অজ্ঞাত পথ

দুভাগ ৰাতিৰ সেই
নিভাজ কথাবোৰ এতিয়া
মোৰ পাহৰণিৰ গৰ্ভত
বিচাৰিব খুজিও থমকি ৰও
শেৱালিৰ শুভ্ৰ দলিচাৰ মাজত
লুকোৱাই ৰখা তোমাক লৈ
ৰছা আশাভৰা স্বপ্নবোৰ ...
তলসৰা শেৱালিৰ লগতে
      মৰহি গৈছে মোৰ
ব্যৰ্থ স্বপ্নৰ পাপৰি ;
লিখিব খুজিও থমকি ৰৈছো
      খু-দুৱাই থকা
 মোৰ ভাবুক মনৰ অনুভূতি..
কঁপি উঠা দুখনি হাতে
   বাৰুকৈ বাধা দিব খুজিছে
লিখিব খোজা
    মোৰ বিৰহ কবিতা
আৰু কিমান দিন?
কিমান দিন বাটকুৰি বাম
কঢিয়াই এই ব্যৰ্থতাৰ বোজা
কিমান দিন ..?
   ভুলবোৰ শুধৰাব খোজো
সপোনবোৰ দেখিব খোজো
     কলমটো আকৌ
তুলি লব খোজো
আকৌ নিগৰাব খোজো
মোৰ ব্যৰ্থতাৰ ভাৰ
কিন্তু,
 এই পুনৰাবৃত্তিয়ে নো
কি কঢিয়াই আনিব?
নতুন আশাৰ বতৰা
নে
ন: স্বপ্নৰ পাপৰি?
এই সকলোবোৰ ত্যাগৰ বাদে
আছেনো কি মোৰ ৰাস্তা...
আতৰিব খোজো
এই দু:স্বপ্নৰ পৰা,
আৰু আগবাঢ়িব খোজো
জীৱনে লৈ যোৱা
    অজ্ঞাত পথত.....।।

@মনোজ

Comments