তোমাৰ সন্ধানত
তোমাৰ সন্ধান আছে মোৰ
কত যে বিচৰা নাই তোমাক ,
হাবাথুৰি খাইছোঁ মই
মাথোঁ তোমাৰেই সন্ধানত ;
কিন্তু; কেতিয়াবা এনে লাগে, ক'ৰবাৰ পৰা তুমি
মোকেই যেন হাত বাউলি মাতি আছা ;
বিবৰ্ণ নিশাৰ নিৰ্জনতাটো
কেতিয়াবা শুনা পাওঁ তোমাৰ গুণগুণনি
পলকতে এনে লাগে যেন,
তুমি মোৰ নিচেই ওচৰত, নিচেই কাষত ।
কিন্তু; কিয় মোৰ মন মগজুত
তুমি এবাৰো ল'ব নিবিচাৰা স্থান ,কিয়?
ক'ত যে বিচৰা নাই তোমাক ,
ইমান অভিমান তোমাৰ !
সৌ দিগন্তৰ পাহাৰখনৰ দাঁতিত ,
পাহাৰৰ বুকুয়েদি বৈ অহা নিজৰাৰ কোমল শব্দত,
অভিমানী নৈখনিৰ স্থিৰ সোঁতত,
ৰিৱ ৰিৱ এছাতি চেঁচা সমীৰৰ পৰশত,
বহাগীৰ বতৰা লৈ অনা কুলিৰ সুৱদি গীতত,
ডালভৰি ফুলি ৰোৱা তেজৰঙা শীমলুৰ আভাত,
এজাক বৰষুণৰ অভাৱত ককবকাই থকা
ধৰণীৰ নানান অভিযোগত,
লাহতীৰ তাঁত শালত আধা বোৱাকৈ পৰি ৰোৱা
সপোনবোৰৰ মাজত,
চোৱাচোন ; ক'ত যে বিচৰা নাই মই,
এই যান্ত্ৰিক জীৱনৰ ব্যস্ততাৰ মাজতো,
কপৌ ফুলাৰ গভীৰ অপেক্ষাত,
ঢুলীয়াই ঢোলত মৰা চাপৰটোৰ অপেক্ষাত,
মনৰ তাইজনীৰ লগত এপাক নচাৰ হেপাঁহত,
প্রিয়জনক হাতে-বোৱা বিহুৱানখন দিবলৈ
লাহতীয়ে তাঁত শালত মৰা মাকোৰ শব্দত,
পশ্চিম আকাশত সজল মেঘৰ ৰাগিৰ অপেক্ষাত,
নঙঠা ডালত কুঁহিপাতৰ হেঙুল ৰহণৰ অপেক্ষাত,
ক'ত যে বিচৰা নাই মই,
ক'ত যে বিচৰা নাই ;
কি জানা ?
এইবাৰ বহাগীৰো আছে
কেৱল তোমাৰেই সন্ধান,
তোমাৰেই অপেক্ষা ;
বহাগীৰ মন শেঁতা পৰিব দিবা নেকি?
তেন্তে, কোনে জীপাল কৰিব বহাগীৰ মন
তোমাৰ অনুপস্থিতিত !
মাথোঁ এবাৰ ঠাই লোৱা,
এবাৰ ভুমুকি মাৰা,
মোৰ মন মগজুত ...
তুমিয়েই মোৰ চিৰসৃষ্টি 'কাহিনী' হৈ ৰোৱা
উৎস হৈ ৰোৱা
এইবাৰ ৰঙালীৰ ।।
Comments
Post a Comment