আজিৰ শাৰদীয়

এয়া ..
শেৱালি ফুলা বতৰ
চাওতে চাওতে
শৰত আকৌ দুৱাৰদলিত
শেৱালিৰ শুভ্ৰ ওৰণি টানি
জাতিস্কাৰ হৈ পৰা প্ৰকৃতি
আৰু আনফালে সেই
একেই উন্মাদনা
একেই উলহ-মালহ
বিবিধ পৰিকল্পনা ...
হয় ...এয়া শাৰদীয়
শেৱালি ফুলাৰ বতৰ ;
কিন্তু, প্ৰকৃততে
একেই আছে জানো
এই সকলোবোৰ ...
তুমি নিশ্চিত নে ?
সেই উন্মাদনা
সেই উলহ-মালহ
সেই পৰিকল্পনাবোৰ...!
বিচাৰি পোৱা জানো এতিয়া
তলসৰা শেৱালিক লৈ ৰচা
শৈশৱৰ বিবিধ স্বপ্ন
বিবিধ আশাৰ পাপৰি ?
দূৰ অতীত হৈ পৰা সেই
সোনোৱালী শৈশৱ
পাম নে ঘূৰাই ....?
হয় ,
এই শৰতত আকৌ
ফুলিব শেৱালি অহৰ্নিশে
কিন্তু, আজিৰ জীৱন পথৰ
এই যান্ত্ৰিকতাবোৰৰ
হ'বনে কেতিয়াবা অৱসান?


@মনোজ

Comments