MEERUT

              21/2/20

 সকলো উত্তেজনাৰ অন্ত পেলাই আজি আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ । MEERUT ARMY ATTACHMENT CAMP লৈ যোৱাৰ 1st year ৰ পৰাই এটা সপোন আছিল । যেতিয়া আমি আমাৰ Senior বোৰৰ পৰা এই Camp ৰ কথা শুনিবলৈ পাইছিলোঁ । এই কেম্পত যোৱাৰ মন এইকাৰণেই নাছিল যে আমি আৰ্মিত যাম ; আৰ্মিত যাবৰ মন নথকা স্বত্তেও এবাৰ এই camp  কৰি চাবৰ মন গৈছিল ;কিয়নো এই Army attachment camp  ৰ জৰিয়তে আমি জানিব পাৰিম আচলতে আৰ্মিৰ কেনেকুৱা ট্ৰেইনিং হয়, আৰ্মিবোৰৰ দৈনন্দিন জীৱন যাপন কেনেকুৱা , drill বোৰৰ জৰিয়তে বিশেষকৈ কেনেকৈ discipline শিকিব পাৰি আৰু যিহেতু আমি veterinary field ৰ , RVC ৰ এই camp ৰ যোগেদি veterinary related  বিভিন্ন কথাৰ আভাস পাব পৰিম । 
     বাৰু যি কি নহওঁক , অৱশেষত আজি সেই দিনটো আহি পৰিল । ৰাতিপুৱা 9.30 মানবজাত আমি প্ৰায় 20 জন army combat dress পৰিধান কৰি কলেজ গেটত লগ হলো । আমালৈ আহিল বহু শুভকামনা । বুকু ফিনদাই থিয় দিলোঁ কলেজ গেটত । 20 দিনৰ বাবে বিদায় Cvsc । ঘূৰি আহিম কিছুমান নতুন স্মৃতি বুকুত বান্ধি । এনেতে army গাড়ী খন আহি আহি পালে । আমি সকলোৱে নিজৰ luggage  বোৰ গাড়ীত উঠালোঁ আৰু 'ভাৰত মাতা কি জয়' ধ্বনি ৰে যাত্রা আৰম্ভ কৰিলোঁ গুৱাহাটী ট্ৰেইন ষ্টেচনৰ অভিমুখে । 1 বজাত ট্ৰেইন আছে ।  আমি আধা ঘন্টা মান আগেই পালোগৈ ষ্টেচন । কিবা কিবি অলপ খাই আমি নিৰ্দিষ্ট প্লেটফৰ্মত গলো । নিৰ্দিষ্ট সময়ত আমাৰ ট্ৰেইন আহি পালে । আমি আমাৰ নিৰ্দিষ্ট ছিটবোৰ দখল কৰিলোঁ। 
        লাহে লাহে আমি আড্ডাত বহিলোঁ । কোনো কোনোৱে কথাৰ মহলা মৰাত লাগিল আৰু কোনোৱে মোবাইল তিপাত লাগিল । মইও upper bed এখনত গান শুনি অলপ টোপনি যাব চেষ্টাৰ কৰিলোঁ । চিলমিলিয়া টোপনি এটাও আহিল । কোনো কোনোৱে আকৌ তাচ পাত খেলাত লাগিল । Gosh sir ও আহি এই খেলত যোগ দিলেহি । খেলৰ মাজে মাজে বিভিন্ন কথাৰ মহলা জমিব ললে । ঝক ঝক কৰি ট্ৰেইন খনে এটাৰ পিছত আন এটা ষ্টেচনক চেৰ পেলাই গৈ থাকিল । আৰু মইও খিৰিকীৰ কাষৰ ছিটটোত বহি বাহিৰৰ দৃশ্য উপভোগ কৰাত লাগিলোঁ । চেঁচা বতাহ এছাতিয়ে গা মন জোৰ পেলাই গল । যেন সকীয়াই যাব খোজে কিছুমান এৰি অহা স্মৃতি । আৰু নতুন মুহূৰ্তবোৰো ধৰি ৰাখিব যত্ন কৰিলোঁ । 
       বেলি লহিয়াবই হলহি । অবিৰত ট্ৰেইনৰ নিত্য কোলাহল । 'चाय ..चाय ..कॉफ़ी ..कॉफ़ी ..' । 'ঐ , চাহ একাপ দে ,' নয়নে চাহ অনা মানুহ জনক কলে । তেতিয়া আমাৰ চবৰেই চাহৰ আমেজ লব মন গৈছিল । চবেই একাপ একাপ চাহ ললোঁ । ট্ৰেইন ইতিমধ্যে কোকৰাঝাৰ অতিক্ৰম কৰিছিল । আনফালে বেলিও ডুবিছিল । কোনোবা এটা ষ্টেচনত আমি চবেই পুৰি চব্জি কিনি ললোঁ । তাৰ লগতে সাজিদৰ মাকে বনাই পঠিওৱা মাংসৰু সোৱাদ ললোঁ । Gosh sir এ আমাক ট্ৰেইনত খোৱা খৰছৰ বাবে 400 টকাকৈ দিলে । 
           বিভিন্ন কথা বতৰা আৰু হাঁহি ধেমালিৰ মাজেৰে সময়বোৰ অতিবাহিত হৈ থাকিল । মাজে মাজে boat sound box ত loud speaker দি গান বজাই আৰু সেই গানৰ তালে তালে সুৰ মিলাও ফুৰ্তি কৰিব চেষ্টা কৰিলোঁ । তেনেকৈয়ে সময়বোৰ পাৰ হল । এটা সময়ত ট্ৰেইন আহি জল্পইগুৰি জনচন পালেহি । কোনো কোনোৱে চাহ খালে । তাৰ পিছতে আমি নিজৰ নিজৰ বেদত অলপ শুবলৈ যত্ন কৰিলোঁ । ট্ৰেইন খনে উকি এটা মাৰি তীব্ৰ বেগত গতি কৰি থাকিল আৰু মোৰ কাণত বাজি ৰল এটি জনপ্ৰিয় গানৰ কলি ..'पहला नशा ,पहला ख़ुमार ..' । ট্ৰেইনৰ দবাৰ lights বোৰ অফ কৰি দিয়া হল আৰু street light ৰ ক্ষীণ পোহৰে মাজে মাজে আমাক ভুমুকি মাৰি থাকিল।
         
