বাট বাটৰুৱা-১
*বাট বাটৰুৱা*-১
( Dwijing festival )
অজস্ৰ সপোনে ভৰ দি থকা
সেই মনবোৰ
অবিৰতভাৱে কৰা
সেই সন্ধানবোৰ,
পৰিভ্ৰমী পক্ষীৰ দৰে
ডেউকা মেলিব খোজো
কাহানিবা বিচাৰিয়েই পাওঁ
স্বপ্নৰ বাস্তবিকতা ;
জীৱনে মেলি দিছে
মোকলাই দিছে
অজস্ৰ একা- বেঁকা
ঠিকনাবিহীন বাট
তাৰে কোনোবাটো মসৃণ
নাইবা আনটো কাঁইটিয়া
স্বপ্নাতুৰ মনৰ তাড়নাত
আমি হৈ পৰিছো 'বাটৰুৱা'
হয়...বাটৰুৱা আৰু
আৰম্ভ কৰিছো আমাৰ যাত্ৰা
স্বপ্নৰ ঠিকনা বিচাৰি ......
এনেতে ম'বাইলটো ৰিঙ কৰি উঠিল । মইয়ো খক্-মক্ কৈ সপোন নগৰীৰ পৰা বাস্তৱলৈ ঘূৰি আহিলো । ম'বাইলটো চাই দেখো অৰ্ণবে ফোন কৰিছে । লগে লগে সময় কিমান হ'ল চালো । পুৱা ৫ মান বাজিছেহে । *অ' অৰ্ণব, কোৱা* । মনোজ, সাৰ পালানে ? *এইয়া উঠিছো আৰু*। উঠা , উঠা সোনকালে । ৭ বজাৰ আগত আমি গুৱাহাটী ট্ৰেইন ষ্টেচন পাবগৈ লাগিব । সোনকাল কৰা । বাকী নয়ন ,বিশ্বহঁতকো জগাই দিয়া । *অ' ..ঠিক আছে*।
'হয় , এনেদৰেই আৰম্ভ হয়
আমাৰ দিনবোৰ
হঠাতেই সৃষ্টি পায়
পৰিকল্পনাবোৰে, আৰু তৎক্ষণাত সাজু হৈ পৰো
আমাৰ যাত্ৰাৰ বাবে
কাৰণ কাহানিও
কৰিব নিবিচাৰো ম্লান
মনৰ উজ্জ্বলতাবোৰ.....'
*নয়ন , অ' নয়ন*। অ' মনোজ । *উঠা , উঠা*। *৫ বাজি গ'ল*। এনেকৈ মই নয়নৰ ৰূমৰ দৰ্জাত টোকৰ দিলো । বিশ্ব , আতিক , সিহঁতকো জগাই দিলো ।
এয়া আছিল আমাৰ হঠাতে সৃষ্টি হোৱা এটা পৰিকল্পনা । আগদিনা বিশ্বই নয়নৰ ৰূমত মাতি নি মোক সুধিলে, 'Dwijing festival চাব যাবি নেকি ? আগতে এই উৎসৱৰ নামহে শুনিছিলো । পিছে গৈ পোৱা নাই । গতিকে এনে এটা উৎসৱ চাবলৈ মন নিশ্চয় যাব । সি ক'লে ,' আমি প্ৰায় ১৫ জনমান একেলগে যাম । সি কোন কোন যাব সেয়াও ক'লে । গতিকে কাইলৈ পুৱাই আমাৰ যাত্ৰা আৰম্ভ হ'ব 'Dwijing' অভিমূখে । সন্ধিয়াপৰত আমি সকলোৱে মিলিত হৈ এই সম্পৰ্কে আলোচনাও কৰিলো । সকলোৰে মনত আনন্দৰ চিন । হয় , আকৌ এদিন মনে মিলা মানুহবোৰ লগ হোৱাৰ সময় আহি পৰিল ।
কোনোবা কবিয়ে কৈছিল ..
"স্বপ্নও যে ইমান বিশাল !
অসম্ভৱ স্বপ্ন মোৰ ভাল লাগে
সুদূৰলৈ স্বপ্নাতুৰ মনে
অণ্বেষণ কৰি কৰি
অন্তহীন উদ্যমৰ মালা গাঁথে..।
ইতিমধ্যে আমি সকলো কলেজ গে'টত একলগ হ'লো । আৰু ষ্টেচনলৈ যাবৰ বাবে সকলোৱে এখন বাছত বহি ল'লো । নয়নে ক'লে ,' *কেনে*?' সকলোৱে একেলগে চিঞৰি উঠিলো,' *এ*... *মজা*'।
এনেতে এটা চিনাকী সুৰ ভাঁহি আহিল আৰু গা-মন জুৰ পেলাই গ'ল । পাপন দাৰ গীতৰ মায়াজাল ....
