নিয়ৰৰ ফুল

 ৹৹৹ নিয়ৰৰ ফুল ৹৹৹

 
     শৰতৰ ইতিমধ্যে আগমন ঘটিছিল । শেৱালিয়ে জাতিস্কাৰ কৰি তুলিছিল চৌদিশ । এফালে অদমনীয় প্ৰকৃতিৰ সৌন্দৰ্য্য পিপাসু মোৰ মনটো আৰু আনফালে কৰ্তব্য পূৰ্ণ ব্যস্ত জীৱন । কাজিৰঙাত ১০ দিন ধৰি চলি থকা পশু-চিকিৎসা বিভাগৰ বিশেষ প্ৰকল্পৰ অন্ত পেলাই আজি পুনৰ ওভটিলো মোৰ কৰ্মক্ষেত্ৰলৈ , ভেটেৰনেৰী ডিছপেণ্চেৰি খনলৈ । ডিছপেণ্চেৰিৰ এমূৰত থকা মোৰ নিৰ্দিষ্ট কোঠাটোত প্ৰৱেশ কৰিয়েই বহুদিন ধৰি বন্ধ হৈ থকা খিৰিকিখন খুলিলো । কোঠাটোও অলপ ঠিক ঠাক কৰি ল'লো । কিবা এখন নথিপত্ৰৰ সন্ধানত আলমাৰিটো খোলোতেই চকু গ'ল সেই নিমন্ত্ৰণী পত্ৰখনলৈ । হয় , তোমাৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ । এবছৰ আগৰেই এই নিমন্ত্ৰণী পত্ৰ । গোপনে পঠাইছিলা তুমি ...
       ' দুলে দুলে দুলে কাণৰে কেৰুযুৰি.....।' কলেজৰ 'নবাগত আদৰণি সভাৰ সাংস্কৃতিক সন্ধিয়া ।' শৰতৰ এটা বিমুগ্ধ সন্ধিয়া । সেইদিনাই মোৰ তোমাৰ সৈতে প্ৰথম সাক্ষাত হৈছিল । আৰু মোৰ বেদনাসিক্ত মনত তোলপাৰ লগোৱা তুমিয়েই আছিলা সেই চঞ্চল অনুভূতি । কি বৰ্ণনাৰে নো কৰিম তোমাক ভূষিত? সূৰ্যোদয়ৰ ৰঙীন আভা বুলি নে ৰঙা গোলাপৰ কোমল পাহি! এনে লাগিছিল যেন এটা হেৰুৱা সুবাস হে মই বিচাৰি পাইছিলো । এক অনন্য সুবাস, এক আশাৰে ভৰা অনুভূতি । বাৰে বাৰে জাগি উঠিছিল মোৰ দুৰ্দান্ত প্ৰেমিক মন । বিলীন হ'বলৈ মন গৈছিল তোমাৰ চহৰখনত । বিহু নৃত্যেৰে মেলি দিয়া তোমাৰ দুবাহুৱে মোকেই যেন কৰিব বিচাৰিছিল আলিঙ্গন ।
       লাহে লাহে সময়বোৰ পাৰ হৈছিল । দুগুণ প্ৰবল হৈ পৰিছিল মোৰ প্ৰেমিক মন আৰু এদিন দোহাৰি পেলাইছিলো মোৰ তোমাৰ প্ৰতি থকা আকুণ্ঠ প্ৰেম । তুমিও লাজমিশ্ৰিত এটি হাঁহিৰে গ্ৰহণ কৰিছিলা মোৰ প্ৰেমৰ প্ৰস্তাব । আৰু আমি বিলীন হৈ পৰিছিলো আমাৰ সপোন নগৰীত । চোৱাচোন সময়বোৰ কেনেকৈ পাৰ হৈ গল । চাওতে চাওতে আজি যৱনিকা পৰিলহি আমাৰ কলেজীয়া জীৱন । হেই , তোমাৰ সেই হাঁহিটো আজিও একেদৰেই আছে , সতেজ , জীপাল আৰু মোৰ প্ৰেমিক মনত তোলপাৰ লগোৱা এক দুৰ্দান্ত হাঁহি । কথাদিয়া তুমি 'নীলান্জনা ' যে আমাৰ মৰমবোৰ চিৰস্থায়ী হৈ ৰ'ব ।
       কিন্তু, সেইদিনা ৰাতি কেতিয়াও নভবা তোমাৰ ফোনকলটোৱে মোৰ টোপনি ভাগিছিল । 'হেল্ল' ..'নীলান্জনা' । ইমান ৰাতি ফোন কৰিলা যে । সকলো ঠিকেই আছেতো?' মোৰ মাতটো শুনি তুমি উচুপি উঠিছিলা । যেন এক গভীৰ বুজাব নোৱাৰা বেদনাই তোমাৰ বুকুত আশ্ৰয় লৈছিল । কিবা হেৰুৱাৰ গভীৰ যন্ত্ৰণা । পিছমুহূৰ্ততে তুমি থোকাথুকি  মাতেৰে কৈছিলা তোমাৰ দেউতা  ঢুকোৱাৰ কথা । ভাৰসাম্য হেৰুৱাই পেলাইছিলা তুমি । বহুত বুজাবলৈ চেষ্টা কৰিছিলো মই ।  তুমি মোক আতৰি যাব কৈছিলা তোমাৰ জীৱনৰ পৰা । তুমি কৈছিলা আমি আমাৰ সম্পৰ্ক আৰু আগবঢ়াব নোৱাৰিম আৰু তেতিয়াই মোৰ সপোনৰ নিয়ৰৰ ফুলপাহ যেন পলকতে মৰহি গৈছিল ।
       'চাৰ'....'চাৰ...' কেছ এটা আহিছে , অলপ আহকচোন ।' বিপুলৰ মাতত মোৰ সম্বিত ঘুৰি আহিল । আৰু মই নিমন্ত্ৰণী পত্ৰ খন পুণৰ আলমাৰিটোত সযতনে ৰাখিলো । এতিয়া তাই সুখী । সাংসাৰিক জীৱনক লৈ ব্যস্ত । আৰু মোৰ ...মোৰ এই হাবি বননি, জীৱজন্তুবোৰৰ মাজতেই শান্তি আৰু বুকুত অসীম আশা । চাওঁচোন জীৱনে ক'লৈ লৈ যায়.....।।

@ মনোজ

Comments