আখৰা
হয় ; এতিয়া আৰু নাই আগৰ দৰে সকলোবোৰ । পলকতে দেখোন সলনি হয় জীৱনৰ অবুজ মূহুৰ্তবোৰ । অজানিতে কৰা ভূলবোৰৰ শুধৰণিৰ বাবেনো কিমানবাৰ চলাম তাৰ আখৰা ? এনে কৰিলে জানো আকৌ হৈ যাব আগৰ দৰে সকলোবোৰ? ওহো , মইতো তাৰ কোনো উমান পোৱা নাই । মই বিফল হৈ ৰলো এই আখৰাত । নোৱাৰিম চাগে ঘূৰাই আনিব সেই মূহুৰ্তবোৰ । উপাইহীনতাতনো আৰু কি কৰিবলৈ আছে । মাথো নিগৰাম উকা পাতত কেইটামান কবিতা । মনতোকে পাতলাবলৈ, বিচাৰিবলৈ হেৰুৱা ভাৱনাবোৰ ....
@ মনোজ
@ মনোজ
Comments
Post a Comment