বাট বাটৰুৱা
কাহিনী মোৰ ও আছে ,
আছে তোমাৰো ;
কিছু শব্দত বিলীন , কিছু বিলীন হৈ যোৱা শব্দ ।
কিছু ৰঙীন , কিছু ৰং বিচাৰি ফুৰা কাহিনী।
বাটৰ কাহিনী, বাটৰুৱা জনৰ কাহিনী।
কেতিয়াবা সজোৱা , কেতিয়াবা লুকাই থকা , বিচাৰি উলিওৱা কাহিনী।
এইয়া বাট বাটৰুৱাৰ কাহিনী।
বিচাৰি ফুৰো মাথোঁ কিছুমান শব্দৰ ঠিকনা
যাৰ কোলাতেই সৃষ্টি আমাৰ কাহিনীৰ
আৰু সেই কাহিনীকেই অনুসৰণ কৰি
আমি বিচাৰি পাওঁ
দিগন্তৰ পাহাৰটোৰ খবৰ ;
শুনিবলৈ পাওঁ সুৱদি পখীৰ কলৰৱ
নদীৰ কুলুকুলো শব্দ
ভোগালীৰ ভৰপূৰ পথাৰৰ মাদকতা
সেই বাতৰুৱাজনৰ খবৰ আৰু বহু কথা
আহক , আমাৰ সৈতে এই যাত্ৰাৰ সমভাগি হওক
বিচাৰি উলিয়াওক আমাৰ চৌদিশে থকা
নানান কাহিনী, জগাই তোলক নিজৰ মাজত লুকাই থকা সেই বাটৰুৱাজনক
Comments
Post a Comment