স্বপ্নৰ ঠিকনা বিচাৰি
পিছফালৰ পৰা ভাহি আহিল কাৰোবাৰ চিঞৰ । ঘূৰি চাই দেখোঁ মোৰফালে দৌৰি আহি আছিল সি । তাৰ মুখমণ্ডলত মই লক্ষ্য কৰিছিলোঁ এমুকুৰা হাঁহি আৰু দুচকুত অলেখ আশা । মাথোঁ সি মোৰদিশে আগুৱাই আহি আছিল । হাতৰ ঠাৰেৰে মোক এখন্তেক ৰ'বলৈ নিৰ্দেশ দিছিল সি । আৰু এটা সময়ত সি মোৰ ওচৰত থিয় দিলেহি । মই লক্ষ্য কৰিলো; মলিয়ন,ফটা-ছিটা কাপোৰ পিন্ধা এটা নিস্তেজ সৰু ল'ৰা । মই তাৰ পৰিচয় বিচাৰিছিলোঁ আৰু জানিব খুজিছিলোঁ সি মোক মতাৰ কাৰণ । কিন্তু ; সি একো কোৱা নাছিল , একো কবলৈ ইচ্ছুক নাছিল সি । মাথোঁ এটা কোমল হাঁহি বিৰিঙি ৰৈছিল তাৰ মুখমণ্ডলত। এনে লাগিছিল বহু বসন্তৰ অন্তত সি কিবা এটাৰ সন্ধান পাইছিল , যিয়ে নেকি আজি তাক মনৰ পৰা এটা হাঁহিৰ প্ৰকাশৰ ইন্ধন যোগাইছিল ।
এনেতে মোৰ এলাৰ্ম ঘড়ীটো বাজি উঠিল। ময়ো সপোন নগৰীৰ পৰা বাস্তৱলৈ উভতি আহিলোঁ । কিন্তু ,মই সদায় মাত্ৰ এখন জগতৰ সন্ধানত থাকোঁ । মাথোঁ এখন জগত । বিভিন্নতা মোক নালাগে । জীয়াব খোজো মাথোঁ এক সত্যতাক লৈ । পুৱা ৫.৩০ বাজিছিল তেতিয়া । ইতিমধ্যে, শাৰ পাইছিল প্ৰকৃতিৰ প্ৰতিটো অংশীদাৰ আৰু আৰম্ভ হৈছিল দৈনন্দিন জীৱন পৰিক্ৰমা । শুনিবলৈ পাইছিলোঁ সুৱদি পখীৰ কাকলি । বৰ্তমান সিহঁত জাগ্ৰত আৰু মগ্ন নিজ কৰ্মত । ৰুমৰ খিৰিকীখন খুলি দিলো। লগে লগে এছাতি চেঁচা সমীৰে চুই গ'ল মোক । তেনেতে পাৰ' চৰাই এহাল কৰ'বাৰ পৰা উৰা মাৰি আহি খিৰিকীৰ দাঁতিতে বহিলহি আৰু মোলৈ বুলি ৰুণ দিলে। এনে লাগিল সিহঁতে মোক পুৱাৰ সম্ভাসনহে জনাব বিচাৰিছিল। কিয় বাৰু বিচিত্ৰ এই জগতখন । "মন..অ' মন ... । শাৰ পালিনে তই । আজি তোৰ যে 'interview' আছে পাহৰিলি নেকি ?" ভাবত বুৰ গৈ থাকোঁতে আধাঘণ্টা সময় কেনেকৈনো পাৰহৈ গল গমকেই নাপালোঁ । 'মা'ৰ মাতত হে মোৰ সম্বিত ঘূৰি আহিল । "অ' মা ..মই শাৰ পালোঁ ,"মাক উদ্দেশ্যি ক'লো মই ।
মোৰ গাঁওখনৰ নাম 'ৰূপহী' । সঁচাই ৰূপৰ তুলনা নাই । গছগছনিৰে ভৰা , শইচ সোণোৱালী আৰু আটাইতকৈ আচল কথাটো আছিল ইয়াত বাস কৰা প্ৰতিজন মানুহৰ মনৰ সৈন্দৰ্যতা । কিন্তু , বৰ্তমান কিছু ম্লান পৰি ৰৈছে সেই সৈন্দৰ্যতা । সময়ৰ পৰিবৰ্তনৰ বাবেই নিশ্চয় । গাঁওৰ এটা সৰু ঘৰত আমি বাস কৰোঁ । সদস্য বৰ্তমান আমি দুজনেই , মই আৰু মা । আগৰ দৰে নাই আৰু এতিয়া । নাই সেই আত্মীয়বোৰ । সময়ৰ গতিত সলনি হ'ল মানুহৰ মনোবৃত্তিৰ আৰু এটাসময়ত পৃথক হৈ পৰিল এজনে আনজনৰ পৰা । এতিয়া চাৰিওফাল তেনেই সেৰেঙা । আৰু এটাসময়ত জীয়াই থকাৰ হাবিয়াস যাচে সেই 'সপোন'বোৰে ।