' মন মোৰ উৰি গুচি যায়
কি জানো পায়ো হেৰুৱাই
ফাগুনৰে উৰণীয়া বা ...'।
তেনেকৈ সময়বোৰ পাৰ হ'ল আৰু বাছখন এটা সময়ত গৈ গন্তব্য স্থান পালেগৈ । আমিও বাছৰ পৰা নামি ষ্টেচনটোৰ ফালে গতি কৰিলো । ষ্টেচন পায় আমি ট্ৰেইনৰ টিকট কাটিলো । তাৰ পিছত সকলোৱে চাহ খালো । ১ নং প্লেটফৰ্মত সকলো থিয় দিলো । ট্ৰেইন আহি পাবৰে হৈছিল । অলপ পৰৰ পিছত ট্ৰেইন আহি পালে । আমি দৌৰা-দৌৰি কৰি ট্ৰেইনত উঠিলো । তলত বহিবলৈ ছিটেই নাই । উপায়হীন হৈ শ্লিপাৰতে বহি পৰিলো । ট্ৰেইনখন লাহে লাহে গতি কৰিলে । সময়বোৰ পাৰ কৰিবৰ বাবে চবেই ম'বাইল তুলি ল'লে । কোনোবাই ফিল্ম চোৱাত ব্যস্ত, কোনোবা গে'ম খেলাত । প্ৰায় ৪ ঘন্টাৰ বাট অতিক্ৰম কৰিব লাগিব বঙাইগাঁৱলৈকে । মইয়ো কিবা এখন ফিল্ম চাও বুলি ম'বাইলটো উলিয়াই ল'লো । মাজে মাজে আমাৰ মাজত কথাৰ মহলাও বহিল । গানো শুনিলো । এনেকৈয়ে এটা সময়ত নিউ বঙাইগাঁও ষ্টেচন পালোগৈ । ট্ৰেইনৰ বেলেগ বেলেগ কম্পাৰ্টমেণ্টৰ পৰা লগৰবোৰ নামিল । আমি পুণৰ একলগ হ'লো আৰু ছাজিদৰ ঘৰৰ দিশে আগবাঢ়িলো । ট্ৰেইনখন উকি মাৰি পুণৰ যাব ল'লে । আমি কোনো কোনোৱে হাতৰ ঠাৰেৰে বিদায় জনালো ।
ছাজিদৰ ঘৰ ষ্টেচনৰ পৰা অলপমান দূৰত । আমি সকলোৱে ছাজিদৰ ঘৰ পালোগৈ । মূখ হাত ধুই উঠি আমি সকলো আড্ডাত বহিলো । আড্ডাৰ মূখ্য আকৰ্ষণ আছিল 'কৰণ' আৰু 'ভৰালী' । তাৰ পিছত ছাজিদৰ ঘৰতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলো । ছাজিদৰ দেউতাকে আমি Dwijing যাবৰ বাবে দুখন টেম্পু বন্দোৱস্ত কৰি দিলে । আমি ২ মান বজাত পুনৰ Dwijing ৰ অভিমূখে যাত্ৰা আৰম্ভ কৰিলো । দুয়োখন টেম্পু অগা পিছাকৈ গতি কৰিলে । প্ৰায় ৩ মান বজাত আমি 'Dwijing festival ' পালোগৈ । চিৰাং জিলাৰ 'আই নদীৰ' পাৰত অনুস্ঠিত হোৱা ই এটা ডাঙৰ উৎসৱ । আমি দূৰৰ পৰাই দেখিলো পেৰাগ্লাইডিং , হেলিকপ্তাৰ ৰাইডিং । প্ৰথমে আমি ২০ টকাকৈ টিকট কাটি ল'লো । ভিতৰত সোমাই এফালৰ পৰা এখন এখনকৈ খাদ্য, সাজপাৰৰ বিপণী চাই গ'লো । অন্তহীন, নানাধৰণৰ খাদ্যৰ বিপনীবোৰে চকু চমক খোৱালে । তাৰ পিছত গৈ জোৱা খেলৰ বাকৰিত প্ৰৱেশ কৰিলো । ২০ টকাৰ পৰা ২০০ টকা পৰ্যন্ত পৰাজয় বৰণ কৰি আনন্দ উপভোগ কৰিলে সকলোৱে । সন্ধিয়া পৰত নানা ৰঙী লাইটৰ আভাৰে উজ্জ্বলি উঠিল আই নদীৰ দুই পাৰ । তাৰ পিছত আমি সকলোৱে নিজৰ নিজৰ পছন্দৰ খাদ্যৰ স্বাদ ল'লো । আনন্দত মাতাল হৈ পৰিলো সকলো । ভাঁহি আহিল বাগৰুম্বা নৃত্যৰ ধ্বনি । তাৰ ছেৱে ছেৱে আমিও নাচি পৰিলো । আৰু অলপ সময় সকলোৱে আনন্দ উল্লাসেৰে পাৰ কৰিলো । তাৰ পিছত আমি বিদায় মাগিলো Dwijing ৰ পৰা ।
শেষত আমি ধন্যবাদ জনাব খোজো ছাজিদ আৰু তাৰ মা- দেউতাক । তেওঁলোকে আমাক যি মৰম চেনেহ যাচিলে তাত আমি চিৰ কৃতজ্ঞ । আমি পুণৰ ভাড়া কৰি থোৱা টেম্পুৰে ট্ৰেইন ষ্টেচন পালোহি । তাৰ পিছত ৰাতি প্ৰায় ১১ বজাত গুৱাহাটী অভিমূখে উভতিলো । সঁচাকৈ আমাৰ এই যাত্ৰা, আনন্দ উল্লাস চিৰস্মৰণীয় হৈ ৰ'ব । কটকটীয়া হৈ ৰ'ব এই একতাৰ এনাজৰী ........ ।।
@ মনোজ

Comments
Post a Comment