         22/2/20
   
     চাহৰ কাৰণে হাহাকাৰ

  '  चाय ..चाय ..चाय ..' ট্ৰেইনৰ নিত্য কোলাহলবোৰত মোৰ টোপনিতো ভাঙিল। এতিয়া ৰাতিপুৱা প্রায়  ৮ মানেই বাজিল । মোৰ bed ৰ কাষৰ খিৰিকীখন আধা খোলা হৈ আছিল । চেঁচা বতাহ এছাতিয়ে গা মন জোৰ পেলাই গল । ট্ৰেইন ইতিমধ্যে বিহাৰত প্ৰৱেশ কৰিছিলহি । ততালিকে মুখ হাতখন ধুই ললোঁ । দূৰ দূৰণিলৈকে কুঁৱলীয়ে ঢাকি ৰাখিছিল বিস্তীৰ্ণ পথাৰবোৰ । বিস্তীৰ্ণ সৰিয়হ ,টিলখেতিৰ মাজেৰে ট্ৰেইনখন আগুৱাই গৈ থাকিল । ইতিমধ্যে লগৰ সকলো সাৰ পাইছিল । চাহ খাবৰ বাবে চবৰে লাগিল হাহাকাৰ । এটা সময়ত ট্ৰেইনত চাহ লৈ এজন উঠিল । চবেই চাহৰ সোৱাদ ললে । মইও প্ৰতিঘুত চাহৰ সোৱাদ লৈ লৈ বাহিৰৰ বিস্তীৰ্ণ পথাৰৰ শইচ সোণোৱালী উপভোগ কৰাত লাগিলোঁ । এইবাৰ ট্ৰেইনখন এটা ডাঙৰ সুৰঙ্গত(tunnel) প্ৰৱেশ কৰিলে । এটা এটাকৈ ষ্টেচনক চেৰ পেলাই ট্ৰেইনখন অবিৰাম গৈ থাকিল । এইবাৰত আকৌ চবেই মাটিৰ পিয়লাত চাহৰ সোৱাদ ললোঁ । বিভিন্ন সৰু সৰু বস্তি এলেকা , বিস্তীৰ্ণ সৰিয়হতলি , ঘেঁহুৰ পথাৰক চেৰ পেলাই অক্ষুন্ন থাকিল আমাৰ যাত্রা । মোৰ কাণত বাজি ৰৈছে 'और रात राज़ी है ,अभी तो बातें बाकी है...,'
       
