QUARANTINE/@fight_against_corona

      দিনৰ দিনটো ঘৰৰ ভিতৰতে পাৰ কৰাৰ পিছত সন্ধিয়াৰ বতাহ এছাটিকে লওঁ বুলি পদূলিলৈকে ওলাই আহিলোঁ । নিস্তব্ধতা আজি চৌদিশে বিৰাজমান । হঠাতে কি হ'ব লৈছে এইবোৰ ! ক'ত হেৰাই গ'ল সেই দৈনন্দিন কোলাহলবোৰ । এনেকুৱা এক পৰিস্থিতিৰ কথা জানো কোনোবাই কেতিয়াবা ভাবিছিল। ভাবিছিল নে যে এনেকুৱা ব্যস্ততাপূৰ্ণ মানুহৰ জীৱন এদিন হঠাতেই সলনি হ'ব। ভাবিছিল নে যে মানুহ এদিন ঘৰৰ ভিতৰতেই আবদ্ধ হৈ থাকিব লাগিব । হঠাৎ এই পৰিবৰ্তন, এনে পৰিস্থিতিয়ে, মানুহৰ জীৱনলৈ যে কঠিনতা নমাই আনিছে, সেইটো সঁচা । বিবুদ্ধিত পৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে চৌদিশে । কি কৰোঁ! কি নকৰোঁ! এনে এক অৱস্হা । আনহাতে, আজি নাই কোনো যান-বাহনৰ শব্দ। নাই সেই দৈনন্দিন হাই-উৰুমি; নাই কোনো দোকান বজাৰত মানুহৰ ভিৰ । শান্ত, নিস্তব্ধ আলিবাট বোৰেদি যেন আজি নিঃসন্দেহে প্ৰবাহিত হৈ ৰৈছে সেই শুকান গৰম বতাহ । আৰু এনে লাগিছে, প্ৰকৃতিয়ে বহু বসন্তৰ অন্তত আজি এটা দীঘলীয়া উশাহ ল'বৰ সকাহ পাইছে । এফালে যদি বিৰাজমান অশান্তিৰ, আনফালে শান্তি । 
        এনেতে ঘৰৰ ভিতৰৰ পৰা 'মা'য়ে মতা যেন লাগিল । ভিতৰলৈ গৈ দেখোঁ মা টি.ভি ৰ সন্মুখত বহি আছিল আৰু এটা শব্দক লৈ চিন্তিত হৈ পৰিছিল । 'Quarantine' মানেনো কি অ',মায়ে মোক সুধিলে । 'বেমাৰৰ সংক্ৰমণ ৰোধ কৰিবলৈ মানুহ বা জীৱ জন্তুক জনসাধাৰণৰ সংসৰ্গৰ পৰা বাধ্যতামূলকভাবে আঁতৰাই ৰখা ব্যৱস্থা বা তেনে সময়ছোৱা । বিশ্বজুৰি এই Corona virus এ যি আতংকৰ সৃষ্টি কৰিছে তাক প্ৰতিৰোধ কৰিবলৈ; বেমাৰটো যাতে আৰু অধিক বিয়পিব নোৱাৰে ; তাৰ কাৰণে মানুহক এজনে আনজনৰ পৰা নূন্যতম দূৰত্ব বজাই ৰাখিবলৈ দিয়া হৈছে আৰু পৰাপক্ষত ঘৰৰ ভিতৰৰ পৰা ওলাব মানা কৰিছে । আৰু অলপতে শুনিছোঁ , চৰকাৰে গোটেই দেশত ২১ দিনৰ বাবে Lockdown ও ঘোষণা কৰিছে । তাৰমানে ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই যোৱা নিষেধ । সেইয়া, বাতৰিতটো দেখা পাইছাই, কোনো কোনোৱে ঘৰৰ বাহিৰত ওলোৱাৰ বাবে পুলিচৰ লাঠীৰ কোবো খাবলগাত পৰিছে', মই ক'লো । 
       আৰু এতিয়া তাকেহে ভাবিছোঁ, এই ২১ টা দিন ঘৰৰ ভিতৰতে কেনেকৈ অতিবাহিত কৰো । এনেই হ'লে বহুত কাম থাকে । কিন্তু এতিয়া নিজকে এনে লাগিছে, এটা মস্ত বেকাৰ । কৰিম যদিও নো কি কৰোঁ ! এইবাৰ মায়ে কৈ উঠিল,' চাছোন কোনে কৰিছে এইবোৰ !' দেখোঁ মোবাইলত লাখ লাখ মেচেজ । 'এহ, এওঁ যদি ডক্টৰ; তেওঁ আকৌ তাতকৈও ওপৰত ,'মায়ে ক'লে ।'কি হৈছে মা এইবোৰ! এই উৰাবাতৰিবোৰ ক'ৰ পৰানো পাই মানুহে! ইমান শিক্ষানে ?,'মই সুধিলোঁ । 