শক্তিৰ দৌৰ
আকাশ,
এই আকাশেইতো তাইৰ
শেষ লক্ষ্য,
তাই দূৰন্ত;
কেৱল উৰি থকাৰ মন
নাৰীশক্তিৰ
অনন্য প্ৰতিক তাই ,
প্ৰতিফলন কৰাব খোজে
যে 'নাৰী নহয় অবলা' ;
হয় , তাই স্বৰ্ণকন্যা
ভাৰত গৌৰৱ
'হিমা দাস'।
এক নতুন বিস্ময় তাই
'দৌৰৰ পৃথিৱীত ' ,
এক অনন্য যাত্ৰা
'ধিঙৰ পৰা সুদূৰ জাকাৰ্টালৈ,
দূৰন্ত গতিৰে
বতাহ ফালি যোৱা হিমাক
সফলতাই যেন নিজে আহি
যাচে দুভৰিত বিজয়ৰ চুমা
দুভৰিৰে যুঁজি আনে তাই
অনাবিল সুখৰ বতৰা
ধ্বনিত হ'ল
অসমৰ আকাশ-বতাহ
' দৌৰ হিমা দৌৰ' ।
হিমা ,
তুমি এক অনন্য অধ্যায়
এক নতুন আদৰ্শ
অবিৰত ৰাখা তোমাৰ
দুভৰিৰ প্ৰবল গতি
ঘটাই যোৱা প্ৰতিফলন
এই সত্যৰ যে ,
'কোনো কামেই নহয় অসম্ভব
দৰকাৰ কেৱল
প্ৰৱল বিশ্বাস আৰু
একাগ্ৰতা ।'
দেৱী,
তুমি শক্তিৰ স্বৰূপ
তিৰস্কাৰ আৰু নিৰাশাৰ ভেটাভাঙি
ধূলিকনাৰ পৰা প্ৰবাহৰ সৃষ্টি
তোমাৰ লগতেই আশা তীব্ৰবেগী
তুমি অসমৰ সোণালী চানেকি
এনেদৰে আশা হৈ বৈ যোৱা....
আমাৰ সপোনৰ বাট হোৱা...।
@ মনোজ আৰু নয়নদ্বীপ
( for 'Wall Magazine ' of 'College Foundation Day' ,19)
এই আকাশেইতো তাইৰ
শেষ লক্ষ্য,
তাই দূৰন্ত;
কেৱল উৰি থকাৰ মন
নাৰীশক্তিৰ
অনন্য প্ৰতিক তাই ,
প্ৰতিফলন কৰাব খোজে
যে 'নাৰী নহয় অবলা' ;
হয় , তাই স্বৰ্ণকন্যা
ভাৰত গৌৰৱ
'হিমা দাস'।
এক নতুন বিস্ময় তাই
'দৌৰৰ পৃথিৱীত ' ,
এক অনন্য যাত্ৰা
'ধিঙৰ পৰা সুদূৰ জাকাৰ্টালৈ,
দূৰন্ত গতিৰে
বতাহ ফালি যোৱা হিমাক
সফলতাই যেন নিজে আহি
যাচে দুভৰিত বিজয়ৰ চুমা
দুভৰিৰে যুঁজি আনে তাই
অনাবিল সুখৰ বতৰা
ধ্বনিত হ'ল
অসমৰ আকাশ-বতাহ
' দৌৰ হিমা দৌৰ' ।
হিমা ,
তুমি এক অনন্য অধ্যায়
এক নতুন আদৰ্শ
অবিৰত ৰাখা তোমাৰ
দুভৰিৰ প্ৰবল গতি
ঘটাই যোৱা প্ৰতিফলন
এই সত্যৰ যে ,
'কোনো কামেই নহয় অসম্ভব
দৰকাৰ কেৱল
প্ৰৱল বিশ্বাস আৰু
একাগ্ৰতা ।'
দেৱী,
তুমি শক্তিৰ স্বৰূপ
তিৰস্কাৰ আৰু নিৰাশাৰ ভেটাভাঙি
ধূলিকনাৰ পৰা প্ৰবাহৰ সৃষ্টি
তোমাৰ লগতেই আশা তীব্ৰবেগী
তুমি অসমৰ সোণালী চানেকি
এনেদৰে আশা হৈ বৈ যোৱা....
আমাৰ সপোনৰ বাট হোৱা...।
@ মনোজ আৰু নয়নদ্বীপ
( for 'Wall Magazine ' of 'College Foundation Day' ,19)
Comments
Post a Comment