জোনাক

আমি বাচি থাকিম যদিহে প্ৰকৃতি সুৰক্ষিত হৈ থাকে । প্ৰকৃতিক সুৰক্ষিত কৰি ৰখাৰ দায়িত্বও আমাৰ । আবৰ্জনাবোৰ প্ৰকৃতিৰ সৃষ্টি নহয় । এইবোৰ আমি মানুহেই সৃষ্টি কৰা যিহে প্ৰকৃতিৰ সৌন্দৰ্য্য বিনষ্ট কৰাৰ লগতে আমাৰ পৃথিৱীখনক ধ্বংসৰ পথলৈ থেলি লৈ গৈ আছে । এই সকলোবোৰ দেখি শুনি আমি থমকি থাকিলে নহ'ব ।আনলৈ ৰৈ নাথাকি আমি প্ৰকৃতি সুৰক্ষাৰ বাবে নিজেই ঐক্যবদ্ধ হৈ আগুৱাই আহিব লাগিব ।
    খানাপাৰা এখন জাবৰ পেলোৱা জেগালৈ পৰিবৰ্তন হ'ব লৈছে । এই সন্দৰ্ভত কৰ্তৃপক্ষই উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাত বছৰৰ পিছত বছৰ ধৰি প্লাষ্টিক জমা  হৈ হৈ থাকিব নোৱাৰা ঠাইলৈ পৰিবৰ্তিত হৈছে । এইবোৰ আৰু চাই থাকিব নোৱাৰি । এই খানাপাৰাক জীপাল কৰি তুলিবলৈ আগবাঢ়ি আহিছে 'জোনাক '(মূখ্য ছাত্ৰাবাসৰ ফালৰ পৰা ...)।
    আজিৰ দিনটোত 'জোনাকে' ললে খানাপাৰাক পৰিস্কাৰ কৰাৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ । আৰু সফলতাৰে আজিৰ কাৰ্যসূচী সমাপ্ত কৰিবলৈ সক্ষম হৈছে । এনেকৈ প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত 'জোনাক' আগবাঢ়ি আহিছে আৰু আগলৈও থাকিব ।।

@মনোজ

Comments