     "  बोलेंगे भाई बोलेंगे , रामपियारी चाय बोलेंगे " । 

চাওঁতে চাওঁতে 4.30 মানেই বাজিল । ট্ৰেইনখনে पटना, बक्सर আদি ষ্টেচনক চেৰ পেলাই বৰ্তমান 'रामपियारी' ষ্টেচনত প্ৰৱেশ কৰিলহি। পাটনাৰ পৰা এতিয়ালৈকে যিমান দূৰ বাট অতিক্ৰম কৰিলোঁ তাৰ পৰা Country side India ৰ অলপ কথা লিখিব মন গল । এই শব্দটো নয়নৰ মুখৰ পৰা অলপতে শুনা পালোঁ । Country side India সাধাৰণতে ভাৰতৰ আন আন চহৰবোৰতকৈ ব্যতিক্ৰম। এই অংশৰ মানুহখিনিৰ জীৱন যাপন অতি সহজ সৰল । ডাঙৰ ডাঙৰ ঘৰ দুৱাৰ দেখিবই পোৱা নাযায় । দূৰ দূৰণিলৈকে কেৱল বিস্তীৰ্ণ ঘেঁহু ,সৰিয়হৰ খেতি । ঘৰবোৰ সাধাৰণ ইটাৰ গাঁঠি লোৱা আৰু বহুতৰ সৰু জুপুৰি । এক সেউজ পৰিবেশ । এনে লাগে পলকতেই দৌৰা মাৰিম সেই শইচ সোণোৱালীৰ মাজলৈ । প্ৰাণ খুলি হাঁহিম ,বিলীন হৈ যাম প্ৰকৃতিৰ সৃষ্টিৰ মাজত । অহ ,কত আছিলোঁ মই , ঘূৰি আহোঁ প্ৰকৃত কথালৈ । মই আছিলোঁ 'रामपियारी' ষ্টেচনৰ কথালৈ । ষ্টাইনটো পোৱাৰ লগে লগে এজন চাহ লৈ উঠিল । 
    "  बोलेंगे भाई बोलेंगे , रामपियारी चाय बोलेंगे " এই বুলি কৈ । আমিও' रामपियारी' চাহৰ সোৱাদ ললোঁ । অলপ মান পিছতে 'मुग़लचराई स्टेशन ' ; গতিকে সময়খিনি পাৰ কৰিবৰ ভাৱে পঢ়িবৰ বাবে কিতাপ এখিনকে উলিয়াই ললোঁ "অৰণ্যৰ ভিতৰচৰা' ।
       'मुग़लचराई स्टेशन ' আহি পোৱাত চব ট্ৰেইনৰ পৰা নামিলোঁ আৰু কণী ভাত খালোঁ । তাৰ পিছত ট্ৰেইন আকৌ গতি কৰিলে। এইবাৰ গোটেই কেইজন লগ হৈ কথাৰ মহলা মৰাত লাগিলোঁ । ট্ৰেইন তীব্ৰ বেগত গৈ থাকিল । কৰবাত দেখা পালোঁ এখন সম্পূৰ্ণ ওলোটা ছবি । ট্ৰেইন ৰাস্তাৰ এফালে বিস্তীৰ্ণ সেউজ পৰিবেশ আৰু আনফালে কলা ধোঁৱাৰে আৱৰি ৰখা কল কাৰখানা । 
        বেলি লহিয়াবই হলহি । আমি ইতিমধ্যে আহি পাইছিলোঁ 'मिर्ज़ापुर' । मिर्ज़ापुर আহি পোৱাত আমি চব ট্ৰেইনৰ পৰা নামিলোঁ আৰু এখন গ্ৰুপ ফটো উঠিলোঁ । Because you all know that Mirzapur has a different fanbases. আৰু Whattsapp status দিলোঁ চবেই ।क्योंकि चुटिया हैं तुम्हारा बेटा । 
         'मिर्ज़ापुर' ক বিদায় দি ট্ৰেইন আকৌ গতি কৰিল । লাহে লাহে আন্ধাৰ হৈ আহিল । বিজুলী বাতিবোৰ জ্বলি উঠিল । মইও লাহেকৈ earphone লগাই গান শুনাত লাগিলোঁ । এফালে তাচ খেলৰ আড্ডা বহিল । অলপ ভাগৰ লাগি আহিল । এবাগৰ দিওঁ বুলি upper bed খন পালোগৈ । 15 minute মান চিলমিলিয়া টোপনি এটা আহিল । ট্ৰেইন লাহে লাহে আহি এলাহাবাদ ষ্টেচন পালেহি ।আমাৰ ভোক লাগি আহিছিল । 90 টকাদি egg biriyani খালোঁ । তাৰ পিছত লাহেকৈ bed ত পৰি আছোঁ । सफर अभी भी बाकी हैं । 
 
        23/2/20

   'चोर बाजार'

