এটি মাথো আশা
হঠাৎ মোৰ বেদনাসিক্ত মনত
তোলপাৰ লগোৱা
হে চঞ্চল অনুভূতি
কি বৰ্ণনাৰে নো কৰিম
তোমাক ভূষিত ?
সূৰ্যোদয়ৰ ৰঙীন আভা বুলি
নে ৰঙা গোলাপৰ
কোমল পাহি!
এনে লাগিল যেন
পোৱাৰ ৰেঙণিত ভাঁহি অহা
এটি হেৰোৱা সুবাস
বিচাৰি পালো মই ,
এক অনন্য সুবাস,
এক আশাৰে ভৰা অনুভূতি
জাগ্ৰত কৰাব খোজে
এই ব্যৰ্থ প্ৰেমিকৰ
মৰহি যোৱা আশাৰ দলিচা ;
সুবাসৰ বিস্তাৰ ঢৌৱে কৰা
সেই যে 'কথক' নৃত্যত
মেলি দিয়া তোমাৰ দুবাহুৱে
মোকেই যেন কৰিব বিচাৰে
আলিঙ্গন ...
হ'ব পাৰিম জানো মই
এই গভীৰ সুবাসৰ অংশীদাৰ
হ'বনে পূৰণ মোৰ সেই
বাস্তৱায়িত নোহোৱা স্বপ্নৰ?
এই সুৱাসে উন্মেষ ঘটাবনে
মোৰ হৃদয় মণিকোঠাত
ন -আশাৰ ,ন-স্বপ্নৰ?
@ মনোজ
তোলপাৰ লগোৱা
হে চঞ্চল অনুভূতি
কি বৰ্ণনাৰে নো কৰিম
তোমাক ভূষিত ?
সূৰ্যোদয়ৰ ৰঙীন আভা বুলি
নে ৰঙা গোলাপৰ
কোমল পাহি!
এনে লাগিল যেন
পোৱাৰ ৰেঙণিত ভাঁহি অহা
এটি হেৰোৱা সুবাস
বিচাৰি পালো মই ,
এক অনন্য সুবাস,
এক আশাৰে ভৰা অনুভূতি
জাগ্ৰত কৰাব খোজে
এই ব্যৰ্থ প্ৰেমিকৰ
মৰহি যোৱা আশাৰ দলিচা ;
সুবাসৰ বিস্তাৰ ঢৌৱে কৰা
সেই যে 'কথক' নৃত্যত
মেলি দিয়া তোমাৰ দুবাহুৱে
মোকেই যেন কৰিব বিচাৰে
আলিঙ্গন ...
হ'ব পাৰিম জানো মই
এই গভীৰ সুবাসৰ অংশীদাৰ
হ'বনে পূৰণ মোৰ সেই
বাস্তৱায়িত নোহোৱা স্বপ্নৰ?
এই সুৱাসে উন্মেষ ঘটাবনে
মোৰ হৃদয় মণিকোঠাত
ন -আশাৰ ,ন-স্বপ্নৰ?
@ মনোজ
Comments
Post a Comment