শৰতৰ এটি পুৱা

ধলফাট নিদিওঁতেই আজি শাৰ পালো । প্ৰকৃতিৰ একাংশ এতিয়াও বুৰ গৈ আছে নিৰ্জনতাত । শৰতৰ এটি নিয়ৰ সেমেকা পুৱা । গছৰ পাতত লাগি থকা নিয়ৰৰ টোপালবোৰো এটুপ-দুটুপ কৰি সৰি আছে আৰু ধ্বনিত হৈ ৰৈছে তাৰেই টিপ-টিপ শব্দ । সিক্ত দুবৰিৰ কোমল দলিচাৰ ওপৰেদি দিও-নিদিও ৰূপত আগুৱাইছো মোৰ খোজ । এয়া মোৰ খালী দুভৰিত নিয়ৰ সনা দুৱৰিৰ সিক্ত আলিঙ্গন । পদূলিৰ বকুলজোপাৰ তলেদি যোৱা মাত্ৰকে দুই এটুপ অস্হিৰ নিয়ৰে মোৰ কেকোঁৰা চুলিত যাচিছে চেঁচা পৰশ । ওপৰলৈ চাই দেখো শালিকী চৰাইটিয়ে ইডালি সিডালি কৰি আছে ; এক দায়িত্ববোধৰ চিন আদৰিবলৈ নৱজাতকক । পদূলিৰ বহুবছৰ পূৰ্বে মৰি যোৱা আমলখিজোপাই দেখোন হেৰাই যাব দিয়া নাছিল তাৰ অস্তিত্ব । তাৰে এটি পুলি পোখা আজি প্ৰাণৱন্ত ৰূপত । বাটৰ কাষৰ উঁই হাফলুটোও একেদৰেই আছে আৰু একেদৰেই তাক আজিও সাবতি আছে সেই নিৰ্দোষ লতাবোৰে । সৰুৱা গছজোপাইও বহন কৰি আছে তাৰ ঐতিহ্য । এজাক শীতল বতাহ বৈ আছে অহৰ্নিশে । অব্যাহত আছে গোলাপজোপাৰ ডালবোৰত সেউজী পাতবোৰে কৰা লুকা-ভাকু । নিয়ৰৰ স্পৰ্শত তাৰে কিছুমান উন্মুক্ত হৈছে ধূলিৰ শয্যাৰ পৰা আৰু কিছুমান সদ্যজাত । ফুটুকীয়া পখিলাকেইটাই লুকা-ভাকু খেলিছে আৰু কোনোটোৱে কানে কানে কৈ গৈছে বহু কথা । এইবাৰ নঙলাডাল খুলি পকী ৰাস্তাটোলৈ বুলি দিলো খোজ । ৰাস্তাৰ কাষৰে শ্যামলীডৰা লহপহকৈ বাঢ়ি আহিছে । যেন এই শাৰদীয় উৎসৱত প্ৰকৃতিয়ে পাৰি ৰখা এখন সেউজ দলিচা । সব্যসাচী হাতৰ পৰশত সৃষ্টিৰ পাতনি মেলা এই শ্যামলীডৰাই সহস্ৰজনৰ আশা-ভৰসাৰ একমাত্ৰ স্থল । মোৰো বহুত মন এই বিশাল সেউজডৰা সোনালী হোৱা চাবলৈ । নাঙলৰ সীৰলুত কৃষকৰ টোপা-টোপে সৰা ঘামবোৰৰ চানেকীৰ সাৰ্থকতা চাবলৈ আৰু তাৰ এটি ক্ষুদ্ৰ অংশীদাৰ হ'বলৈ । অবিৰত সেই ৰিব্ ৰিব্ সমীৰণ । কঢ়িয়াই আনিছে শেৱালিৰ বতৰা । মাছমৰীয়া কেইটাও ধাৱমান হৈছে কৰ্তব্যৰ দিশে । এয়া , পূৱে ধলফাট দিলে । মইও সমীৰৰ আতধৰি দিলো খোজ তলসৰা শেৱালিৰ সন্ধানত .....।।


@ মনোজ

Comments