অফুৰন্ত হেঁপাহ
'নগেন'........অ' নগেন । সাৰ পালিনে? মই আহিলো ।'
নগেনৰ ঘৰৰ চোতালৰ পৰাই প্ৰবিনে চিঞৰিব ল'লে । কথাটো হ'ল দুয়োটাৰে আজি মাছ ধৰাৰ প্লেন আছিল । সৰুৰে পৰাই দুয়োটাৰ মাছ ধৰাৰ চখ এটা আছে । এতিয়া এই চল্লিশ বছৰ বয়সতো মাছ ধৰাৰ হেপাহ গুচাব পৰা নাই ।
আগদিনা ৰাতিয়েই কৰি থোৱা প্লেন অনুসৰি প্ৰবিন ধলফাট দিওতেই বন্ধু নগেনৰ ঘৰ ওলালহি । বিহুৰ সময় । 'কছাৰীখানা' , 'গটঙা' এই নদীবোৰ ইতিমধ্যে মাছেৰে ভৰি পৰিছে । আজি সিহঁতে 'গটঙা' নদীত মাছ ধৰিব যাব ।
( নগেন ঘৰৰ ভিতৰৰ পৰা ওলাই আহিল )
নগেন: অ' প্ৰবিন আহিলি । ভিতৰলৈকে আহ । মই চাহ অকমান খাই লও ।
'ৰীণা'....প্ৰবিন আহিছে অ' । তালৈও চাহ একাপ লৈ আন ,' চোতালৰ পৰাই নগেনে ঘৈনীয়েকক চিঞৰি ক'লে ।
প্ৰবিন : এহ ...নালাগে মোলৈ আনিব । মই আহোতে ৰাতিয়েই পানী দি থোৱা ভাত এগহা খায়েই আহিছো । বেছি সময় হোৱাই নাই ।
নগেন: অ' হ'ব দে তেন্তে । অলপ বহ এই চকীখনতে । মই চাহ কাপ খাই লও ।
( প্ৰবিন বাৰাণ্ডাতে থকা চকীখনতে বহিলে ...। নগেনে লৰালৰিকৈ চাহ কাপ খাই দুই মিনিট মানৰ পিছতে আকৌ চোতাল পালেহি । ভঁৰালঘৰ আৰু গোসাইঘৰৰ মাজতে থকা ঠাইখিনিৰ পৰা নগেনে পলহটো ওলিয়াই আনি প্ৰবিনক মাতিলে । )
নগেন: অই আহ , যাও ।
প্ৰবিন : অ' ব'ল ব'ল ।
( প্ৰবিনে প'লহটো কান্ধত লৈ সি লৈ অনা চাইকেলখনত বহিলে । নগেনেও তাৰ চাইকেল খনত বহিব লওতেই নগেনৰ সৰু লৰাটো ঘৰৰ ভিতৰৰ পৰা দৌৰি আহিল ।)
মন : দেউতা ....দেউতা । মইও যাম আজি তোমালোকৰ লগত ।
নগেন : হেই এইটো । তই আমাৰ লগত গৈ কি কৰিবি ।
( 'মন' হ'ল নগেনৰ সৰু লৰা । সি এতিয়া সপ্তম মান শ্ৰেণীয়েই পালেগৈ । তাৰো মাছ ধৰিব বহুত মন যায় । সি সদায় দেউতাকৰ লগত মাছ ধৰিব যাব বিচাৰে । কিন্তু দেউতাকে প্ৰত্যেক বাৰেই মানা কৰে । কিন্তু আজি সি এৰাত নাই । তাতে আজি ৰবিবাৰ । স্কুলো বন্ধ । গতিকে কিবা উপায়েৰে হলেও সি আজি মাছ ধৰা ঠাইলৈ যাবই।)
মন : এহ.... নহ'ব দেউতা । আজি তুমি তেনেকে ক'লে নহ'ব । মই আজি যামেই । মই নদীৰ পাৰতে ৰৈ মাছ ধৰা চাই থাকিম ।
( উপায়হীন হৈ দেউতাকে তাক নদীলৈ লৈ যোৱাৰ কথাকে ভাবিলে । )
নগেন : হ'ব দে বাৰু । ব'ল আজি । মাছ ধৰা চাবি ।
( দেউতাক মান্তি হোৱাত মনে আনন্দতে তিনি জাপ মাৰিলে । ততালিকে সি চাইকেলৰ কেৰিয়াৰত বহি ল'লে । লগতে পলহটোও হাতেৰে দাঙি ল'লে । )
মন : ব'লা দেউতা । চাইকেল চলোৱা । মই পলহটো ভালকে ধৰি লৈছো ।
( নগেনে ঘৈনীয়েকক মাত লগালে আৰু মনক মাছ ধৰাৰ ঠাইলৈ লৈ যোৱাৰ কথাও কলে । নহ'লে আকৌ মাকে চিন্তা কৰি থাকিব ।