এতিয়াতো পূৰণ কৰিবই লাগিব সপোনবোৰ । সপোন চবেই দেখে । মই দেখোঁ মোৰ জীৱনকলৈ আৰু মায়ে দেখে মোক লৈ ।
আৰু আজি মোৰ তেনে এটা সপোন পূৰ হবলৈ গৈ আছে । সৰুৰে পৰাই জীয়াই ৰাখিছিলোঁ তাক । এজন সফল 'সাংবাদিক' হোৱাৰ সপোন । অলপ সময়ৰ পিছতেই ৰাওনা হব লাগিব মোৰ সপোনৰ অভিমুখে । সাংবাদিক হিচাপে নিযুক্তি পাবৰ বাবে এটা 'interview' আছে । ৰাতিপুৱাৰ অহাৰ গ্ৰহণ কৰি 'মা'ৰ আশীৰ্বাদটি মূৰত লৈ মই ততাতৈয়াকৈ ট্ৰেইন ষ্টেচনটিৰ অভিমুখে গতি কৰিলোঁ । ট্ৰেইন আহি পাবৰে হৈছিল ।
পুৱা প্ৰায় ৭ মানেই বাজিল । গুৱাহাটী অভিমূখে যোৱা পেছেঞ্জাৰ ট্ৰেইনখনো ষ্টেচনটো পাবৰে সময় হ'লহি । লাহে লাহে মানুহৰ ভীৰো বাঢ়ি আহিল আৰু অবিৰত থাকিল ষ্টেচনৰ দৈনিক কোলাহলবোৰ । ইতিমধ্যে ট্ৰেইনখনো আহি ষ্টেচনটো পালেহি । দৌৰা দৌৰি, ঠেলা হেঁচাৰে মানুহবোৰ ট্ৰেইনত উঠিব ল'লে । মইও কোনোমতে ট্ৰেইনখনত উঠি খিৰিকিৰ কাষৰে এটা ছিটত বহিলো । সময়খিনি অতিবাহিত কৰিবৰ বাবে বেগৰ পৰা কিতাপ এখনকে উলিয়াই লৈছিলোঁ । মোৰ এতিয়াও মনত আছে ,মোৰ জন্ম দিনৰ দিনা দেউতাই দিয়া উপহাৰটিৰ কথা । সেয়া আছিল কিতাপৰ এটি টোপোলা । আৰু তেনেকৈয়ে কিতাপ পঢ়াৰ অগ্ৰহটো মোৰ গঢ় লৈ উঠিছিল । আৰু এখন হলেও কিতাপ মোৰ বেগটোত থাকেই ।আৰু এনেকৈয়ে এদিন এজন সফল সাংবাদিকৰ জীৱন কাহিনী পঢ়িবলৈ পাইছিলোঁ আৰু মোৰো তেতিয়াৰ পৰা ই এটা সপোনলৈ পৰিৱৰ্তিত হৈছিল আৰু সৰুতে যেতিয়া দেউতাৰ মুখেৰে দেশৰ বিভিন্ন জলন্ত সমস্যাৰ কথা শুনিবলৈ পাইছিলো আৰু সেইবোৰৰ সমাধানৰ বাবে বছৰ বছৰ ধৰিও চৰকাৰে কোনো ব্যৱস্থা নোলোৱাৰ কথা শুনিছিলো ; তেতিয়াৰ পৰাই মই জনগণৰ হৈ মাত মতাৰ লক্ষ্য মনতে বান্ধি লৈছিলো । আৰু এনে এখন বাতৰিকাকত প্ৰকাশৰ সপোন দেখিছিলো যিয়ে নিস্বাৰ্থভাৱে দুখীয়াৰ হকে ,দেশৰ শোষিত -নিপীড়িত শ্ৰেণীৰ হৈ এপাত অস্ত্ৰ হিচাপে কাম কৰিব পাৰে । যিয়ে জাতীয়তাবাদৰ উত্তৰণ ঘটাব পাৰে । এই লক্ষ্য আগত ৰাখিয়েই আৰম্ভ হয় মোৰ প্ৰত্যেক দিনাৰ যাত্ৰা । লক্ষ্যৰ সন্ধানত কৰা এই যাত্ৰাৰ শেষ বা ক'ত মই নাজানো । কিন্তু; এদিন যে সফলতা আহিব , তাত মই নিশ্চিত ।মোৰ মনত এনে এক ভাৱৰ জোৱাৰ অবিৰাম সৃষ্টি হৈছিল ।