'মেডিকেল কলেজ নহয় অ' বুইছ । হয় এইখন WhatsApp University । ইয়াত হয় দুনীয়াৰ হাজাৰ হাজাৰ কথাৰ লটিঘটি । নানান ভুৱা বাতৰিৰ খেলা । জনাসকলে ভালদৰে নিয়মবোৰ পালন কৰে ; ঘৰৰ ভিতৰতে থাকে আৰু আন সকলে নিজৰ মতেই কাম কৰিব বিচাৰে ,নিজৰ মাজতেই বনাই লয় বেজ-জ্ঞানী, ডক্টৰ ইত্যাদি । চবেই দেখোন একো একোজন অৰ্থনীতিবিদ ,চিন্তাবিদ । আৰে,যদি মানুহেই শেষ হৈ যায় ,এই অৰ্থনীতিয়ে কি কৰিব! যিসময়ত ঘৰৰ বাহিৰলৈকে যোৱাটোও নিষেধ, সেইসময়ত কোনোবাই labour বোৰনো কেনেকৈ চলিব, সেইটো দেখাবৰ কাৰণে বাহিৰত ঘূৰি ফুৰিছে । সিহঁত কেনেকৈ চলিব ,তাৰবাবে ভাবিবলৈ ৰজাঘৰীয়া আছেতো । তোমাৰ যদি কেনেবাকৈ বেমাৰটো হয় ,তাৰফলত আন কিমানজনৰ হ'ব পাৰে; সেইটো চাগে নিশ্চয় জানা ! কিন্তু, কি হৈছে ! এই primitive measure বোৰ মানিবলৈ যেতিয়া আমাক চৰকাৰী পক্ষই কয়; তাৰ বিপৰীতে দেখোন সৃষ্টি হয় এখন মহানাটক । গাঁওত আকৌ সৃষ্টি হয় নানান বেজ-জ্ঞানীৰ, নানান সজাগতা সভা । কোনোবাই কয় ঘৰৰ আগফালে জ্বলাব লাগে চাকি আৰু আন কোনোবাই আকৌ দিহা দিয়ে একেলগে গাব লাগে 'Go Corona Go' । Corona এইটো, Corona সেইটো । এনে হৈছে যেন ,ই এটা বেমাৰ নহয়; কিবা এক উখল-মাখল পৰিবেশ হে । কিবা যেন এক নোপোৱাৰ হাবিয়াস । এতিয়া কথা হ'ল যে , এই বীজাণু ক'ৰ পৰা আহে ; কেনেকৈ আহে, এই বিষয়ে মই একো ক'বলৈ যোৱা নাই । কিন্তু, ই যদি আপোনাৰ হৃদয় আৰু মগজুক বশ কৰে, তেন্তে বহুত সমস্যাৰ সৃষ্টি হ'ব; আৰু সেয়া হ'ব পাৰে আমি ব্যৱহাৰ কৰা Whatsapp বা mobile ৰে নানান ভুৱা বাতৰিৰ দ্বাৰা । গতিকে প্ৰথমে এইবোৰৰ পৰা সাৱধান হওঁক আৰু নিজে পৰিষ্কাৰ পৰিচন্ন হৈ থাকক । 
        বাৰু , এতিয়া আহো আচল কথালৈ । আমি এই বন্ধৰ সময়ছোৱাত কি creative কৰিব পাৰো । হয়, ঠিকেই ভাবিছে । আমি কিতাপৰ জগত খনতো এবাৰ ভুমুকি মাৰিব পাৰো । বিলীন হৈ পৰিব পাৰো জঙ্কি-পানেৰ প্ৰেম কাহিনীৰ মাজত নতুবা সমীৰৰ আঁতধৰি উৰা মাৰিব পাৰো পাটকাইৰ সিটো পাৰলৈ । জানিব পাৰো সেই লতকণৰ চতুৰতাৰ কাহিনী নাইবা 'জুলু'ৰ সাহসিকতাৰ কাহিনী । জানিব পাৰো 'শিৱ'ৰ সন্ধানত বিমুগ্ধ হৈ থকা সেইগৰাকী নাৰীৰ কাহিনী নাইবা পিজৌ গাভৰুৰ ত্যাগৰ কাহিনী ! আজি আমি যান্ত্ৰীকতাৰ পৃথিৱীখনৰ পৰা বহু দূৰত । কিয় আমি লিপিবদ্ধ কৰি যাব নোৱাৰোঁনে এই ২১ টা দিনৰ বাবে একো একোখন পৃষ্ঠা । নিজৰ পৰিয়ালৰ সৈতে মধুৰ সময় কটাওক; কথা পাতক আপোনজনৰ সৈতে । ব্যস্ততাপূৰ্ণ জীৱনত সময়ৰ অভাৱত কৰিম বুলিও কৰিব নোৱাৰা ভাল লগা বহু কাম এতিয়া কৰিবলৈ উলিয়াই লওক । পুৰণি এলবাম বোৰৰ মাজত খুচৰি উলিয়াওক শৈশৱৰ মধুৰ দিনবোৰ । সেয়ে প্ৰশাসনৰ নীতি নিয়ম মানি নিজেও ঘৰত থাকক আৰু আন দহ জনৰ প্ৰাণ ৰক্ষা কৰক । সদায় সতৰ্ক আৰু সজাগ থাকক । এই সঁহাৰি আৰু সজাগতাই আনিব দেশৰ পৰিৱৰ্তন আৰু গঠন কৰিব দেশৰ ভবিষ্যত । 
    #stay at home ,stay safe
    #fight_against_corona


~মনোজ 
         

Comments