'মন' পঢ়াশুনাত একেবাৰে কেঁচা । প্ৰায়বোৰ সময় গাঁৱৰ সমনীয়াৰ লগত খেলা ধূলা কৰি ফুৰে । বন্ধৰ দিন কেইটাতটো তাক ঘৰত দেখাই পোৱা নাযায় । তাক লৈ মাক দেউতাকৰ বহুত চিন্তা হয় । আন নহলেও পঢ়া শুনাক লৈ । পঢ়াৰ বাহিৰে কিন্তু বাকি বহু দিশত মন পাৰ্গত । বিশেষকৈ গান গোৱা, বাজনা বজোৱা আদিত মন পাৰ্গত । এইবোৰ দিশত গাঁৱত 'মন'ৰ এটা সুকীয়া পৰিচয় আছে । আনহাতে মনৰ ককায়েক পঢ়া শুনাত ভাল । হাইয়াৰ ছেকেণ্ডৰীত বিজ্ঞান শাখাত ভাল ফল দেখুওৱা মনৰ ককায়েক 'সৌৰভে' এতিয়া গুৱাহাটীৰ 'কটন বিশ্ববিদ্যালয়'ত 'পদাৰ্থ বিজ্ঞান ' বিসয়ত অধ্যয়ন কৰি আছে । যি কি নহওক নগেনে দুই পুত্ৰক লৈ গৌৰৱ অনুভৱ কৰে । লৰা দুটা যাতে ভাল মানুহ হয় , কোনো কাৰণতেই যাতে কস্ট নাপায় তাৰ কাৰণে নগেন আৰু ৰীণাই দিনে ৰাতিয়ে কষ্ট কৰে।
মাছ ধৰা হেপাহ মনৰ বহু সৰুৰ পৰা আছে । কাৰণ সৰুৰ পৰাই সি দেউতাকক মাছ ধৰি অনা দেখি থাকে । নদীলৈ মাছ ধৰা চাব যোৱা নাছিল যদিও বৰশী বোৱাৰ পৰা আৰম্ভ কৰি পথাৰত ঢল পানী সোমালে দেউতাকৰ লগত জালো চুচৰাই পাইছে । এইবাৰ যেনিবা সি নদীত মাছ ধৰা দেখা পাব । সৌৰভৰ আকৌ এইবোৰত চখ নাই । সেয়ে মাক ৰীণাই কেতিয়াবা কয় ,' আগলে মনে মাছ ধৰি আনিলেহে খোৱা আৰু । সৌৰভে টো এইবোৰ কাম কৰিব নোৱাৰে । সি চাকৰি এটা নাপালে কি যে কৰি খাব '।
বিহু বুলি সৌৰভো ঘৰলৈ অহাৰ কথা । সঠিক কৈ নাজানে কেতিয়া আহি ওলাবহি । কি ঠিক আজিও আহিব পাৰে । বিহু বুলি তাৰো ঘৰলৈ যাও যাও লাগি আছে । বহু দিন হ'ল সি নদীৰ মাছ খাব নোপোৱা । )
বিভিন্ন কথা পাতি পাতি গৈ নগেনহঁত 'গটঙা' নদী পালেগৈ । ইতিমধ্যে গাঁৱৰ বহুত দেকা ল'ৰাই তাত মাছ ধৰি থকা দেখা গ'ল । সকলো নদীত মাছ ধৰি থকা দৃশ্য দেখি 'মন' বহু আনন্দিত হ'ল । আগতে নেদেখা এক সুকীয়া দৃশ্য দেখা পালে সি । নগেন আৰু প্ৰবিন দুয়োটা পলহ লৈ পানীত নামি গ'ল । নগেনে পলহটো পানীত ডুবাই ডুবাই নদীৰ দ 'লৈ আগুৱাই গৈ থাকিল । এডিঙি মান দ' পানীত নগেনে পলহ মাৰি আছিল । তেনেতে পলহটো লৰি যোৱা নিচিনা পালে সি । পানীত ডুব মাৰি পলহটোত হাত সুমুৱাই সি গম পালে যে এটা ডাঙৰ বৰালী পলহটোত সুমাই পৰিছে । মাছটো কোনোমতে ধৰি সি কঁকালতে থকা শিঙৰিডালেৰে মাছটো চিলাই ল'লে । দেউতাকে মাছ পোৱা দেখি মনে কিৰিলি পাৰি উঠিল । ভালেমান সময় মাছ মৰাৰ পিছত নগেনে ' শ'ল' মাছ এটা পালে । ইপিনে প্ৰবিনেও বৰালী দুটা পালে । মাছ ধৰি দুপৰিয়া হ'লত সিহঁত ঘৰলৈ উভতিলে ।
নগেন ঘৰ আহি পোৱাত ৰীণা দৌৰি ওলাই আহিল । নগেনে দুটা মাছ পোৱা দেখি ৰীণাও আনন্দিত হ'ল । ডাঙৰ লৰাটোৱেও অলপ আগত ফোন কৰি জনাইছে , সি বোলে আহি আছে । গতিকে আজি সকলোৱে মিলি ভালকৈ এসাজ খাব পাৰিব ।
ৰীণা : হেৰি শুনিছেনে । সৌৰভ আহি আছে ।
নগেন : হই নেকি । ভালেই হ'ল দে । বহুত দিনৰ মুৰত সি নদীৰ মাছ খাব পাব ।
ককায়েক অহা গম পাই মনেও ভাল পালে আৰু আজি তাৰ নদীত মাছ ধৰা চাব যোৱাৰ সপোনটোও পূৰ হ'ল ।

- @ মনোজ
Comments
Post a Comment