শৰত নে শৰ
শৰতৰ শেৱালীয়ে নিয়ৰৰ টোপালক লৈ ধেমালি কৰিব লৈছে । ৰাস্তাৰ কাষতে থকা সেই শেৱালী জোপাই জাতিস্কাৰ কৰিছে চৌদিশ । সিক্ত শেৱালিৰ কোমল স্পৰ্শত সি শাৰ পালে । চকুকেইটা মোহাৰি ল'লে সি । মাজনিশাৰ চকুপানীবোৰ শুকাই কৰাল মাৰিছে । তৎমূহুৰ্ততে তুলি লৈছে তাৰ নিত্য প্ৰয়োজনীয় সেই মলিয়ন বস্তাটো । মনত পণ কৰি আৰু দূখ-ভোক পাহৰি সি দিছে খোজ সমূখলৈ । আগবাঢ়িছে জাবৰৰ বিশাল দ'মবোৰৰ মাজলৈ । দূৰদূৰণিৰ পৰা ভাঁহি অহা ঢাক-ঢোল,পেঁপা,সুহুৰি আদিৰ শব্দই বাৰে বাৰে আমনি কৰিব লৈছে । বাৰে বাৰে থমকি ৰৈছে তাৰ দুভৰি আৰু পুণৰ বব লৈছে দুধাৰি চকুলো । কষ্টৰে আগুৱাই গ'ল সি পূজা মণ্ডপ এটাৰ ফালে । তাৰ সমবয়সীয়া সৰু সৰু ল'ৰা ছোৱালীবোৰে হাতত একো-একোটা বেলুন আৰু সুহুৰি লৈ আনন্দ উল্লাসেৰে ধেমালি কৰি থকা দেখা পালে । কোনো কোনোৱে আকৌ জেলেপিৰ সোৱাদ লোৱাত ব্যস্ত । কিন্তু এই আনন্দ উল্লাস আৰু জেলেপিৰ সোৱাদ তাৰ বাবে এতিয়া দূৰ অতীত । খোজ দিব ল'লে ৰাস্তাৰ দুকাষে থকা পূজাৰ বিপনীবোৰৰ মাজে মাজে । কিন্তু আগবাঢ়িব পৰা নাই মানুহৰ ভিৰত । আৰু এসময়ত লুটিখাই পৰিছে সি ৰাস্তাৰ কাষত । জোৰকৈ মুদি দিছে সি দুচকু আৰু দুহাতেৰে হেচি ধৰিছে কাণদুখন ।অলপ পৰৰ পিছত পুনৰ সি খৰকবৰক কৈ আগবাঢ়িছে পূজাৰ মণ্ডপটোৰ ভিতৰলৈ ।আৰু সিক্ত নয়নেৰে চাই ৰৈছে আৰাধ্য দেৱীৰ ফালে .....।।
@মনোজ
@মনোজ
Comments
Post a Comment