পাগল

*পাগল*


        চহৰখনৰ ফুটপাথেৰে এটা পাগল ঘূৰি ফুৰে। আচলতে সি কি বিচাৰি ফুৰে?  কোনোবাই কয় সি পাগল ,তাক বিশ্বাস কৰিব নোৱাৰি; যিকোনো কাম কৰিব পাৰে সি । কোনোবাই কয় ,সি আচলতে আছিল এক দুৰ্দান্ত প্ৰেমিক; তাক প্ৰেম লাগে আৰু আন কোনোৱে ক'ব খোজে, সমাজৰ বাবে এক সন্ত্ৰাস মাথো সি ; সন্ত্ৰাসেই যাৰ পৰিচয় ,যাৰ পেছা । সকলোৰে ভিন্ন ভিন্ন মত । তাক আচলতে কি লাগে , সি কি বিচাৰি ফুৰে; কোনেও সঠিককৈ ক'ব নোৱাৰে । সি ক'ৰ পৰা আহিছে, তাৰ উদ্দেশ্য কি , তাৰ আচল পৰিচয় কি ; কিহৰনো পাকচক্ৰত পৰি সি আজি এনেকুৱা ? কোনে জানে?
     কিন্তু, মাজৰাতি যেতিয়া নিৰ্জনতাই গ্ৰাস কৰি ধৰে গোটেই চহৰখন , হঠাৎ এক বিকট শব্দ কৰি সি চিঞৰি উঠে , সজোৰেৰে কান্দি কান্দি সি কৈ উঠে ,"তহঁতে মোক নামাৰিবি অ',কিয় এনেকৈ মাৰিছ' তহঁতে মোক? মইনো কি দোষ কৰিলো অ' ? মই কেৱল মোৰ পৰিচয় ৰক্ষাৰ বাবেহে দাবী কৰিছিলো , তাতেই মোৰ ভূল নে ? তহঁত বোৰ কিয় নিষ্ঠুৰ হৈ পৰিলি অ' ? মোক ক্ষমা কৰি দে ; মোক এনেকৈ নামাৰিবি অ' ।" এনেকুৱা এক অদ্ভুত আৰ্তনাদ; কপাই তুলিছে চহৰৰ প্ৰতিটো চুক ,প্ৰতিটো নিৰ্জন ৰাস্তা ,প্ৰতিটো বস্তিৰ পৰিচয় হেৰুৱাই পেলোৱা আবাসীৰ মন-মগজু আৰু চিৎকাৰ মাৰি কোনোবা গণিকাই কৈ উঠিছে ,' এই পাগলটোৱে মাজৰাতিখন চিঞৰিবলৈ কিহে পাইছে ।' কিন্তু, ক'ৰবাত নহয় ক'ৰবাত তাৰ আৰ্ত্তনাদত লুকাই আছে এই চহৰৰ প্ৰতিজন ব্যক্তিৰ গোপন সত্যতা । তাৰ এই 'পাগল' সম্বোধনৰ বাবেও নিশ্চিতভাৱে জড়িত এই বিশাল চহৰৰ প্ৰতিজন সুস্থ ব্যক্তি আৰু এই সুস্থ সমাজ ।
       সি এইবাৰ আকৌ খঙেৰে কৈ উঠিল," মোক লৈ আৰু কিমান কাহিনী ৰচিবি তহঁতে ! কিমান পিন্ধাবি অপযশৰ এই মেতমৰা মালা আৰু কিমান ? আচলতে তহঁতবোৰেই ঘোৰ অপৰাধী ! কেতিয়ালৈ চকুত ধূলি দি, সমাজৰ আগত ভদ্ৰতাৰ মূখা পৰিধান কৰি পলাই ফুৰিবি ? সচাকৈ ইমান নিষ্ঠুৰ হ'ব পাৰিলি তহঁত ! মানৱীয়তাৰ আৰু কিমানবাৰ মৃত্যু ঘটাবি তহঁতে ....হা ....সাহস আছে যদি এই ভদ্ৰতাৰ মূখা খুলি পেলা ..।
       আৰে, মই ও আহিছিলো এদিন এই চহৰলৈ ;অযুত স্বপ্ন বুকুত বান্ধি । মোৰ ৰুগীয়া মাতৃয়ে বহুত কষ্ট সহ্য কৰি, আচলৰ ধন ভাঙি এদিন ইয়ালৈ পঠাইছিল, যাতে একমাত্ৰ পুত্ৰই সঠিক পথৰ সন্ধান পায় , বুকুত বান্ধি ৰখা অলেখ সপোনৰ সাৰ্থক হয় । মোৰ আজিও মনত পৰে অ' ...আইৰ সেই সজল চকুযুৰি,  য'ত অনবৰতে ভাহি আছিল কিবা এটা পোৱাৰ দুৰ্বাৰ হেঁপাহ । নিমিষতে শেষ হৈ গ'ল অ' এই সকলোবোৰ ।
       আইয়ে যাবৰ পৰত কৈছিল ,' যি পৰিস্থিতিয়েই নাহক কিয় কেতিয়াও তোৰ পৰিচয় ধূলিত ম্লান হ'ব নিদিবি । যদি তই নিজৰ পৰিচিতি ধূলিস্যাত কৰ' , বুজিবি নিজ জাতি , ভাষা , কলা সংস্কৃতিক এখোজ মৃত্যুৰ মুখলৈ ঠেলি দিলি ।'
        কিন্তু, আই...মই আজি তোক কেনেকৈনো ক'ম মোৰ গোপন বেথা । ইতিমধ্যে সকলোৱেই হেৰুৱাই পেলাইছে নিজ পৰিচয় , স্বকীয়তা । মই যুঁজিছিলো মা ...দুবাহুত বল থকালৈকে যুঁজ দিছিলো । কিন্তু অৱশেষত মই হাৰ মানিলো অ' মা...মই হাৰি গ'লো । সকলো নি:শেষ হৈ গ'ল অ' মা ....।
       জোৰকৈ হাঁহি হাঁহি , হা ..হা...মই এতিয়া 'পাগল'। চহৰৰ উপকণ্ঠত অনাই বনাই ঘুৰি থকা মই পাগল । কোনোবাই হেনো কয় , মোক বোলে প্ৰেম লাগে । (দুখেৰে) অ' মোক প্ৰেম লাগে , মোক ঘূৰাই লাগে মোৰ পৰিচয় , মোক ঘূৰাই দে ....।।


@ মনোজ

Comments