মগনীয়া

বেলি লহিয়াবই হ'লহি আৰু ইফালে বয়সেও । তেওঁৰ এহাতত সেই অতীজৰে খয় যোৱা বাঁহৰ লাখুটিডাল আৰু আনখন হাতত নিত্য প্ৰয়োজনীয় মোনাখন । লাখুটিত ভৰ দি খুপি খুপি আহি অৱশেষত তেওঁ বহি পৰিল ৰাস্তাৰ কাষৰে বকুল জোপাৰ তলত । ৰিব্ ৰিব্ বতাহ বলিব ধৰিছে ।চাৰিওফালে লাহে লাহে আগুৰি ধৰিছে মৌনতাই । ধৰাৰ সকলো জীৱই ঢাপলি মেলিছে নিজৰ ঘৰলৈ । আৰু এটা দিনৰ লাহে লাহে অন্ত পৰিব লৈছে । কিন্তু, আজি তেওঁৰ কিবা এটা হৈছে । কিবা এক অজান শক্তিয়ে যেন তেওঁক আগবঢাত বাধা দিব লৈছে । বাৰে বাৰে চোন মন-মগজুত খুন্দা মাৰিব ধৰিছে সেই এৰি অহা অভিশপ্ত দিনবোৰৰ কথা । সেই দিনটোৰ কথা যিদিনা তেওঁক নিথৰুৱা কৰি এৰি থৈ গৈছিল তেওঁৰ পত্নী আৰু সন্তানে । আৰু আজি তেওঁ আহি উপস্থিত হৈছেহি জীৱনৰ অন্তিম বেলাত আৰু নিথৰ দেহটোৰে গতি কৰিবলগীয়া হৈছে সহস্ৰ দূৰ কিবা এটা পোৱাৰ আশাত । জীৱনে যেন তেওঁক এই দুটা বস্তুয়েই উপহাৰ দিলে ...লাখুটিডাল আৰু মোনাখন । আৰু তাকেই সঙ্গী হিচাপে লৈ তেওঁ বাটকুৰি বাইছে সহস্ৰাধিকৰ ঘৰৰ চোতালে চোতালে । জীৱনৰ পৰা তেওঁ পলাবও টো নোৱাৰে । বৰঞ্চ মনতে পণহে কৰিব লাগিব বাকী ৰৈ যোৱা আবেলিৰ ৰঙীন আভাৰ অংশীদাৰ হোৱাৰ বাবে । লাহে লাহে আন্ধাৰ নামি আহিছে । ওচৰতে থকা মোনাখন তেওঁ খুলি চালে আৰু এটা সন্তুষ্টিৰ হাঁহি মাৰিলে । তাৰ পিছমুহূৰ্ততে সজোৰেৰে লাখুটিত ভৰ দি তেওঁ থিয় দিলে আৰু ভগৱানৰ নাম এফাঁকি লৈ খোজ ল'লে সমূখলৈ .....।।

@ মনোজ

Comments