জীৱন
জীৱনৰ পোৱা নোপোৱাৰ তালিকাখন
জুকীয়াই নো কিয় চাওঁ
বাৰে বাৰে নো কিয় হব লাগে আবেগিক
কি জানা ; হে হে ...জীৱন এনেদৰেই
কেতিয়াবা ধামখুমীয়া আৰু
কেতিয়াবা ৰঙীন
এইবোৰৰ সমাহাৰেই জীৱন নহয় জানো
গৈ থাকাচোন জীৱনে লৈ যোৱা আলিবাটত
কেতিয়াবা লগ পাই যাবা সাফল্যক
সাফল্য... কোন নো এইটো
ই আন কোনো নহয়
জীৱন বাটত সকলোৱে নো কাক বিচাৰে
ইয়াকেই নহয় জানো
পিছে ইয়াক বিচৰাহে কঠিন
কত বা লুকাই থাকে সি
হে ...চিন্তা কিহৰ
পাই যাবা বিচাৰি
দৰকাৰ মাথোঁ সঠিক পথৰ
সঠিক মনোবৃত্তি
অতীতৰ বুকুতেও হয় বৰ্তমানৰ জন্ম
আকৌ বহুতে কয় অতীতক লৈ নহবা অস্থিৰ
মাথোঁ দৰকাৰ কিছুমান শুধৰণিৰ
দৰকাৰ কিছুমান শুধৰণিৰ......
Comments
Post a Comment