চুই চোৱাৰ মন
ওলাই গৈছো
অজ্ঞাত লক্ষ্যস্থান
কেৱল দিছো খোজ সমুখলৈ
খোজত খোজ মিলাবলৈও
নাই কোনো,
সংগীবিহীন মই ;
নাই নাজানো,
এই যাত্ৰাৰ অন্ত ক'ত ,
অথবা নিশ্চিত যে নহয় মই
এই যাত্ৰাৰ নো কি লক্ষ্য;
মাথো দিছো খোজ সমুখলৈ;
বাৰে বাৰে ৰৈছো থমকি
এটা দীঘল পথ
কিন্তু, বহু দুৰ্গম,
দুৰ্গমতাক নেওচিব
কৰা চেষ্টাত
কেতিয়াবা জয় হৈছো
আৰু কেতিয়াবা পৰাজয় ;
তথাপি অটুত আছে মোৰ
এই সংগীবিহীন যাত্ৰা
কেৱল আগোৱাইছো
এই দুৰ্গম পথেৰে ;
পাৰ কৰি গৈছো
শত বসন্ত
ক'ত যে অমানিশা
ক'ত যে ব্যৰ্থতা
বাটৰ কাঁইটৰ উস্ম সম্ভাসণ
আৰু বহুত কিবা
তথাপি অব্যাহত মোৰ যাত্ৰা
উদ্দেশ্য মাথো এটাই
আশা মাথো এটাই
এবাৰ চুই চোৱাৰ
বাটচাই থকা মোৰ
'লক্ষ্য'ক ।।
@ মনোজ
অজ্ঞাত লক্ষ্যস্থান
কেৱল দিছো খোজ সমুখলৈ
খোজত খোজ মিলাবলৈও
নাই কোনো,
সংগীবিহীন মই ;
নাই নাজানো,
এই যাত্ৰাৰ অন্ত ক'ত ,
অথবা নিশ্চিত যে নহয় মই
এই যাত্ৰাৰ নো কি লক্ষ্য;
মাথো দিছো খোজ সমুখলৈ;
বাৰে বাৰে ৰৈছো থমকি
এটা দীঘল পথ
কিন্তু, বহু দুৰ্গম,
দুৰ্গমতাক নেওচিব
কৰা চেষ্টাত
কেতিয়াবা জয় হৈছো
আৰু কেতিয়াবা পৰাজয় ;
তথাপি অটুত আছে মোৰ
এই সংগীবিহীন যাত্ৰা
কেৱল আগোৱাইছো
এই দুৰ্গম পথেৰে ;
পাৰ কৰি গৈছো
শত বসন্ত
ক'ত যে অমানিশা
ক'ত যে ব্যৰ্থতা
বাটৰ কাঁইটৰ উস্ম সম্ভাসণ
আৰু বহুত কিবা
তথাপি অব্যাহত মোৰ যাত্ৰা
উদ্দেশ্য মাথো এটাই
আশা মাথো এটাই
এবাৰ চুই চোৱাৰ
বাটচাই থকা মোৰ
'লক্ষ্য'ক ।।
@ মনোজ
Comments
Post a Comment