অনুভৱ-খণ্ড-এক
অনুভৱ
বাছখন হঠাৎ ৰৈ যোৱাত মোৰ চিলমিলকৈ অহা টোপনিটো ভাগি পৰিল । অহ, কলিয়া ভোমোৰা দলঙেই পালোহি চোন । কলিয়া ভোমোৰাৰ তলৰ বিস্তীৰ্ণ ভূমিত দূৰ-দূৰণিলৈকে বিস্তাৰিত হৈ থকা কহুৱাই যেন বাউলি আমাকেই জনাইছে বিদায় । দোহাৰিব খোজে এৰি অহা সেই ঠাই ,সেই মানুহ ,সেই মৰম ,আদৰ আৰু মুহূৰ্তবোৰ । এয়া আছিল আমাৰ হঠাতে কৰা এটা পৰিকল্পনা । দুদিনমান আগতে নয়নে ফোন কৰি জনালে, 'মনোজ , মই গৈ আছো তেজপুৰ আৰু নগাওঁ ।এইবাৰ পূজা চোৱাৰ আৰম্ভণি তেজপুৰৰ পৰাই কৰা যাওক ।' কথামতে প্ৰথমে তেজপুৰলৈ যোৱা হ'ব আৰু তাৰ পিছদিনা নগাঁৱত পূজা চোৱা হ'ব । আলোচনা মতে ষষ্ঠী দিনা ৰাতিপুৱাই নয়ন আৰু বিশ্বজীৎ গুৱাহাটীৰ পৰা নগাঁৱৰ অভিমূখে যাত্ৰা আৰম্ভ কৰিলে । সিহঁত নগাঁৱৰ বাইপাছলৈ অহাৰ কথা । সিহঁত বাইপাছ পোৱাৰ ঠিক আগতেই মোক ফোন কৰিলে আৰু মইও ঘৰৰ পৰা ওলালো নিৰ্দিষ্ট সময়ত । সঠিক সময়ত গৈ যেনিবা মই সিহঁতক লগ কৰিলোগৈ । তাৰ পিছত আমি পুণৰ তেজপুৰৰ অভিমূখে ৰাওনা হ'লো । গাড়ীত গৈ থাকোতে নানা আলোচনা হ'ল । বিশেষকৈ আমাৰ লগৰে তেজপুৰৰ দুজন বিখ্যাত ব্যক্তি 'কৰন' আৰু 'ময়ুৰ'ৰ বিষয়ে । সিহঁতকো জনালো আমি গৈ থকাৰ কথা । কৰনৰ সেই একেই উত্তৰ, 'আহ,আহ .... মিছন চাৰিয়ালী পালেহি মোক ফোন কৰিবি ।' কলিয়া ভোমোৰা দলঙত গাড়ী উঠোতে গান শুনি মচগুল হৈ থকা নয়নক কথাটোৰ গম দিলো । সিও তৎক্ষণাতে ম'বাইলেৰে এটি সুন্দৰ দৃশ্য আবদ্ধ কৰিলে । গাড়ী মিছন চাৰিয়ালী পাও পাও হ'লত কৰনক ফোন কৰি জনালো । সময়মতে গৈ আমি 'মিছন চাৰিয়ালী' পালোগৈ । কিন্তু 'কৰন' মহাশয় আহি তেতিয়াও নাপালেহি । ফোন কৰিলে কয়,'পামহি,পামহি ...আৰু 20 মিনিট ।' তালৈ ৰৈ ৰৈ ভাগৰি আমি এখন হোটেলতে সোমাই চাহ-জেলপিৰ সোৱাদ ল'লো । তালৈ ৰৈ ৰৈ খঙ উঠিব লৈছে আমাৰ । ঠিক 45 মিনিট মানৰ পিছত সি আহি উলালহি । তাৰ পিছত আমি কৰনৰ গৰৈমাৰীৰ ঘৰলৈ গলো । তাতে দুপৰীয়াৰ ভাত খাই তেজপুৰৰ ঐতিহ্যমণ্ডিত ঠাইবোৰ চাবলৈ ওলাই গ'লো । ময়ুৰে আমাক মিছন চাৰিয়ালীতে লগ কৰিলে । তাৰ পিছত আমি তেজপুৰৰ 'গনেশ ঘাট', 'অগ্নিগড়', 'চিত্ৰলেখা উদ্যান ' আদি চালো । সন্ধিয়া পৰত 'ময়ুৰ'ৰ ঘৰতো এপাক সোমাই আহিলো । ৰাতিৰ ভাতসাজ খাই আমি পাৰ্বতীনগৰৰ বিশ্বজীতৰ সমন্ধীয় আইতাকৰ ঘৰলৈ গ'লো । তাতে ৰাতি থাকিলো । সচাই তেজপুৰত পাই অহা মৰম ,আদৰ ,মুহূৰ্তবোৰ চিৰস্মৰণীয় হৈ ৰ'ব । কথাবোৰ ভাবি থাকোতেই 'নগাঁও বাইপাছে'ই পালোহি । নয়ন আৰু মই বাছৰ পৰা নামিলো আৰু গতি কৰিলো এক অন্য দিশে ৰচিবলৈ নতুন সপোন ,ন-স্মৃতি...।।
@মনোজ

Comments
Post a Comment