প্ৰকৃত পথিক

এবাৰ হ'লেও সিহঁত দুটাই ভূমুকি মাৰেই । বুজিটো নাপাওঁয়েই সিহঁতৰ ভাষা । কিন্তু, চাল-চলনে ক'ব খোজে ,কেতিয়াবা কিবা আনন্দৰ বতৰা নাইবা কেতিয়াবা আকৌ বিৰহ বিচ্ছেদ । কিন্তু, সদায় এবাৰ হ'লেও সিহঁতক তাল গছজুপিৰ পাতত বহি থকা দেখা যায়েই । যদি কিবা মনোমালিন্যৰ সৃষ্টি হয়,তেতিয়া কোনোবাটোক দেখা যায় পলাশৰ ৰঙীন আভাৰ মাজত ।খুচৰিব ধৰে হেৰাই যোৱা সুখৰ পাপৰিবোৰ । এই বসন্তৰ প্ৰাকক্ষনৰ পৰাই কুলি দুটাৰ নৱ-নৱ খেলা । নৱ-নৱ পৰিকল্পনা আৰু কিমান যে কি সিহতে ভবা নাই । প্ৰকৃতিয়ে ন-সাজ পৰিধান কৰাৰ লগে লগেই মজবুত কৰিব লৈছে সিহঁতে পৰিকল্পনাৰ ভেটিবোৰ । মজবুত কৰিব লৈছে প্ৰকৃতিৰ অংশীদাৰসকলৰ সৈতে সেই এৰাব নোৱাৰা যুগমীয়া সম্পৰ্ক । আৰু সিহঁতৰ প্ৰতিটো মিলন আৰু বিচ্ছেদৰ সাক্ষী বহন কৰিছে বিশাল আৰু দৃঢ বৰগছজোপাই । হয় , সকলো আপদৰ দূৰ ঘটাই অৱশেষত সিহঁত হ'ব বিচাৰিছে ধাৱমান 'মিলন'ৰ দিশত । এই বিশাল উৎসৱলৈ সিহঁতে নিমন্ত্ৰণ কৰি ফুৰিছে প্ৰকৃতিৰ প্ৰতিটো অংশীদাৰক । সকলো হৈছে আনন্দত আত্মহাৰা । মৌ-মাখিবোৰে আনন্দতে ন-আভাৰে ভূষিত প্ৰকৃতিৰ নানাৰঙী পুস্পৰ মৌ পান কৰাত লাগিছে । মুঠতে এক উলহ মালহ পৰিবেশ । হয় ,জীৱন এনেদৰেই । প্ৰতি দিনাই প্ৰকৃতিয়ে আমালৈ কঢিয়াই আনে ন-ফুলৰ সুবাস । পুৰণিক পাহৰি বৰ্তমানক আদৰি লোৱাৰ অদম্য শক্তি । কিয় ,আমি বিচাৰি চাব নোৱাৰো নে এই ক্ষুদ্ৰাতিক্ষুদ্ৰৰ পৰাই জীৱন গঢ়াৰ প্ৰকৃত পথ । হয় , নিশ্চয় হ'ব পাৰিম এটি সুন্দৰ  জীৱন পথৰ প্ৰকৃত পথিক আৰু এদিন চুবগৈ পাৰিম বাটচাই থকা মোৰ লক্ষ্যক । আৰু তেতিয়া আকৌ সৃষ্টি হ'ব এটি উৎসৱমূখৰ পৰিৱেশ । আৰু সেইদিনাই দোহাৰি পেলাম জীৱন পথত পোৱা নোপোৱাৰ তালিকা আৰু মনৰ পৰা নিগৰাম এটা সুন্দৰ হাঁহি যিয়ে প্ৰকাশ ঘটাব মই আছিলো নে আচলতে সেই প্ৰকৃত পথিকজন ....।।

@ মনোজ

Comments