     সাজিদৰ ডাঙৰ ডাঙৰ মাতত ৰাতিপুৱাৰ টোপনি ভাঙিল । ইতিমধ্যে চব সাৰ পাইছিল । ট্ৰেইন ইতিমধ্যে 'गाज़ियाबाद सटेशन' পাইছিলহি । old Delhi station পাবলৈ আৰু বেছি সময় নাই । সোনকালে মুখ হাত ধুই বস্তু বোৰ packed কৰিলোঁ । ট্ৰেইন লাহে লাগে দিল্লীত প্ৰৱেশ কৰিছিল। ট্ৰেইনৰ পৰা দিল্লীৰ slum area বোৰ চকুত পৰিছিল । নিৰ্দিষ্ট সময়ত আমি old delhi station পালোহি । চবেই ট্ৰেইনৰ পৰা নামিলোঁ । Meerut যাবলৈ বেলেগ এখন ট্ৰেইনত উঠিব লাগিব । 1.30 ত meerut লৈ ট্ৰেইন আছে । এতিয়াও আমাৰ হাতত ডেৰ ঘণ্টা সময় বাকী আছে । এই সময়খিনি এনেই কটোৱাতকৈ utilised কৰাই ভাল । আমি 'লাল কিল্লা 'যোৱাৰ কথা ভাবিলোঁ । লাল কিল্লাত প্রায় আধা ঘন্টা মান সময় ঘূৰিলোঁ । তাৰ পিছত 'jamma masjid' চাব গলো । তেতিয়াই jaama masjid ৰ গলিয়ে গলিয়ে থকা 'चोर बाज़ार'ৰ माहौल তো লক্ষ্য কৰিলো ।( चोर बाजार जामा मस्जिद की गलियों से फैला हुआ है, जो छायादार निक्स और दारागंज के नाटक तक पहुंच गया है। यह सूरज उगने से पहले भी हर रविवार को सड़क के किनारे स्टालों और थल पर है। भीड़ के सबसे अराजकता में कीमतों में सबसे सस्ता कीमत पर खरीदने के लिए बहुत कुछ है। इस दुनिया के सड़क बाजार में आप जो भी चीजें बना सकते हैं, उस पर नज़र डालें। यहां पर आप जूते, जिम उपकरण, खेल उपकरण, घड़ियों, टोपी और क्या नहीं से सबकुछ प्राप्त करेंगे।) जम्मा मस्जिद বাহিৰৰ পৰাই চালোঁ । ভোক লাগি আহিছিল । কিবা কিবি এটা খাই ট্ৰেইন আছে আছে কাৰণে সময়মতে ঘূৰি আহিলোঁ । কিন্তু new দিল্লীৰ পৰা আৰ্মীৰ কিবা এটা পাৰ্চেল আনিব গৈ লগৰ দুজনমান সময়ত আহি নোপোৱাত পিছৰ ট্ৰেইন খনত যাব লগাত পৰিল । 4.10 ত ট্ৰেইন আছে meerut kant লৈ । 
     অৱশেষত ট্ৰেইন চলিব ললে । ট্ৰেইনত ঠেলা হেঁচা,হুলস্থুল বাঢ়ি গৈ থাকিল । ট্ৰেইন meerut cannt ত মাত্ৰ 1 min সময় ৰখাই আৰু meerut city ত 2 min । আমি meerut city ত নমাৰ সিদ্ধান্ত ললোঁ । meerut city পোৱাত খৰ ধৰ , ঠেলা হেঁচাৰে বস্তুবোৰ নমালো। আমাক নিবৰ বাবে army bus আহি ৰৈ আছিল । আমি bus ত উঠি meerut cantt ৰ অভিমুখে ৰাওনা হলো । লাহে লাহে বেলি লহিয়াইছিল । আমি বহি:জগতক 15 দিনৰ বাবে বিদায় জনালোঁ ।কিছুসময়ৰ পিছত আমি  প্ৰৱেশ কৰিছিলোঁ RVC CENTRE & COLLEGE ত । 

  গা ধুবলৈ উৎপাত

  সন্ধিয়া প্রায় 6 মান বজাত আমি RVC CENTRE & COLLEGE পালোহি । CAMPUS টোৰ পৰিষ্কাৰ পৰিচন্নতা দেখি অভিভূত হলো । আমাক চৱকে এটা ডাঙৰ হলত একেলগে ৰাখিলে । তিনিদিন ধৰি ট্ৰেইনত কোনেও গা ধোৱা নাছিল । গতিকে আহি পায়েই চবৰে গা ধুবৰ উৎপাত লাগিল । কিন্তু পিছত গম পালোঁ গা ধুবলৈও বহুত দূৰ যাব লাগে । চবেই গা -পা ধুই dinner কৰিব গলো । dinner কৰোঁতে আমাৰ 8 মানেই বাজিছিল । নিয়মমতে 7 ত কৰিব লাগিছিল । so, mess incharge এ আমাক সকীয়াই দিছিল । dinner কৰি আহি ncc dress press, shoes ,belt polish কৰি অলপ আড্ডা দি বিচনাত বাগৰ দিলোঁ । 
   

Comments