ভোকত চিঞৰিছে নে স্ফূৰ্তিত
ভোকত চিঞৰিছে নে স্ফূৰ্তিত
'সীমা' গুৱাহাটীলৈ অহা প্ৰায় পাঁচ মাহমানেই হ'ল । প্ৰথম বিভাগত হাইয়াৰ ছেকেণ্ডৰী পৰীক্ষা উৰ্ত্তীণ হোৱা 'সীমা'ৰ সপোন হ'ল এগৰাকী ভাল চিকিৎসক হোৱা । মেডিকেল কলেজত ছিট পাবৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ত অনুস্ঠিত হ'বলগীয়া 'নীট'(NEET) পৰীক্ষাৰ প্ৰস্তুতি চলাবৰ বাবে তাই গুৱাহাটীৰ 'এলেন কেৰিয়াৰ ইনস্টিটিউট'ত নামভৰ্তি কৰিছে ।
ক্লাছ শেষত আগৰ দিনাৰ দৰে আজিও তাই এজনী বান্ধবীৰ লগত খোজকাঢ়ি ওচৰতে থকা হোস্টেললৈ গৈ আছে । তেনেতে ক'ৰবাৰ পৰা দৌৰি অহা সৰু লৰা এটাই তাইক বাট আগচি ধৰিলে । মলিয়ন , ফটা-ছিটা কাপোৰ পিন্ধা , হাড় -ছাল ওলোৱা প্ৰায় সাতবছৰ মান বয়সৰ লৰাটোৱে হাত দুখন তাইৰ ফালে আগুৱাই দিলে । ইমান সৰু লৰাটোৰ তেনে অৱস্হা দেখি তাই মৰ্মাহত হ'ল । তাই বেগটোত হাত ভৰাই চালে । কিন্তু, দুৰ্ভাগ্যবশত এটকা এটাও বিচাৰি নাপালে । খৰখেদাকৈ ক্লাছলৈ আহোতে আজি তাই টকা আনিবই পাহৰিছিল । দুখমনেৰে তাই লৰাটোক ক'লে,' ভাইতী , মোৰ লগত আজি একোৱেই নাই । বেয়া নাপাবা ।' লৰাটোৱে তাইৰ বেগত থকা পানী বটলটোলৈ আঙুলিয়ালে । তাই বুজিলে যে তাৰ পিয়াহ লাগিছে । তাই লৰাটোক পানী খাবলৈ দি আকৌ হোস্টেললৈ খোজ ল'লে । অলপ দূৰ গৈ তাই দেখিলে হাড়-ছাল ওলোৱা লৰাটোৰ মাকজনী কেচুৱা এটাৰ সৈতে ফুটপাথতে পৰি আছে । কেচুৱাটোৱে জোৰকৈ চিঞৰি আছে । তাই ভাবিলে, ' ভোকত চিঞৰিছে নে স্ফূৰ্তিত? ' তাই বুজিব বাকি নাথাকিল যে এয়াই দৰিদ্ৰতাৰ বান্ধোন ।।
@ মনোজ

Comments
Post a Comment