অনুভৱ-খণ্ড-দুই
তাৰ মানুহবোৰ কেনেকুৱা, তাত চাগে বিহু বহুত চলে, তাত চাগে সবেই ভাল অসমীয়া কব জানে, আমোলাপট্টি নে concept জুনিয়ৰ কলেজ, ADP নে নগাওঁ কলেজ ....কোনোবাৰ আধা কোৱা কথাবোৰৰ আঁৰৰ সকলো জানিবলৈ মই মনোজ'ক হেজাৰ হেজাৰ প্ৰশ্ন কৰি আছিলোঁ, সিওঁ এটা মিচিকিয়া হাঁহিৰে মোৰ ফালে চাইছিলে আৰু কৈছিলে ৰোৱা অকণমান পাবহি আৰু তোমাৰ চহৰ তোমাৰ সপোন নগৰী! এনেতে মেজিক'ৰ conductor জনে আমাক কলে দাদা town পালোঁহি, আপোনালোক নামিব পাৰে।
"নগাওঁ" মোৰ কাৰণে কেৱল এখন ঠাই বা জিলা নাছিল, মই কেতিয়াও ইয়ালৈ অহা নাছিলোঁ যদিও বহু বাৰ এই মোহময়ী ঠাইখন মোৰ বুকুৰ কোনোবা এটা কোণত সন্নিবিষ্ট হৈ আছে, ইয়াৰ প্ৰত্যকেশন দোকান , ৰাস্তা প্ৰত্যেক জন মানুহ যেন মোৰ চিনাকি আছিলে মই যেন আগতে হেজাৰ বাৰ ইয়ালৈ আহিছোঁ, এইয়াই নেকি এসময়ত নিজৰ আপোন জনৰ পৰা শুনা সেই কাহিবিবোৰৰ বাস্তৱিক ৰূপান্তৰণ! নগাওঁৰ উশাহত প্ৰেম আছিল, মোৰ চকু দুটা যেন ব্যস্ত বিচৰাত মই ইয়াতে হেৰাই যোৱা মোৰ কলংকিত অতীত, যিদৰে সময় এ ৰূপ সলালে মোৰ হৃদয়ত আজিও লুকাই থকা সেই কাজলসনা দুচকু যেন মই আজি বিচাৰি পাম, আকৌ এবাৰ ডুবি যাম তাইৰ সেই নানাৰঙী ক্লান্তময় হাঁহিৰ প্ৰত্যেকটো ক্ষণত, তাইক কম যে তুমিবিহীনতাৰ যন্ত্ৰণা নাই মোৰ কেৱল দিব আছে ধৈন্যবাদ এটা, তোমাৰেই আৰ্শীবাদ চাগে আজি লিখিবলৈ বহুত কথা আছে! পাৰিলে মোক ক্ষমা কৰি দিবা, তেতিয়া মনেৰে ডাঙৰ হোৱা নাছিলোঁ!
"নয়ন, আঁহ সোনকালে নাম ইয়াতে, এইবুলি কৈ মনোজ এ মোক টানি ধৰি battery ৰিক্সা খনৰ পৰা নমাই আনিলে। ইতিমধ্যে আমি নাট্যমন্দিৰ পাইছিলোঁহি, অভিষেক তাত ৰৈ আছিল , তাক দেখা পাই মই সাৱটি ধৰিছিলোঁ আৰু মনে মনে কৈছিলোঁ " ধৈন্যবাদ বন্ধু! মোক নগাঁও'ত মাতা বাবে, ধৈন্যবাদ সেই পুৰণি স্মৃতিবোৰ জীপাল কৰি তোলা বাবে"
.......নয়নদ্বীপ

Comments
Post a Comment