সন্ধিয়াৰ সুৰ
সন্ধ্যা নামি আহিছে,
দিনটোৰ এই বিদায় বেলিকাত;
অস্তমিত সূৰ্য্যৰ হেঙুল আভাই
কঢ়িয়াই ফুৰিছে সন্ধ্যাৰেই বতৰা ।
গছে-বনে, আকাশে-বতাহে, চৌদিশে..
গন্তব্যলৈ ডেউকা মেলি দিছে এজাক বিহগে,
দলনিখনৰ পৰাও উৰা মাৰিছে
এটা বগলীৰ জাক ।
পথাৰৰ গৰুজাকৰ অস্থিৰতাই কৈছে,
সিহঁতৰ ঘৰমুৱা হোৱাৰ ইচ্ছা ।
মাকক বিচাৰি চেকুৰিছে
এটি চঞ্চল দামুৰি ।
বিহু এফাকিকে গুণ-গুণাই
গৰখীয়া বন্ধু আগবাঢ়িছে পথাৰখনলৈ ।
চোৱা! ওখ শিমলুজোপাৰ ডালত
সেই বৰটোকোলা কেইটাৰ গাম্ভীৰ্য ।
সমীৰৰ পৰশত নাচি উঠিছে
লঠঙা ডালে আদৰি লোৱা কুঁহিপাতবোৰ ।
মন্দিৰৰ ডবা-কাহৰ ধ্বনিত
মুখৰিত হৈ পৰিছে আকাশ-বতাহ ।
হয়, এয়া সন্ধ্যা নামিছে !
কিন্তু, কি এয়া !
ক'ৰ পৰা ভাহি আহিছে এই
উন্মনা সুৰৰ মায়াজাল !
অস্থিৰতাৰ কম্পনত?
নে উন্মুক্ত এছাতি চেঁচা সমীৰৰ পৰশত ।
মনৰ দুৱাৰদলিত ভুমুকি মৰা
সেই অনুভূতিবোৰেই দেখোন আজি
বগুৱাবাই ফুৰিছে এটি সন্ধিয়াৰ সুৰত !
এই সন্ধিয়াৰ জীপাল সুৰত ।
এয়া, সন্ধ্যা নামি আহিছে
আৰু মুহূৰ্ততে একাকাৰ হৈ যাব,
নিশাৰ ঘন অন্ধকাৰত;
লগতে বিলীন হৈ যাব ,
মোৰ সন্ধিয়াৰ সুৰ ..।।
~ মনোজ
Comments
Post a Comment