এজোপা গছৰ মৃত্যু

এতিয়া আকাশ একেবাৰে শান্ত ; আকাশত জুই জ্বলাবলৈ যে নাই সেই মদাৰ ...আৰু নাই । এইবাৰ বসন্তও দেখোন সেতা পৰি  ৰ'ল ; কাৰণ ৰঙবোৰ যে মদাৰৰ মৃত্যুৰ লগতে গ'ল মৰহি । এজোপা গছৰ মৃত্যু ঘটিল । হয় ; আজি আৰু নাই সেই গছজোপা । মদাৰ জোপাৰ মৃত্যুত আজি প্ৰকৃতিৰ একাংশৰ মাজত সৃষ্টি হৈছে হাহাকাৰ, হুৱাদুৱা । কিন্তু,  পূজাবৰ্জিত বুলিয়েই এদিন প্ৰকৃতিয়ে একাশৰীয়া কৰা সেই মদাৰেই দেখোন জিৰণিৰ স্হল হৈ ৰৈছিল সেই সহস্ৰাধিক বৰটোকোলাৰ । গা পাতি লৈছিল সিহতৰ বিস্হাৰ ভাৰ । এয়া আচলতে কিহৰ প্ৰতিদান আছিল। সহায়ৰ বাবে পোৱা সন্মান নে পাবলগা পাপৰ ফল । এই সকলোবোৰৰ পৰা আজি মুক্ত । মুক্ত হ'ল মদাৰ ,প্ৰকৃতিৰ সেই নিষ্ঠুৰ নিয়মৰ পৰা । কিন্তু বসন্তৰ ৰঙবোৰহে নোহোৱা হৈ ৰ'ল । চৌদিশে গ্ৰাস কৰিলে নিৰ্জনতাই। অতীত হৈ ৰ'ল সেই আনন্দবোৰ , সেই ৰঙবোৰ ....।।

@ মনোজ

Comments