ৰণহুংকাৰ

৹৹৹ৰণহুংকাৰ৹৹৹

      'ঐ পলা , পলা .....। পুলিচে আমাক খেদি আকৌ আহিছে । পলা ....। নয়ন , ৰজত; শুন শুন তহঁতে । আমি সেই কুহিয়াৰডৰাৰ মাজতে লুকাও ব'ল । পুলিচ দাৰোগাৰ গাডী দুখন এইফালেই আহিছে ।' প্ৰতিবাদী সতীৰ্থসকলক উদ্দেশ্যি জয়ন্তই ক'লে । ট্ৰেইন ৰাস্তাৰ কাষৰ বৃহত ঘন কুহিয়াৰডৰালৈ বুলি সকলো আগবাঢ়িলো ।
    (সময় : ১৯৭৯ চন ; স্হান: গহপুৰ  ; প্ৰসংগ: অসম আন্দোলনৰ পটভূমি । চাৰিওকাষে যেন সংগ্ৰামী সতীৰ্থসকলৰ মনত জুই জ্বলিছিল ; জুই জ্বলিছিল স্বাধীনতাৰ , জুই জ্বলিছিল আবেগৰ । তেজ দিম , দেহ দিম , স্বহীদ হ'ম ; কিন্তু অসমক কাৰো হাতলৈ যাব নিদিও । এটা যুৱনেতাৰ গোট একেথিৰে গহপুৰৰ অভিমূখে আগবাঢ়িছে । তাৰ মাজৰ এজন মইও । এফালে আমি এই আন্দোলনৰ মুখপাত্ৰ আৰু আনফালে চৰকাৰী গুলিৰ কুচকাৱাজ ।)
       কোনোপধ্যেই আমি পুলিচৰ হাতত ধৰা পৰিব নালাগিব । আমাৰ কাম এতিয়াও অসম্পৃৰ্ণ হৈ আছে । এয়া মাথো এক ক্ষুদ্ৰ হুংকাৰ । "জয়ন্ত ...  আমি এইবোৰ ঠিক  কৰিছো জানো? আমিতো অহিংসভাৱেও এই আন্দোলন অব্যাহত ৰাখিব পাৰিলো হয় । এই অস্ত্ৰ -শস্ত্ৰৰ কি প্ৰয়োজন?", নয়নে ক'লে । তই এইবোৰ কি ক'ব ধৰিছ' নয়ন ? এতিয়া কি ভাল কি বেয়া ; কি উচিত ,কি অনুচিত এইবোৰ ভবাৰ সময় নাই আমাৰ হাতত । কি পালো আমি অতদিনে অহিংসৰ পথ বাচি । তই জানো দেখা নাই? কিমানে শাৰীৰিক নিৰ্যাতন মূৰ পাতি ল'লে , কিমানে বুকুৰ তেজ দিলে , কিমানজন ঘূণীয়াও হ'ল । যি ভূক্তভোগী, তেও আচলতে বুজে , আবেগে মানুহক কেনেকৈ ধৰাশায়ী কৰে । এনেকৈ আমি শান্ত হৈ থাকিলে নহব নয়ন । নহ'লে এদিন কুটিল ৰাজনীতিৰ পাশাখেলত উটি যাব অসমীয়াৰ ত্যাগ আৰু আৱেগৰ জোৱাৰ ।
     (পুলিচৰ গাড়ী ইতিমধ্যে পাৰ হৈ গৈছে ) । আমাৰ হাতত সময় কম;  এতিয়া আমাৰ লক্ষ্য এটাই , গহপুৰ পুলিচ থানাৰ আগত 'জয় আই অসম' ধ্বনিৰে দাৰোগা চাহাবক ক'লা পতাকা দেখাম । "হয় , জয়ন্ত; এই মাজনিশাই আমি ওলাই যাম । প্ৰথমে গহপুৰ, তাৰপিছত দিল্লী-দিছপুৰ সকলো কঁপাই তুলিম আমি । অসীম আশা , তেজাল বুকু । ৰক্ত দি হ'লেও অসমক আনৰ হাতত যাব নিদিও । প্ৰয়োজন হ'লে অস্ত্ৰ- শস্ত্ৰ তুলি ল'বলৈও কুণ্ঠাবোধ নকৰো", নয়নে ক'লে । (দূৰদূৰণিৰ পৰা ভাঁহি আহিল , জয়...আই...অসম.., ইন্ক্লাব জিন্দাবাদ,  দেশ বুলিলে আদেশ নালাগে...) ।
        হঠাৎ , পিছফালৰ পৰা গুলিৰ শব্দ, পুলিচ সেনাই আমাক খেদিছে । প্ৰতিবাদী দলটোক ঘেৰি ধৰিছে চাৰিওফালে । আমি পলাব খোজোতেই শুনা যায় গুলিৰ প্ৰচণ্ড শব্দ । ঘূৰি চাই দেখো , জয়ন্ত মাটিত বাগৰি পৰিছে, তাৰ গাত গুলি লাগিছে । সি চিৎকাৰ কৰি উঠিল, ' মৰিলেও শান্তি হ'ব, অসমৰ জয়গান গা....ম ।' মই দৌৰি গৈ জয়ন্তক কোলাত তুলি ল'লো আৰু চিঞৰি উঠিলো,'জয়ন্ত ....জয়ন্ত, তই উঠ জয়ন্ত,  আমাৰ হাতত সময় কম , গহপুৰ যাব লাগে । উঠা ঐ তই  (কান্দি কান্দি ) নুঠ কিয় তই ? ইতিমধ্যে মোক আৰু সতীৰ্থসকলক পুলিছে গ্ৰেপ্তাৰ কৰিছে । ঐ আমাক এৰি দে , জাতিদ্ৰোহীহঁত , এৰি দে ....এৰি দে মোক...।
      'নয়ন ....অ' নয়ন , কি হৈছে তোৰ ? কোনে মাৰিছে তোক ? নয়ন...। ' মনোজৰ মাতত মই শুৱাৰ পৰা উঠি বহিলো ।  মোৰ দুচকুৰে বৈ গৈছিল দুধাৰি চকুলো । 'বৰ বেয়া সপোন দেখিলি হ'বলা । ৯ মানেই বাজিল । প'ষ্টাৰ লৈ আজিও বোলে ৰাজপথত বহিব লাগিব । কলেজ বন্ধ দিছে । একো নাই ব'ল , আমিনো হোষ্টেলত শুই থাকি কিডাল কৰিম ,'এইবুলি মনোজে মোক মাতি লৈ গ'ল ।  চাগে মনৰ কোন এটাই কিবা ভুমুকি মাৰিলে আৰু মই সময়ৰ আন এটা কাহিনীৰ কাল গৈ পাইছিলো । কিন্তু,  ইমান বছৰ পাৰ হৈ যোৱা স্বত্বেও একো সলনি নহ'ল । সলনি নহ'ল সততাৰ কিনা-বেচা কৰা ৰজাঘৰীয়াৰ স্বভাৱ । কথা মাথো এটাই,' সংগ্ৰাম আন এটি নাম জীৱনৰে'।।


@ মনোজ

Comments