Lockdown
~ আজি আমি দেশৰ নাগৰিক হিচাপে lockdown ৰ ছয়টা দিন অতিবাহিত কৰিলোঁ আৰু বাকী ৰৈ যোৱা দিনবোৰটো নিজকে ঘৰৰ চাৰিবেৰৰ মাজত কটোৱাৰ বাবে প্ৰস্তুত কৰি ল'ব লাগিব ।
~ আমি যুৱ প্ৰজন্ম দেশৰ ভবিষ্যত । গতিকে দেশৰ এই বিপর্যয়ৰ সময়ত সঠিক চিন্তাধাৰাৰে আগবঢ়া উচিত ।
~ বিশ্বজুৰি এই Corona virus এ যি আতংকৰ সৃষ্টি কৰিছে ,তাক প্ৰতিৰোধ কৰিবলৈ,বেমাৰটো যাতে আৰু অধিক বিয়পিব নোৱাৰে, তাৰ কাৰণে সকলোৱে এজনে আনজনৰ পৰা নূন্যতম দূৰত্ব বজাই ৰাখক আৰু পৰিষ্কাৰ পৰিচন্ন হওক ।
~ এই বেমাৰত লৈ Mobile বা whatsapp আদিৰ যোগেদি প্ৰচাৰ হোৱা উৰা বাতৰিৰ পৰা সাৱধান হওক ।
~ এই বেমাৰৰ সুবিধা লৈ গাঁৱে ভূঁইয়ে সৃষ্টি হব পৰা বেজ জ্ঞানী আদিৰ কৱলৰ পৰা নিজকে আঁতৰাই ৰাখক ।
~ এই কেইদিন বিয়া-বাৰু, সকাম আদি উৎসৱ-পাৰ্বন নপতাই ভাল হব নেকি, নহলে চিৰদিনৰ বাবে বিয়া খোৱাৰ হেঁপাহ নাইকিয়া হব পাৰে ।
~গতিকে, নিজৰ আপোন তথা গোটেই বিশ্ববাসীৰ কথা চিন্তা কৰি যি যি চৰকাৰী নিষেধাজ্ঞা আছে তাক মানি চলি এই lockdown প্ৰক্ৰিয়াটো সম্পূৰ্ণ ৰূপে সমৰ্থন কৰি গোটেই বিশ্বক এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰক ।
Comments
Post a Comment