মাস্ক নে মাছ
মাস্ক নে মাছ
ৰীতাৰ গিৰীয়েক মোহনক 'গুৱাহাটী'ৰ পৰা অনা দুদিনমান হৈছে মাত্ৰ । এসপ্তাহ ধৰি 'নেমকেয়াৰ হস্পিটেল'ত ভৰ্তি হৈ আছিল । ডাক্তৰে ধৰা পেলাইছে মোহনৰ 'ইনফ্লুৱেঞ্জা ' হৈছে । বোলে 'টাইপ B' । এতিয়া ঘৰলৈ লৈ আনিছে । অৱস্হা একেবাৰে বেয়া তাৰ । মোহনক ঘৰলৈ আনিছে বুলি গম পাই ওচৰ চুবুৰীয়াই তাৰ খবৰ লব আহিছে । মোহনক আনিছে বুলি গম পাই 'ৰহিলা' আইতাও খবৰ এটা লও বুলি ৰাতিপুৱাই মোহনৰ ঘৰ আহি ওলালহি ।
আইতা : ৰীতা ...অ' ৰীতা । আছ'নে?
ৰহিলা আইতাই মোহনৰ ঘৰৰ দুৱাৰ মুখৰ পৰাই চিঞৰিব ল'লে ।
আইতাৰ মাত শুনি চাহ বনাই থকাৰ পৰাই ৰীতা দৌৰি আহি আইতাক ভিতৰলৈ লৈ আনি ড্ৰইং ৰূমতে বহিব দিলে ।
ৰীতা : আইতা , আপুনি অলপ সময় বহকচোন । মই মানে চাহ বনাই আছিলো । উতলিলেই ছাগে । নমাই থৈ আহোগৈ ।
এইবুলি কৈ আইতাক বহিব দি ৰীতাই চাহ একাপ আইতালৈ বুলিও লৈ আহিলগৈ ।
আইতা : অ' চাহ আনিলি । (এহুপা মাৰি) মোহনৰ গা কেনেকুৱা এতিয়া । শুনিছো তাক গুৱাহাটীৰ পৰা লৈ আনিলি ।
ৰীতা : ধৰিব পৰা নাই আইতা কেতিয়ানো ভাল হয় মানুহজনৰ । ভগবানে কিয় তেওক ইমান শাস্তি দিছে বাৰু । তেওতো কাৰো একো অনিষ্ট কৰা নাছিল ।
(উচুপি উঠিল ৰীতা....)
আইতা: মোহন সোনকালেই ভাল হৈ উঠিব । তই কান্দি নাথাকিবি । ভালকৈ যতন ল তাৰ ।
ৰীতা : ( চকু পানী মচি..) ডাক্তৰে কৈছে সোনকালেই ভাল হ'ব বুলি । মূখত 'মাস্ক ' লগাই থাকিব দিছে ।
আইতা: অ'....'মাছ' লগাব দিছে নে । লগাবি লগাবি । নাপাহৰিবি ।
এইবুলি কৈ আইতাই তামোল এখন খাই মোহনৰ ঘৰৰ পৰা উভতিল ।
'মাস্ক'খনক আইতাই 'মাছ' বুলি ভাবিলে । গতিকে বাটত যাকেই লগ পাইছে মোহনৰ ঘৰত জালত লগা মাছকে দি আহিব কৈছে ।
আইতাই এই কথাটো বোৱাৰীয়েক ' জীনা'কো ক'লেগৈ ।
জীনা : হই নেকি মা । আজি জালত তোৰামাছ কেইটামান লাগিছিল । তাকে দি আহোগৈ ।
আইতা : যা যা সোনকালে দি আহগৈ মাছকেইটা । এইকেইটা মাছ নাখালেও হ'ব । লৰাটো ভাল হওক ।
জীনাই মাছকেইটা লৈ মোহনৰ ঘৰ ওলালগৈ ।
জীনা : (মোহনৰ ঘৰৰ চোতালত ...) ৰীতা ...অ' ৰীতা । অলপ ওলাই আহচোন ।
(ৰীতা ভিতৰৰ পৰা ওলাই আহিল ....)
ৰীতা : অ' জীনা তই হে । চোতালতে ৰৈ আছ' যে । আহ ভিতৰলৈ সোমাই আহ ।
জীনা : এই নাযাও দে ভিতৰলৈ এতিয়া । ঘৰত বহুত কাম বাকী আছে । এই মাছকেইটা ল' চোন । ডাক্তৰে বোলে গিৰিয়েৰৰ মূখত মাছ লগাব দিছে । ল' এইকেইটা লগাবি ।
ৰীতাই আচৰিত হৈ সুধিলে, ' হেই কোনে কৈছে '।
জীনা : কিয় ? মা তহতৰ ঘৰলৈ অহা নাছিল জানো । তইয়ে কৈছ বোলে মাক । ডাক্তৰে বোলে মোহনক মূখত মাছ লগাই থাকিব দিছে ।
ৰীতা : হেই আঁকৰী জনি । মাছ নহয় অ' ...'মাস্ক ' । মূখত লগোৱা কাপোৰ হে ।
জীনাই এমেনাসেমেন কৰিলে ....।
জীনাৰ কথা শুনি ৰীতাই জোৰকৈ হাঁহিলে । বহুত দিনৰ মুৰত তাইৰ মূখত হাঁহি এটা বিৰিঙি উঠিল ।
@ মনোজ

Comments
Post a Comment