স্মৃতিবোৰ
(তিনি)
(...মোৰ ডায়েৰীৰ পৰা)
অষ্টম মান শ্ৰেণীত থাকোতেই । আমি ' বিজ্ঞান আৰু গণিত মেলা'ত ৰাজ্যভিত্তিক পৰ্য্যায়লৈ উৰ্ত্তীণ হৈছিলো । গুৱাহাটীৰ পাণ্জাবাৰীস্ঠিত ' শংকৰদেৱ কলাক্ষেত্ৰত' অনুস্ঠিত হোৱা 'বিজ্ঞান জাগৰণ যাত্ৰা' নামৰ অনুস্হানটোৰ পৰা অহা দুদিনমান পিছতে 'কমল' ছাৰে মোক আৰু ব্ৰজেনক এদিন তেওঁৰ ঘৰলৈ মাতিলে । আমি দেওবাৰ এটাত গ'লো ছাৰৰ ঘৰলৈ । ৰাতিপুৱা দহ মান বজাতে গৈ ছাৰৰ ঘৰ ওলালোগৈ । ছাৰ যেনিবা তেতিয়া ঘৰতে আছিল । ছাৰে আমাক ড্ৰয়িংৰুমতে বহিবলৈ দি 'আম' খাঁওনে নাখাও আমাক সুধিলে । আমি খাও বুলি কোৱাত ছাৰে ঘৰৰে গছ এজোপাৰ তলৰ পৰা পকা আম কেইটামান বুটলি আনি বাইদেউক(ছাৰৰ পত্নী) কাটিব দিলে । ছাৰে আমাৰ লগত বিভিন্ন কথা পাতিলে । তাৰ মাজতে আম খালো । ছাৰে আমাক তেওঁ ৰচনা কৰা কবিতাপুথি খন দেখুৱালে । কবিতাপুথি খনৰ নাম 'অবুজ সুৰ' । ছাৰে আগতেও তেওঁৰ কবিতা আবৃত্তি কৰা দেখিছো । কিন্তু তেওঁৰ যে এখন স্বৰচিত কবিতাপুথিও আছিল সেই কথা মই তেতিয়া হে গম পালো । ছাৰে আমাক এটা এটাকৈ কবিতা পঢ়ি যাব দিলে । আমিও পঢ়ি গ'লো । তাৰে ভিতৰত আছিল ' প্ৰদিপ','যোগ্য ভোগ্য বসুন্ধৰা ',আদি । গভীৰ , তাৎপৰ্যপূৰ্ণ চল্লিশ তাতকৈও অধিক কবিতাৰে ভৰপূৰ এই ' অবুজ সুৰ' । সচাকৈ ,এক অনন্য কবি সত্বাৰ গৰাকী ছাৰৰ প্ৰতিটো কবিতাই পাঠকৰ মনত সাঁচ বহুৱাব পৰা । কবিতাবোৰ পঢ়ি হোৱাৰ পিছত চাহ খাই আমি ছাৰৰ ঘৰৰ পৰা বিদায় ল'লো ।।
(আগলৈ...)
@ মনোজ

Comments
Post a Comment