিশ্ৰুতিবদ্ধ,
তোমাৰ লগতে আই অসমীক
ৰক্ষাৰ বাবে

আকৌ এবাৰ
হে মহাবাহু
বৈ যোৱা তুমি
অনিৰ্দিষ্টকাললৈ...
অটুত ৰাখা সৌন্দৰ্য্য
আই অসমীৰ ।।


     @ মনোজ

( '18, November / for the 'Wall Magazine' of K.B.R hostel//BRAHMAPUTRA )

Comments