এটি পৃষ্ঠা
ডায়েৰীখন তুলি লওঁতেই হঠাৎ উলাই পৰিল সেই পৃষ্ঠাটো । সযতনে ৰখা এটা পৃষ্ঠা । পৃষ্ঠাটো মই সযতনে ৰাখিছো আৰু ৰাখিম, কাৰণ এই পৃষ্ঠাটোতে বিচাৰি পাও মই তোমাৰ কোমল হাতৰ পৰশ । নৱবৰ্ষৰ প্ৰাকক্ষণত তোমাৰ হাতৰ স্পৰ্শেৰে শুৱনি কৰিছিলা এই উকা পৃষ্ঠাটো । মোৰ কাৰণেই হয়তো নিগৰাই তুলিছিলা কেইটিমান শব্দ । য'ত নিহিত হৈ আছিল তোমাৰ অপৰিসীম আশা,তোমাৰ হেঁপাহ আৰু নিশ্চিতভাৱে মোৰ প্ৰতি থকা তোমাৰ ভালপোৱা । এই সকলোবোৰ এতিয়া মই বিচাৰি চাওঁ একমাত্ৰ পৃষ্ঠাটোৰ মাজত । তোমাৰ মনত আছে নে ? এবাৰ যে মই কোনেও গম নোপোৱাকে তোমালৈ বগৰী টেঙা লৈ গৈছিলো । কিমান যে ভাল পাইছিলা তুমি টেঙা কেইটা পায় । নিশ্চয় মনত পৰিব তোমাৰ । স্মৃতিবোৰ কেতিয়াও ধূসৰ হ'বলৈ দিয়া নাই মই আৰু নিদিও ; অন্তত: এই ধৰাত থকালৈকে । তুমি ভালপোৱা, তুমি বিচৰা যিকোনো কামেই কৰিবলৈ সাজু মই । অটল হৈ থাকিব তোমাৰ প্ৰতি থকা মোৰ ভালপোৱা । এই সময়টোক নো মই কি বুলি ক'ম । দোষ নিদিও কাকো । সময় সলনিৰ লগে লগে মানুহৰ মন-মগজুও হয়তো স্হিৰ নাথাকে । অজানিতে তোমাৰ লগত মই বহুতবাৰ ভূল কৰিলো । তুমি বিচৰাটোৰ বিপক্ষে গ'লো । একপ্ৰকাৰ মানসিক অশান্তি দিলো । আচলতে তুমি ভালপোৱাৰো বিপক্ষ হ'ব বিচৰা নাছিলো । তথাপি যি কৰিলো ভূলেই কৰিলো নিশ্চয় । পাৰা যদি ক্ষমা কৰি দিবা । তোমালৈ মোৰ এয়াই একমাত্ৰ অনুৰোধ । আমি চাগে আকৌ কেতিয়াও ভাল বন্ধু হ'ব নোৱাৰিম । আচলতে মই বন্ধুত্বৰ অৰ্থই বুজি নাপাও । প্ৰকৃতিয়ে চাগে এয়াই বিচাৰিছিল । কিন্তু, তুমি মোৰ হৃদয়ত সদায় থাকিবা । স্বপ্নবোৰ পূৰ নহ'ল আৰু ইয়াক মোৰেই বিফলতা বুলিয়েই নিজক সান্তনা দিম.......।।
@মনোজ
@মনোজ
Comments
Post a Comment