বিহংগ

কোনেনো ৰাখিব পাৰে আবদ্ধ কৰি
নীলা আকাশ ভেদী উৰা মৰা এই 
    স্বপ্নাতুৰ মন ;

আমি এজাক বিহংগ 
উচ্চাকাংক্ষাৰে ভৰা আমাৰ প্ৰতি অংগ
মন গলেই মেলি দিম ডেউকা
    সীমাহীন দিগন্তলৈ ।

সেইয়া , দিগবলয়ত দেখিছোঁ 
এমুকুৰা সৃষ্টিৰ সন্ধান 
নাশিৱ লাগিব সকলো সন্ত্ৰাস ,
তুলি লোৱা , অহিংসাৰ অস্ত্ৰ 
ছিঙি দিয়া বান্ধোন 
ওলাই আহা আমাৰ সৈতে 
      এজাক পৰিভ্ৰমীৰ দৰে ।

এতিয়া আমি মুক্ত 
সৃষ্টিৰ পম খেদি 
এতিয়া আমি সুদূৰ দিগন্তত  ।।

       ~মনোজ 



Comments