স্তব্ধতা
প্ৰিয়া : মই তোমাৰ বেষ্ট ফ্ৰেন্ড হ'ব পাৰিমনে ?
অমল: নিশ্চয় পাৰিবা । কিন্তু বেষ্ট ফ্ৰেন্ডৰ শাৰীৰ প্ৰথম স্থান কেতিয়াও লব নিদিও । কাৰণ সেই স্হান কোনোবাই দখল কৰি থৈছে । যদিও তেওঁ এতিয়া মোক বেয়া পায় । তথাপিও তেওঁ কোৱা কথা মই কেতিয়াও অথলে যাব নিদিও । কাৰণ তেওক মই ..........
স্তব্ধ ...স্তব্ধ ....মাথো স্তব্ধতা ।
প্ৰিয়া : কিয় ? ৰৈ গলা যে ?
অমল : কাৰণ মই তেওঁক বহুত ভাল পাইছিলো । নিজৰ কৰি ল'ব বিচাৰিছিলো ।
প্ৰিয়া : তুমি যে তাইক ভাল পোৱা সেই কথাটো তাইক কৈছিলা নে নাই ।
অমল: প্ৰকাশ কৰিছিলো হোৱাটছএপৰ মেছেজৰ দ্বাৰা । কিন্তু লগে লগে তাইৰ পৰা অহা উত্তৰত স্তব্ধ হৈ পৰিছিলো মই । মানি লবলগীয়া হৈছিল বন্ধুৰ প্ৰস্তাব ।
প্ৰিয়াই তাক আৰু কিবা সুধিব লওতেই সি তাইক বাধা দি কলে ,'প্লিজ তাইৰ কথা আৰু নুশুধিবা । মই তাইক পাহৰিব বিচাৰো । '
বিচনা তলতে পৰি থকা আধা খোৱা হুইস্কিৰ বটলটো তুলি লৈ সি বাহিৰলৈ ওলাই গ'ল ।
@ মনোজ

Comments
Post a Comment