অনুভৱ- পাঁচ

নয়নে পিয়াজ কেইটা কটাত লাগিল । গাহৰি মাংস বনাবৰ বাবে সাজু কৰি থৈছে । আজি ৰন্ধাৰ দায়িত্বও নয়নকে দিয়া হৈছে । সি যেনিবা ৰান্ধি ভালো পায় । তাতে গাহৰি মাংস । মইও বিলাহী কেইটা কাটি দিলো আৰু কেচা জলকীয়া কেইটাও ফালি দিলো । সকলো মছলা যোগাৰ হোৱাত সি ৰন্ধা আৰম্ভ কৰিলে । পুৰু দাইও ইফালে ৰন্ধাৰ দিহা দি গ'ল । বিভিন্ন কথা বতৰাৰ মাজেৰে অবশেষত মাংস বনাই হ'ল । তাৰ পিছত সকলোৱে তৃপ্তিৰে গাহৰি মাংসৰে ভাত সাঁজ খালো ।নয়নে মাংসখিনি ৰন্ধাও ভাল হৈছে । ভাত খাই উঠি ৰন্ধা বঢ়া কৰা বাচন-বৰ্তনবোৰ ধুই আজৰি হ'লো । নিশা গভীৰ হৈ আহিছে । অবিৰত হোস্টেলৰ মৃদু মৃদু কোলাহল । হঠাৎ বন্ধ হৈ পৰিল বিজুলী বাতিবোৰ । চিঞৰ বাখৰ লাগিল চৌদিশে । উৎকট গৰম । ৰূমৰ ভিতৰত থাকিব নোৱাৰি গৰমত । হঠাৎ এজাক বতাহে মোক চুই গ'ল । ৰূমৰ ভিতৰফালে থকা বাৰাণ্ডাখনলৈ বুলি দিলো খোজ । হয়;সেই দিশৰ পৰাই আহিছে বতাহজাক । চকীখন লৈ বাৰাণ্ডাতে বহিলো । অলপ গানৰ মায়াজালতে সোমাই পৰিলো । তেনেতে 'মনোজ' বুলি নয়নে চিঞৰা যেন পালো । তাৰ ৰূমলৈ গৈ দেখিলো গিটাৰ লৈ সি গান গাবলৈ ৰেডি । ৰূমৰ ভিতৰত জোনৰ ক্ষীণ পোহৰ সোমাই আহিছে । দুয়োটাই গান গোৱাত লাগিলো । এইবাৰ 'নবাগত আদৰণি অনুস্ঠানত আমাৰ গান গোৱাৰ পৰিকল্পনা । তেনেকৈ আধা ঘণ্টামান সময় গান বাজনা কৰাৰ পিছত আকৌ যেনিবা বিজুলী বাতিবোৰ জ্বলি উঠিল । মইয়ো ৰূমলৈ ঘূৰি আহিলো ।।

@ মনোজ 

Comments