হিমবাহ
তুমি বুজি পোৱা বা নোপোৱা
তুমি অনুভৱ কৰা বা নকৰা
তোমাৰ প্ৰতি মোৰ ভালপোৱা
সদায় অটল কৰি ৰাখিম ।
তোমাৰ মনত আছে নে?
শুভ্ৰ হিমবাহৰ দৰে
বৈ আহিছিলা. .
কপাই তুলিছিলা মোৰ
কুমল হিয়াখনি ।
তোমাৰ চেঁচা স্পৰ্শত মোৰ
কম্পিত হিয়াই মোক
বাৰুকৈয়ে কৈছিল ..
তোমাৰ চেঁচা অনুভূতি
স্পৰ্শৰ হাবিয়াস ।
হিয়াৰ হাবিয়াসে তোমাৰ
কাষলৈ লৈ গৈছিল মোক
তোমাৰ অভাৱহীন আকুলতাই
প্ৰকাশ ঘটাইছিল মোৰ
হিয়াৰ অনুভূতিবোৰ
কষ্টৰে মানি লৈছিল
তোমাৰ প্ৰতোত্তৰ...।
কিন্তু কিয় নাজানো
হিয়াই আকৌ কবলৈ লয়,
' মই বিচৰাতো পামনে? '
কেতিয়াবা খঙেই উঠে
তাৰ পাগলামিখনত ,
তথাপি বুজাই থও...।
ঠিকেই তোমাৰ দৰে পৰশ
আকৌ আহিব
আকৌ জাগি উঠিব পাৰে
মোৰ হিয়াৰ অনুভূতি
কিন্তু প্ৰথম অনুভূতিৰ
হাবিয়াস যে কিছু সুকীয়া ।।
@ মনোজ
( ভোগালী বিহুৰ সময়ত লিখা, '18)
তুমি অনুভৱ কৰা বা নকৰা
তোমাৰ প্ৰতি মোৰ ভালপোৱা
সদায় অটল কৰি ৰাখিম ।
তোমাৰ মনত আছে নে?
শুভ্ৰ হিমবাহৰ দৰে
বৈ আহিছিলা. .
কপাই তুলিছিলা মোৰ
কুমল হিয়াখনি ।
তোমাৰ চেঁচা স্পৰ্শত মোৰ
কম্পিত হিয়াই মোক
বাৰুকৈয়ে কৈছিল ..
তোমাৰ চেঁচা অনুভূতি
স্পৰ্শৰ হাবিয়াস ।
হিয়াৰ হাবিয়াসে তোমাৰ
কাষলৈ লৈ গৈছিল মোক
তোমাৰ অভাৱহীন আকুলতাই
প্ৰকাশ ঘটাইছিল মোৰ
হিয়াৰ অনুভূতিবোৰ
কষ্টৰে মানি লৈছিল
তোমাৰ প্ৰতোত্তৰ...।
কিন্তু কিয় নাজানো
হিয়াই আকৌ কবলৈ লয়,
' মই বিচৰাতো পামনে? '
কেতিয়াবা খঙেই উঠে
তাৰ পাগলামিখনত ,
তথাপি বুজাই থও...।
ঠিকেই তোমাৰ দৰে পৰশ
আকৌ আহিব
আকৌ জাগি উঠিব পাৰে
মোৰ হিয়াৰ অনুভূতি
কিন্তু প্ৰথম অনুভূতিৰ
হাবিয়াস যে কিছু সুকীয়া ।।
@ মনোজ
( ভোগালী বিহুৰ সময়ত লিখা, '18)
Comments
Post a Comment