এনেতে ট্ৰেইনৰ দ্ৰুতি মন্হৰ হৈ আহিল । মনৰ ভাৱবোৰৰ পৰা কিছু সময় মই ওলাই আহিলো । লাহে লাহে ট্ৰেইনখন আগৰ ষ্টেচনটোত ৰ'লহি । পুণৰ মানুহৰ ঠেলা- হেঁচাৰ সৃষ্টি হ'ল । তেনেতে ফটা-ছিটা কাপোৰ পিন্ধা, নিস্তেজ সৰু ল'ৰা এটাই হাতত কেইখনমান বাতৰিকাকত লৈ ট্ৰেইনৰ এটা দবাৰ পৰা আনটো দবালৈ অহা যোৱা কৰি থকা দেখা গ'ল। 'Paper ले लो, Paper , आजका ताजा खबर ...।' কিন্তু ,কোনেও তালৈ মন দিয়া দেখা নগল । সকলো মানুহ কেৱল নিজৰ মাজতেই ব্যস্ত ।মই ছিটৰ পৰা উঠি গৈ লৰাটোৰ পৰা এখন বাতৰিকাকত কিনিলো ।ল'ৰাটোৰ মূখত সন্তুষ্টিৰ হাঁহি এটা বিৰিঙি উঠিল । মই ল'ৰাটোক তাৰ ঘৰ ক'ত সুধিলো । সি উত্তৰত ইয়াৰ আগৰ ষ্টেচনটোৰ কাষতে থকা এটা 'বস্তি'ত বুলি ক'লে । এইবুলি কৈ সি গুচি গ'ল । মই আকৌ নিজৰ ছিটত বহি পৰিলো ।এজাক চেঁচা বতাহে মোক চুই গ'ল । পুণৰ ভাৱত বিহ্বল হৈ পৰিলো মই । বাতৰিকাকত খন মেলি চাইও সেই একেসোপা খবৰকেই দেখা পালো । সেই দুখীয়া মানুহখিনিৰ হৈ লিখা এজনো নোলাল । আছে যদিও মাত্ৰ দুই এখন ফটোগ্ৰাফ কাকতখনৰ এচুকত দেখা পোৱা যায় । সদায় এনেকৈ থাকিলেতো নহ'ব । এই লোকসকলৰ হৈ মাত মাতিবই লাগিব । সেই সময় আহি পৰিছে । মই কল্পনা কৰিব ল'লো সেই বাতৰিকাকত বেছি ফূৰা ল'ৰাটোৰ জীৱন যে কিমান সংঘৰ্ষ পূৰ্ণ । সেই বস্তি এলেকাৰ মানুহখিনিৰ জীৱন কেনে দুখদায়ক । এটা দিনৰ আৰম্ভণিৰ লগে লগে সিহঁত কিদৰে সাজু হ'ব লাগে সংঘৰ্ষৰ বাবে । সিহঁতে আচলতে কিয় বঞ্চিত হৈ থাকিবলগীয়া হৈছে প্ৰয়োজনীয় খিনিৰ পৰা । এনেকুৱা হেজাৰ প্ৰশ্নই মোৰ মনটো তোলপাৰ লগাব ল'লে । মই বস্তিৰ মানুহখিনিৰ দূখবোৰ জানিব খোজো । বিচাৰি উলিয়াব খোজো সেই জাবৰৰ দ'মৰ মাজত লুকাই থকা কাহিনীবোৰ । লিখিব খোজো অৱহেলিত ভাবে পৰি ৰোৱা অনাথ শিশুৰ আৰ্তনাদ । মই আৰু ধৈৰ্য্য ধৰিব নোৱাৰো । চাই থাকিব নোৱাৰো একেখন পৃথিৱীতে আন এখন ওলোটা ছবি ।এনেতে মোৰ চকুৰ আগত ভাহি আহিল যোৱা ৰাতিৰ সপোনটোৰ সেই ল'ৰাটোৰ মুখখন । মোৰ আৰু বুজিবলৈ বাকী নাথাকিল সপোনটোৰ বাস্তৱিকতা । মোৰ কৰ্ণপতহত আহি পৰিল সেই কান্দোনৰ ৰোল, মাজে মাজে হাঁহিৰ খোৰাক । এয়াই সপোন আৰু বাস্তৱ এক হোৱাৰ আগজাননী নহয়টো! মই যাবই লাগিব সেই মানুহখিনিৰ মাজলৈ আৰু প্ৰকাশ কৰিব লাগিব সিহঁতৰ প্ৰতিটো সমস্যা ।
পিছৰ ষ্টেচনটো আহি পোৱাত ট্ৰেইনৰ গতি পুণৰ মন্থৰ হৈ পৰিল । মই ট্ৰেইনৰ পৰা নামিলো আৰু সেই বস্তিটোৰ অভিমূখে গতি কৰিলো, স্বপ্নৰ সন্ধান বিচাৰি ...।।
@ মনোজ
Comments
Post a Comment